হতাশা
জ্যোতিমা চৌধুৰী
মিৰ্জা, গোপালপুৰ
কেতিয়াবা অনুভৱ কৰো
সপোনবোৰ যে সপোন হৈয়ে ৰ’ল ,
বাস্তৱলৈ ৰূপান্তৰিত হবলৈ যেনিবা কেতিয়াও সুযোগ নাপালে,
নে সুযোগ পাইয়ো মইয়ে সুযোগবোৰ হেৰালো নাজানো।
কেতিয়া ফুলপাহ আকৌ ফুলিব,
কেতিয়া বসন্ত আকৌ আহিব,
তাৰ কোনো ঠিকনা নাই।
মোৰ মানুহ বেয়া লাগে,
নে মানুহে মোক বেয়া পাই,
নে দুয়ো পক্ষেই কথাষাৰ সঁচা ,
মই ধৰিব পৰা নাই।
মনত বহু হেঁপাহ আছিল, বহুত সাহস আছিল।
সেই সাহসখিনি কেতিয়া মনৰ ভিতৰৰ কোঠালিত বন্ধ হৈ ৰ’ল,
মই নাজানো।
ক’ত কি ভুল হৈ গ’ল
সেয়াও মই নাজানো।
পৰিস্থিতিৰ লগত মোকাবিলা কৰিব নোৱাৰিলো,
নে মই নিজৰ স্থিতিৰ লগত
নিজে মোকাবিলা কৰিব
নোৱাৰিলো,
মই বুজা নাই।
ৰাতিৰ আন্ধাৰত নিজৰ ছাঁও হেনো গুচি যায়।
বৰ অকলশৰীয়া,বৰ নীৰৱ হৈ ৰ’লো মই।
জীৱনৰ বাটৰ
কোনটি বাট লওঁ,
কোনটি এৰো,
একোকে ধৰিব পৰা নাই।
আগৰ দৰে
মনটোত মোৰ আগ্ৰহ নাই,
সেই মনৰ ফুৰ্তিও নাই।
আছে মাথো
বুজাব নোৱাৰা
এক অকথ্য ভাগৰ,
যি ভাগৰৰ নাই কোনো বিশ্ৰাম,
আছে মাথো চিন্তা আৰু চিন্তা।
