এজন মানুহৰ পৰা হাজাৰ হাজাৰ মানুহৰ মনত থকা এটা সত্তা হ’ল জুবিন গাৰ্গঃ গৰিমা গাৰ্গ

এজন মানুহৰ পৰা হাজাৰ হাজাৰ মানুহৰ মনত থকা এটা সত্তা হ’ল জুবিন গাৰ্গঃ গৰিমা গাৰ্গ

ৰঙিলী বাৰ্ত্তাসেৱা-   অমৃতকণ্ঠৰ জয়ধ্বনিৰে অসম জুবিনময় হৈ পৰাৰ ক্ষণতে প্রিয়তমক সুঁৱৰি আৱেগিক হৈ পৰিল শিল্পীপত্নী গৰিমা শইকীয়া গার্গ। জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বার্ষিকীত সোণাপুৰৰ জুবিন ক্ষেত্ৰত শ্রদ্ধাঞ্জলি জনাই তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গয়ে কয় যে জুবিন এতিয়া কেৱল এজন ব্যক্তি হৈ থকা নাই, তেওঁ হাজাৰ হাজাৰ জনলৈ ৰূপান্তৰিত হৈছে আৰু সৰ্বত্ৰ বিয়পা এক বিশাল সত্তাত পৰিণত হৈছে।  জুবিন গাৰ্গ নামৰ সত্তাটো অবিহনে এবছৰীয়া বর্ষপূৰ্তিত ৰাইজে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিজস্ব ধৰণে স্মৰণ কৰাৰ সময়তে ৰাইজৰ আৱেগ দেখি বিস্ময়ান্বিত হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। আজিৰ দিনটোৰ ব্যস্ততাপূর্ণ কাৰ্যসূচীৰ মাজতে জুবিনক্ষেত্ৰত উপস্থিত হোৱা শিল্পীপত্নী গৰিমাই হাতত পদুম ফুল লৈ প্রিয়তমৰ আশীৰ্বাদ ল’লে। ধর্মীয় সকলো ৰীতি-নীতি সম্পূৰ্ণ কৰাৰ পাছতে জুবিনক্ষেত্ৰত প্রিয়তমৰ আশীৰ্বাদ লোৱা গৰিমাই পুনৰ আৱেগিক হৈ পৰে। ইয়াৰ পূৰ্বে অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানতো অংশগ্ৰহণ কৰা গৰিমা শইকীয়া গাৰ্গে প্রিয় শিল্পীৰ প্ৰতি কণমানি ল’ৰা-ছোৱালীৰ পৰা জ্যেষ্ঠজনৰ আৱেগক উপলব্ধি কৰি কৃতজ্ঞতা প্রকাশ কৰে। তেওঁ কয় যে মানুহৰ মৰম ভাবিব নোৱাৰোঁ। কেতিয়াও ক’তো নেদেখা বিৰল ঘটনা বিগত এটা বছৰত ঘটি আছে। প্রতিজনেই নিজৰ মাজত জুবিনক ধাৰণ কৰিছে। এজন ব্যক্তিৰ পৰা হাজাৰজন হৈ পৰিছে জুবিন গাৰ্গ। এটা সর্বত্র বিয়পি পৰা সত্তাত পৰিণত হৈছে জুবিন গাৰ্গ। এই সত্তা সদায় অমৰ হৈ থাকক, তাৰেই আশা কৰিছোঁ। বিগত তিনিটা দিনে লক্ষ্য কৰিছোঁ প্ৰতিজন লোকেই তেওঁৰ বাবে কিবা নহয় কিবা এটা লৈ আহিছে। আমি সকলোৰে প্ৰতি কৃতজ্ঞ। যি অভিনৱ পন্থাৰে জুবিনৰ প্ৰতি ৰাইজে নিজৰ মৰম, চেনেহ, শ্ৰদ্ধা আৰু আকুলতা-শুভাশিস প্রদর্শন কৰিলে সেয়া অবিশ্বাস্য। কেতিয়াও হয়তো এনেধৰণে হোৱা নাই। সমগ্র অসমত ৰাইজে একেধৰণে মনৰ ভাববোৰ প্ৰকাশ কৰিছে। অসম জাতীয় বিদ্যালয়ৰ ব্যতিক্রমী প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় যে জ্ঞানৰ মাধ্যমেৰে জুবিনক আজি শ্রদ্ধা-মৰম জনোৱাৰ এই অভিনৱ প্রচেষ্টাই তেওঁক চিৰদিনৰ কাৰণে অমৰ কৰি ৰাখিব। ভগ্ন স্বাস্থ্যৰে পুত্ৰৰ সত্তাক বিচাৰি জুবিনক্ষেত্রত উপস্থিত হ’ল কপিল বৰঠাকুৰ। হুইল চেয়াৰত বহি হ’লেও পুত্ৰৰ সমাধিস্থলীলৈ আহি শ্রদ্ধা জ্ঞাপন কৰিলে পিতৃ কপিল বৰঠাকুৰে।