ভুল মোৰেই – মেৰী বৰদলৈ

Pc Pexels

ভুল মোৰেই

মেৰী বৰদলৈ,নগাঁও,ফুলগুৰি

সুখেদুখে একেলগে
থাকিম বুলিকৈ
আধাতেই
মোক এৰি গলি

জানো ভুল মোৰেই
বুলি৷

তই ভালেই কৰিলি অ’
মোক পাহৰি
মোৰ লগত থাকি
পাবিনো কি
এতিয়াটো তই মোক
ঘৃণা কৰ

জানো ভুল মোৰেই
বুলি৷

তই জাননে
মোৰ প্ৰেম
মোৰ ভালপোৱাবোৰ যে
তোৰ বাবেই
বৈছিল অহৰ্নিশে

জানো ভুল মোৰেই
বুলি৷

তই জাননে
এতিয়া মোৰ
চহৰত কেৱল
কেঁচা কেঁচা তেজৰ সুবাস
বিয়পি পৰিছে
চাৰিওপিনে অন্ধকাৰ

জানো ভুল মোৰেই
বুলি!