শেষ বুলিলেইটো শেষ নহয় আকৌ আৰম্ভ হয় শেষ নহয় – নমিতা দাস

শেষ বুলিলেইটো শেষ নহয় আকৌ আৰম্ভ হয় শেষ নহয় 

নমিতা দাস,শুৱালকুছি

শব্দৰ খনিকৰ, কণ্ঠ-সুৰৰ যাদুকৰ, প্ৰকৃতি প্ৰেমী , ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনত অসমৰ শিল্প সংস্কৃতিক লৈ গৌৰৱ কৰিব পৰাকৈ পৰিচয় কৰাই দিয়া মহান শিল্পী সকলৰ মাজত জুবিন গাৰ্গো হৈছে আন এজন অন্যতম শিল্পী । যাক ঈশ্বৰ পুত্ৰ বুলি মুখে মুখে প্ৰচাৰিত । অসমৰ সাংস্কৃতিক জগতত ভোটা তৰা হৈ আকৌ এবাৰ বিশ্ব বাসীৰ লগত অসম খনক পৰিচয় কৰাই গৌৰৱবোধ কৰাইছিল । শিল্পী সুৰৰ যাদুগৰ জুবিন গাৰ্গ আজি বিশ্ব সংগীত জগতৰে এক চিনাকি নাম ।

কপিল ঠাকুৰে ৰাতিপুৱাৰ চাৰি বজাৰ নিৰ্মল বতাহ চাতি ঘৰৰ ভিতৰত সোমাবলৈ যেতিয়া খিৰিকি খন খুলি দিছিল তেতিয়া ঘৰৰ সদস্য সকলে আপত্তি কৰিলেও তেওঁ বিশ্বাস কৰে জুবিন গাৰ্গ হোৱাটো সেইটোও এক কাৰণ।

পিতৃৰ দৃষ্টিত তেওঁৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰা এখন যেন কাব্য । নিৰঅহংকাৰী নিজৰ সফলতা আৰু ৰ্কীৰ্তিৰ বিষয়ে কেতিয়াও কথা নপতা আনক সহায় কৰি ভাল পোৱা শিশু সুলভ স্বভাবৰ কৰ্ণৰ দৰে যেন দানবীৰ আছিল তেওঁ । যথেষ্ঠ অধ্যা‌য়ন শীল । তেওঁৰ প্ৰিয় গ্ৰন্থ আছিল চাৰ্লি চেপলিনৰ আত্ম জীৱনী। ভাল কিতাপ পালেই তেওঁ তৎখনাত আনি নিজেও পঢ়ে আৰু পিতৃ কপিলদেৱকো উপহাৰ হিচাপে দিয়ে । ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ লোৱাৰ পিছতো তেওঁ সাধাৰণ ভাবেই উত্তৰ দিয়ে অ, পুৰস্কাৰ লৈ আহিলো । কাপোৰ কানিৰ প্ৰতি চখ থাকিলেও এবাৰ পিন্ধাৰ পিছত কত এৰে ঠিক নাই। সকলো বস্তু তেওঁ সহজেই আনক দিবলৈ কুণ্ঠাবোধ কৰা নাছিল । টকা-পইচা, ধন-সম্পত্তিৰ প্ৰতি তেওঁ উদাসীন আছিল। ফাঞ্চনত যেতিয়া কমিটিৰ সভাপতি বা সম্পাদকে ধনৰ অভাব হোৱা বুলি কয় কোনো পাৰিশ্ৰমিক নোলোৱাকৈ গুচি আহে , নিজৰ পৰা সহায়কাৰি সকলক টকা দিয়ে । তেওঁৰ মনত যি ইচ্ছা হয় সেইটো কৰে । তেওঁ কেতিয়াও কাৰোঁ অনুমতি নিবিচাৰে। তেওঁ আছিল প্ৰকৃতি প্ৰেমী জন্তু জানোৱাৰক অত্যন্ত ভাল পাইছিল সেয়ে স্কুলিয়া অৱস্থাত ঘৰতে এখন সৰু চিৰিয়াখানা বনাই লৈছিল । বিভিন্ন পশু-পক্ষীৰ লগতে গছ ভাল পাইছিল গছৰ লগত কথা পাতিছিল। তেওঁ অনুভৱ কৰিছিল গছবোৰক তেওঁ যেনেকৈ বুজি পায় সেইদৰে গছবোৰেও তেওঁক বুজি পায় ।

