৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন

Pc India Today

৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও লোকসভাৰ উপ-নির্বাচনক লৈ চলি থকা ৰাজনৈতিক তৎপৰতাৰ মাজতে নির্বাচন আয়োগে সমষ্টিটোৰ উপ-নির্বাচনৰ দিন ঘোষণা কৰিলে। অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’ব নগাঁও লোকসভাৰ উপ-নির্বাচন। আনহাতে, ৯ অক্টোবৰত হ’ব ভোটগণনা। সমষ্টিটোৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হ’ল ১৬ ছেপ্টেম্বৰ আৰু মনোনয়ন প্রত্যাহাৰৰ দিন ১৯ ছেপ্টেম্বৰ।উল্লেখ্য যে অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ লগতে দেশৰ ৪খন ৰাজ্যৰ ৫টা সমষ্টিৰ বাবেও উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নির্বাচন আয়োগে। এই আটাইকেইটা সমষ্টিতে ৬ অক্টোবৰত ভোটগ্রহণ আৰু ৯ অক্টোবৰত হ’ব ভোটগণনা। মন কৰিবলগীয়া যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে যোৱা ১০ ফেব্ৰুৱাৰীত সাংসদ পদ ত্যাগ কৰাৰ পাছত সমষ্টিটোত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈ পৰিছিল। নির্বাচন আয়োগে উপ-নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমষ্টিটোত বৃদ্ধি পালে ৰাজনৈতিক তৎপৰতা। যোৱা দুটাকৈ কার্যকাল কংগ্ৰেছৰ দখলত থকা সমষ্টিটো উদ্ধাৰৰ বাবে এইবাৰ বিজেপিয়ে বিশেষ ব্যৱস্থা হাতত লৈছে। সেই অনুসৰি নগাঁও জিলাৰ আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা দেৱাশিস শৰ্মা শাসকীয় দলটোৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমষ্টিটোত বিজেপিৰ জয়লাভৰ সম্ভাৱনাক লৈ উল্লেখ কৰে যে নগাঁও লোকসভা সমষ্টিটো দুটা ভাগত বিভক্ত হৈ আছে। নগাঁও, জাগীৰোড, ৰহা, মৰিগাঁও- এই চাৰিটা সমষ্টিত বিজেপিয়ে বিধানসভা নির্বাচনত জয় হোৱাৰ বিপৰীতে ধিং, ৰূপহীহাট, লাহৰীঘাট আৰু চামগুৰিত পৰাজয়ৰ সন্মুখীন হৈছে। দৰাচলতে নগাঁও লোকসভাৰ আসনখন পৰম্পৰাগতভাৱে বিজেপিৰ নহয়। তথাপিও আমি জয় হ’বৰ বাবে সম্পূর্ণ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীয়ে এই সন্দর্ভত কয়- এই সমষ্টিটোত ৩.৫০ লাখ সংখ্যালঘু লোক আছে। গতিকে, বিজেপিৰ মূল লক্ষ্য হ’ব বিধানসভা নিৰ্বাচনত যি চাৰিটা সমষ্টিত জয়লাভ কৰিছিল, তাত যাতে পুনৰ জয়লাভকৰিব পাৰে আৰু আন চাৰিখন আসনত আমি পূৰ্বতকৈ ভোটৰ সংখ্যা বৃদ্ধি কৰিব পাৰোঁ এই লক্ষ্য হাতত লোৱা হৈছে। বিজেপিয়ে এই সীমিত উদ্দেশ্য লৈ যুদ্ধত নামিব।