জনসমুদ্রত পৰিণত হ’ল জুবিনক্ষেত্র
ৰঙিলী বাৰ্ত্তাসেৱা- অগণন মানুহ ৷ সকলো মাথো আহিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ ৷ কাৰণ জুবিন ক্ষেত্ৰত আছে অসমীয়াৰ প্ৰাণ, অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰব জুবিন গাৰ্গ ৷ জনসমুদ্রত পৰিণত হ’ল সোণাপুৰৰ জুবিনক্ষেত্র। ১৯ ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত অসমবাসীক কন্দুৱাই চিৰকালৰ বাবে বিদায় লোৱা ঈশ্বৰপুত্ৰৰ শেষ ঠিকনা সোণাপুৰৰ জুবিনক্ষেত্র। বিগত এটা বছৰে বুকুত অযুত আবেগ, অভিমান কঢ়িওৱা অগণিত অসমীয়াই প্রথম মৃত্যুবার্ষিকীৰ দিনটোত সোণাপুৰৰ জুবিনক্ষেত্ৰত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰাণৰ শিল্পীগৰাকীক। জাতি-ধর্ম-বর্ণ নির্বিশেষে সমস্বৰে সকলোৱে গালে প্রিয় শিল্পীৰ অমৰ সৃষ্টি ‘মায়াবিনী ৰাতিৰ বুকুত’। অসমীয়াৰ প্ৰাণ আছিল জুবিন গাৰ্গ। তেওঁৰ অবৰ্তমানত অসমীয়াৰ প্ৰতিটো দিনেই যেন উকা। জুবিন গাৰ্গৰ বছৰেকীয়া অনুষ্ঠান যদিও ই কিছু ব্যতিক্ৰম ৷ শনিবাৰে পুৱাৰে পৰা জুবিন ক্ষেত্ৰ লোকাৰণ্য হৈ পৰিছে ৷ দল-সংগঠনৰ পৰা আদি কৰি ৰাজনৈতিক নেতা, সৰু-বৰ সকলো মানুহ আহিছে জুবিন ক্ষেত্ৰলৈ কোনোবাই খোজকাঢ়ি বা চাইকেল চলাই দূৰ-দূৰণিৰ পৰা উপস্থিত হ’ল প্রিয় শিল্পীৰ সান্নিধ্য বিচাৰি। কায়িকভাৱে তেওঁ আজি নাই যদিও জুবিনক্ষেত্ৰত ৰাইজে যেন বিচাৰি পাইছে শিল্পীগৰাকীৰ অশৰীৰী সত্তা। জুবিন গাৰ্গৰ সান্নিধ্য বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন অনুৰাগীৰ সোঁত বৈছে। উজনি-নামনি দুয়োফালৰ পৰা অহা অসংখ্য বাহনৰ বাবে তীব্র যান-জটৰ সৃষ্টি হৈছে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত। কিন্তু অমৃতকণ্ঠৰ সান্নিধ্য লাভৰ অদমনীয় আকাংক্ষাই এই সকলোবোৰ প্ৰত্যাহ্বানক নিমিষতে নস্যাৎ কৰিছে। ভিৰৰ মাজতে নিজৰ বাহন এৰি পদব্রজে ঈশ্বৰপুত্ৰৰ আশিস গ্ৰহণৰ বাবে ধাৱমান হৈছে ৰাইজ। উল্লেখ্য যে যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ জুবিনক্ষেত্রত পালন কৰা হৈছে প্ৰথম মৃত্যুবার্ষিকী। জুবিন দিৱসৰ অন্তিম দিনটোত দুচকুত এসোতা অশ্রু বান্ধি জাতি-ধর্ম-বর্ণ নির্বিশেষে ৰাইজ ধাৱমান হৈছে জুবিনক্ষেত্রলৈ। জীৱিত সময়ছোৱাত তেওঁ কৈছিল- মোৰ কোনো জাতি নাই, ধর্ম নাই। এই বাক্যশাৰীক সাৰোগত কৰিয়েই আজি সমাজৰ প্ৰতিটো স্তৰৰ অনুৰাগীয়ে জুবিনক্ষেত্রলৈ আহিছে। ন-ৰূপত সজাই তোলা জুবিনক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীয়ে নিজস্ব ধৰণে প্রিয় শিল্পীক স্মৰণ কৰিলে। শনিবাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত কৰা হয় ভাগৱত পাঠ। তাৰ পিছতে নিশা ১০ বজাত অনুষ্ঠিত হয় ভাওনা কাৰ্যসূচী। নাম-প্ৰসংগৰ লগতে গীত-মাত, কবিতা আবৃত্তিৰ জৰিয়তে প্রিয় শিল্পীক শ্রদ্ধা জ্ঞাপন কৰিলে গুণমুগ্ধই। ‘মায়াবিনী…’ পৰিৱেশনেৰে হাজাৰ হাজাৰ অনুৰাগীয়ে এক মায়াময় পৰিৱেশৰ সুচনা কৰিলে জুবিনক্ষেত্ৰত।

শনিবাৰে পুৱাৰ ভাগত জুবিনক্ষেত্ৰত উপস্থিত হৈ আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য আৰু সভাপতি উৎপল শর্মাই সেমেকা মনেৰে প্রিয় শিল্পীগৰাকীক শ্রদ্ধা জনায়। আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচার্যই কয় যে জুবিন গার্গে ন্যায় পাবই লাগিব। অসমৰ প্ৰত্যেকজন লোকে বিচাৰে জুবিনে ন্যায় পোৱাটো। আছুৱেও এই কথাত সহমত। আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেওঁৰ অৱদানক জীয়াই ৰাখিব লাগিব। নৱপ্ৰজন্মই জুবিন গাৰ্গৰ চিন্তা, আদর্শ, চেতনাক আগুৱাই নিব লাগিব। বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যৰ অগণন গুণমুগ্ধই প্রিয় শিল্পীগৰাকীৰ স্মৰণত জুবিনক্ষেত্ৰত অৰ্পণ কৰে বিভিন্ন উপহাৰ। পুৱাৰে পৰা নাম পৰিৱেশনৰ লগতে হিন্দু-মুছলমান-খ্রীষ্টান-জৈন-শিখ সমন্বিতে বিভিন্ন ধৰ্মৰ লোকে প্ৰাণৰ শিল্পীগৰাকীৰ বিদেহ আত্মাৰ শান্তি কামনাৰে সৰ্বধর্ম প্রার্থনাও অনুষ্ঠিত কৰে। অকল সেয়াই নহয়, শ্রদ্ধাঞ্জলি জ্ঞাপনৰ লগতে প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰিও উত্তপ্ত হৈ পৰে জুবিনক্ষেত্ৰ। বহু লোকে শিল্পীগৰাকীৰ হত্যাৰ অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবীৰে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