তেওঁ বৰগীত ৰেকৰ্ড কৰোঁতে সদায় ধূতি পৰিধান কৰিছিল । ইং ২০০০ চনতে “তুমি মোৰ মাঁথো মোৰ” নামৰ ছবিখন পৰিচালনা কৰি সেই তেতিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে গায়ক সংগীত পৰিচালক কাহিনীকাৰ সংলাপ ৰচিয়োতা সকলো কাম তেওঁ নিজেই কৰিলে । তেওঁৰ প্ৰতিভা অনন্যা । গান লিখি সুৰৰ ভাঁজত মন খোৱাকৈ সজোৱা অতুলনীয় ক্ষমতা আৰু দক্ষতা তেওঁৰ আছে। যাৰ ফলত অতি সাধাৰণ কথা আৰু সুৰ জুবিনৰ কণ্ঠত মনোমোহা হৈ ধৰা দিয়ে, শ্ৰোতাই উৎকৰ্ণ তন্নয় হৈ শুনি থাকে সেই সুৰৰ ঝাংকাৰ ।

জুবিনৰ পিতৃৰ ঘৰ শিৱসাগৰ জিলাৰ জাঁজি অঞ্চলৰ তামুলিছিঙা গাঁওত । কৰ্মসুত্ৰে গাৰো পাহাৰৰ তুৰাত থাকিবলৈ লোৱাত তাতেই ১৯৭২ চনৰ১৮ নবেম্বৰত চিভিল হস্পিতালত ব্ৰাহ্মণ পৰিয়ালত অসমৰ হাৰ্টথ্ৰ’ৱ গৰাকীৰ জন্ম হয় । সেই সময়ৰ কপিল ঠাকুৰ দেৱৰ প্ৰিয় সংগীত কাৰ জুবিন মেহতাৰ নাম অনুসৰি জুবিন নামটো ৰখা হৈছিল । পিছলৈ তেওঁ গাৰ্গৰ উপাধিটো লগাই লৈছিল ।জুবিনগাৰ্গৰ ঘৰত মাতা নাম গল্ডি । সৰুৰে পৰা খেয়ালি মনৰ জুবিনক স্কুলত যোৱাৰ বাবে স্কুল বাছ ঠিক কৰি দিছিল । প্ৰথম দিনাই স্কুললৈ গৈ ওলটি নহাত মাক ইলিয়ে দেউতাকৰ অফিচলৈ খবৰ পঠিয়াই দিয়ে । চিন্তিত দেউতাক অৱশেষত তেওঁ চাইকেল মাৰি কিৰ্মেল স্কুল পায় দেখে লৰাই পাৰ্কৰ চুইঙখনত বহি আছে। গতিকে সৰুৰে পৰা জুবিন অলপ খেয়ালি মনৰ আছিল। কৰিমগঞ্জত দুৰ্গাপূজাৰ সময়ত নিজেই ঠেলা ঠিক কৰি গোতেই টাউন খন ঘূৰি পূজা চালে ঠেলাৱালা জনেই কলেহি হাকিমৰ ল’ৰাক ঠেলাত উঠাই পূজা দেখুৱালোঁ । এনেবোৰ নোহোৱা নোপোজা কাৰ্যৰ বাবে জুবিন বিখ্যাত হৈ পৰিছিল । সৰুতে কেতিয়াবা গাৰুবোৰকে শত্ৰু বনাই ঘৰতে অভিনয় কৰে। অমিতাভ বচ্চনৰ ছবিবোৰ তেওঁৰ প্ৰিয় আছিল তেখেতৰ দৰে থ্ৰি-পিচ্ চ্যুটও পিন্ধিছিল।

জুবিনৰ গানৰ প্ৰতি থকা ধাউতিৰ বাবে কৰিমগঞ্জৰে বিশিষ্ট তবলা বাদক শ্ৰীবানাৰ্জীৰ তলত তবলা শিকিবলৈ দিছিল। মাক ইলিয়ে সুকণ্ঠি গায়িকা হোৱা হেতুকে সৰুতেই তেওঁৰ সংগীতময় জীৱনৰ লাই খুঁটা পুতিছিল। বিজনীলৈ আহি লোকগীত শিকাবলৈ স্থানীয় শিক্ষক শ্ৰীৰমনী ৰায়ই ঘৰতে নিয়োগ কৰাত তেখেতৰ লগতে গৈ বঙাইগাঁওৰ পৰা এখন হাৰমনিয়াম আনি নিতৌ ৰেয়াজ আৰম্ভ কৰাত লাগিল জুবিন গাৰ্গ আৰু জংকি বৰঠাকুৰে । মেট্ৰিক পাছ কৰাৰ পিছত সেয়া আছিল তেওঁ প্ৰথম আৰু শেষ আনুষ্ঠানিক শিক্ষা পিছলৈ নিজেই নিজৰ পৰা শিকিবলৈ ললে । এইখিনিতে তেওঁৰ আকৌ এটা মহানুভৱতাৰ পৰিচয় দিয়ে সেই গান শিকা শিক্ষক জনৰ হৃদৰোগ আক্ৰান্ত হৈ শয্যাগত হৈ থকাৰ সময়ত তেখেতক গুৱাহাটিলৈ আনি নাচিংহ’মত চিকিৎসা কৰোৱাই এমাহ পিছত পুণৰ বিজনীত থৈ আহে ।

