কোচবিহাৰৰ ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° শর্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৰ স্মৃতি বিজড়িত কোচবিহাৰৰ মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই পৰিদৰ্শন কালতে বটদ্ৰৱা সত্ৰৰ দৰে কোচবিহাৰৰ ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰকো অন্যতম পর্যটনস্থলী হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ শেষ ঠিকনা মধুপুৰ সত্ৰতে জীৱনৰ অন্তিম দিন পাৰ কৰিছিল। ঐতিহ্যমণ্ডিত এই সত্ৰখন পৰিদর্শন কৰাৰ লক্ষ্যৰে দুদিনীয়া কাৰ্যসূচীৰে কোচবিহাৰত উপস্থিত হয় মুখ্যমন্ত্রী ড° শৰ্মা । ঐতিহ্যমণ্ডিত সত্ৰখন পৰিদৰ্শনৰ পাছতে সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে- কোচবিহাৰৰ মধুপুৰ সত্ৰ আমাৰ সভ্যতা, সংস্কৃতি আৰু গুৰুজনাৰ মহান আদৰ্শৰ এক জীৱন্ত প্ৰতীক। একশৰণ নামধৰ্মৰ ভক্তি, সমতা, জ্ঞান আৰু সাংস্কৃতিক সমন্বয়ৰ বাণী আজিও এই পৱিত্ৰ ভূমিৰ পৰা অনুৰণিত হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনা আৰু শ্ৰীশ্ৰীদামোদৰদেৱ গুৰুজনাৰ পৱিত্ৰ স্মৃতিৰে ধন্য মধুপুৰৰ পৱিত্ৰ ভূমিৰ সৈতে প্ৰতিগৰাকী অসমীয়াৰ এক গভীৰ আৱেগিক সম্পৰ্ক আছে। গুৰুজনাই জীৱনৰ অন্তিম সময়খিনি মধুপুৰতে কটাব বিচৰাটোৱেও এই স্থানৰ মহত্ত্ব আৰু ঐতিহাসিক গুৰুত্বক অধিক গভীৰ কৰি তুলিছে। বিকাশৰ সমান্তৰালভাৱে ঐতিহ্য সংৰক্ষণক আগুৱাই নি মধুপুৰ সত্ৰৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন আৰু সামগ্ৰিক উন্নয়নৰ বাবে আমি এক বিস্তৃত পৰিকল্পনাৰে আগবাঢ়িছোঁ। এইক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন পশ্চিম বংগ চৰকাৰৰ সহযোগিতা আৰু সমন্বয়ো অত্যন্ত গুৰুত্বপূৰ্ণ। আজি মধুপুৰ সত্ৰত পশ্চিম বংগ চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীনিশিথ প্ৰামাণিক আৰু শ্ৰীমালতী ৰাভা ৰয় তথা সতীৰ্থ মন্ত্ৰী শ্ৰীঅশোক সিংহল আৰু শ্ৰীঅশ্বিনী ৰায় সৰকাৰৰ সৈতে এই ঐতিহাসিক স্থানৰ সংৰক্ষণ আৰু উন্নয়নৰ বিভিন্ন দিশত আলোচনা কৰোঁ। আমাৰ বিশ্বাস, অসম আৰু পশ্চিম বংগ চৰকাৰৰ সহযোগিতাৰে মধুপুৰক বটদ্ৰৱাৰ আৰ্হিত এক বৃহৎ সামাজিক-সাংস্কৃতিক আৰু আধ্যাত্মিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰিলে এই পৱিত্ৰ স্থান উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটনস্থলী হিচাপে পৰিগণিত হ’ব। উল্লেখ্য যে সত্ৰ পৰিদৰ্শনৰ পাছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে মধুপুৰ সত্ৰ অসম আৰু পশ্চিমবংগৰ মাজত ঐতিহাসিক সাংস্কৃতিক সম্পৰ্ক আৰু সমন্বয়ৰ প্ৰতীক হিচাপে চিহ্নিত। ঐতিহাসিক সত্ৰখনৰ সামগ্রিক উন্নয়নৰ বাবে অসম আৰু পশ্চিমবংগ চৰকাৰে যৌথভাৱে কাম কৰাৰ পৰিকল্পনা লৈছে। প্ৰাৰম্ভিক পৰিকল্পনা অনুসৰি অসম চৰকাৰে ৩৫ কোটি টকা আৰু পশ্চিমবংগ চৰকাৰে ৩০ কোটি টকা আগবঢ়োৱাৰ চিন্তা-চৰ্চা কৰিছে। অৱশ্যে অতিৰিক্ত ভূমি লাভ কৰিলে প্রকল্পটো বৃহৎ পৰিসৰত ৰূপায়ণ কৰিব পৰা যাব। অতিৰিক্ত ভূমি লাভ কৰিলে মধুপুৰ সত্ৰক সমগ্র উত্তৰ বংগৰ অন্যতম বৃহৎ পর্যটনস্থলী হিচাপে গঢ়ি তুলিব পৰা যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে পশ্চিমবংগ চৰকাৰৰ পৰা যদি অতিৰিক্তি ভূমি লাভ কৰিব পৰা নাযায়, তেন্তে সত্ৰৰ বৰ্তমানৰ ১৬ বিঘা অর্থাৎ প্রায় ৫ একৰৰ ভূমিৰ ভিতৰতে উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে পশ্চিম বংগৰ মন্ত্ৰী নিশীথ প্রামাণিক আৰু মালতী ৰাভা ৰয়ৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল আৰু অশ্বিনী ৰায় সৰকাৰো উপস্থিত থাকে। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জিলাখনত তামাৰহাটৰ ১০৮ বছৰীয়া ইতিহাস বিজড়িত তথা পুনঃনির্মাণ কৰা ঐতিহাসিক তামাৰহাট দুর্গা মন্দিৰৰো শুভ উদ্বোধন কৰে।