গুৱাহাটিৰ জিলা পুথি ভঁৰালত লোকগীত গাবলৈ আহি কিবৰ্ড দেখি তেওঁৰ বজাবলৈ মন যোৱাত দেউতাকে কিনি আনি দিছিল সেইখনৰ লগতে হাৰমনিয়ামতো তেওঁ নিজে আঙুলি বুলাই গানবোৰ উঠাব পাৰিছিল। ২০০১ চনত কটন কলেজৰ শতবাৰ্ষিকী উৎসৱত জৰ্জফিল্ডত সংঙ্গীত সন্ধিয়াত জুবিনে নামঘৰৰ ডবা আৰু বৰতাল সমন্বিতে তেৰটা বাদ্য-যন্ত্ৰ বজাই গীত পৰিবেশন কৰিছিল । জে বি কলেজত পঢ়ি থকাৰ সময়ত মাহীয়েকৰ অসুখৰ খবৰ পায় ৰাতি অকলেই চাইকেল চলায় মাহিয়েকৰ ওচৰ পাইছিল। জে বি কলেজত পঢ়ি থকা সময়তে যোৰহাটৰ আকাশবাণী নিলু চক্ৰবৰ্তীৰ সৈতে চিনাকি হ’ল তেতিয়াই যুৱ-বাণী অনুষ্ঠানত নিজে সুৰ দিয়া কেইবাটিও গান গাইছিল ।তেতিয়ালৈ তেওঁ গান লিখা নাছিল । সেই সময়তে জে বি কলেজৰ পৰা গুৱাহাটি বি বৰুৱা কলেজলৈ গুচি আহিল ।

১৯৮৯-৯০চনত বম্বেত আগতে গৈ লগ পোৱা অসমীয়া যুবকৰ সৈতে লগলাগি জীৱনৰ লক্ষ্য আৰম্ভ কৰিছিলে। ঘৰৰ পৰা টকা পইচা বিচাৰিব যাতে নালাগে সেই কথা ভাবি সৰু-সুৰা কামকে কৰিলে । সেই সময়খিনিতে নিজে কেছেট উলিয়াবলৈ হাবিয়াস কৰি অনুৰাধা পাড়োৱালকো গান গোৱালে কেছেটটোৰ নাম দিলে অনুৰাধা । যেতিয়া নিজৰ কণ্ঠৰ কেছেট উলিয়াবলৈ সংকল্প ল’লে শ্ৰীদেৱ বৰকটকী ইলেকট্ৰনিকছৰ স্বত্বাধিকাৰী আৰু কেছেটত প্ৰডিউচাৰ জনে জুবিন গাৰ্গে গান গাই থাকোঁতে তেওঁৰ কণ্ঠত মুগ্ধ হৈ কেছেট প্ৰকাশৰ সকলো দায়িত্ব মুৰ পাতি ললে । সেই প্ৰথমখন কেছেটৰ নাম “অনামিকা” তাৰ লগে লগে “মায়া ” বৰ্তমানলৈ জনপ্ৰিয় তেতিয়াৰ পৰা যি আৰম্ভ হল তাৰ যাত্ৰা অবিৰত ভাবে চলি থাকিল ।

১৯৯৫ চনত গৰিমাৰ লগত চিনাকি হৈ২০০২চনৰ ৮ফেব্ৰুৱাৰীত দুয়ো বিবাহ পাশত আবদ্ধ হয় । কিন্তু তাৰ আগত হেপাটাইটিছ হৈ ২০০০ চনৰ ৩ চেপ্তেম্বৰত জুবিনৰ মাতৃ ইলি ঠাকুৰৰ মৃত্যু হয় । তাৰ পিছতেই ২০০২ চনৰ১৬ জানুৱাৰীৰ গধূলী ৬মান বজাত চতিয়াত প্ৰগ্ৰেম কৰিবলৈ যাওতে জুবিনৰ অতিকে মৰমৰ ভগ্নী জংঙ্কিক এক্সিডেন্টত হেৰুৱাব লগা হৈছিল।

“জুবিন গাৰ্গ” আজি বিশ্ব সংগীত জগতৰে এক চিনাকি নাম । মুক্তিপ্ৰাপ্ত বহু ছবিত কণ্ঠদান কৰিছে । তাৰে ভিতৰত জনপ্ৰিয়তা লাভ কৰা হিন্দী ছবিকেইখন হল– মণিৰত্নমৰ “দিল চে”, আই চি ইউ,সৌৰভ শুক্লৰ “মুদ্দা”, প্ৰীতিশ নন্দীৰ প্যাৰ কা চাইড এফেক্ট, ছানি দেউলৰ ব্ৰিগ ব্ৰাদাৰ ,বিক্ৰম ভাটৰ ‘ৱহ লম্ হে’ সুধাংশু পাণ্ডেৰ দেখ মিল গয়া, হনিমুন, ট্টেভেলছপ্ৰাঃ লিমিটেড, স্মৃতা থাকৰেৰ কেইচে হুঁক, হিমেশ ৰেশ্বমিয়াৰ নমস্তে লগুন, ঝুম বৰাবৰ ঝুম’, তদুপৰি বচ একপল, চুবহ চুবহ ,জিমি মৌজ ,ইত্যাদি এ-আৰ-ৰহমান আৰু সুভাষ ঘাইৰ লগতো কাম কৰিছে জুবিনে । ইছমাইল দৰবাৰৰ লগত”ৰাছিয়া সাজন” ইছমাইল দৰবাৰে কৈছিল জুবিনৰ বিষয়ে ‘বহু কুদৰত কা দেন হ্যায়” অনুমালিকৰ সংগীত পৰিচালনাতো তেওঁ গীত গাইছিল এছ-ডি-বৰ্মনৰ ৰিমেক্ এলবাম জিন্দেগী, পাকিজা, বাংলা ছবি “শুধু তুমি” আৰু মহাৰথী’ৰ কণ্ঠ আৰু সংগীত পৰিচালনা এলবাম “তুমি” , পুণৰ চানিদেউলৰ ছবি “আপনে আপনে”ত পাঞ্জাৱী গীত, বাপ্পী লাহিড়িৰ সংগীত পৰিচালনাত দৰ্দ-এ-ডিক্স নামৰ ছবিখনত দুটা গীতত কণ্ঠ দান কৰে । হিন্দীৰ সঞ্জীৱ দৰ্শনৰ ছবিতো কাম কৰিছে । এখন তেলেগু ছবিত নিজে সংগীত পৰিচালনা কৰে ।তেওঁ গান শুনা চিনেমা চোৱা নতুন আহাৰৰ জুতি লোৱা ,গাড়ী চলোৱা,সাঁতোৰ বৰশী বোৱা, ইবিলাক তেওঁৰ হবি । ভূপেন হাজৰীকা,ৰিদিপ দত্ত, মুনিন বৰুৱা,এছ-ডি- বৰ্মন , কিশোৰ কুমাৰ, ফটেহ আলি খান, ষ্টিংছ মাইকেল জেকছন, গেৰি মুৰ আদি তেওঁৰ প্ৰিয় শিল্পী , অসমৰ প্ৰতিখন ঠাই তেওঁৰ প্ৰিয় । অসমৰ প্ৰতিটো লোকগীত তেওঁৰ প্ৰিয় , । প্ৰিয় ব্যক্তিত্ব বিষ্ণু ৰাভা প্ৰিয় কিতাপ চাৰ্লি চেপলিনৰ আত্মজীৱনী ।

হিয়াৰ আমঠু গৰাকী কায়িক ভাবে আমাৰ মাজত নাই । কিন্ত প্ৰতিজন অসমবাসীৰ হৃদয়ত আজিও বিদ্য মান। আজিও তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিজন লোকৰ আদৰ্শ । কি আচৰিত কথা আজি পৰ্যন্ত সমাধি স্থলত তেখেতৰ গুণমুগ্ধই আৱৰি ৰাখিছে ধূপ-চাকীৰে তেখেতৰ সমাধীস্থল,পূণ্যভূমিলৈ ৰূপান্তৰিত হৈছে । যিজন মানুহে জীবিত কালত নিজৰ সুখ শান্তি ঐচৰ্য্য বিভুতিৰ কথা নাভাবি দুখীয়া নিচলাক সংগ দিছিল সেইজন মহান ব্যক্তি ঈশ্বৰৰে এক অংশ বুলি প্ৰমান হৈ গ’ল । সেই মহান ব্যক্তি গৰাকীৰ মৃত্যূৰো খ্যাতি ৰাখিলে । তেওঁৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ যেন প্ৰথমটো পদক্ষেপ , সৌ সেইদিনা উজনীত বানপানীয়ে তচ-নচ কৰি যোৱাৰ সময়ত কোনেও কাৰো আহ্বানলৈ ৰৈ নাথাকি সকলোবে আগবাঢ়ি আহিল, বনপ্ৰীড়িত ৰাইজক সহায়ৰ হাত আগবযঢ়ালে । এয়া যেন জুবিন দেশৰে মানুহ এক শুভবাৰ্তা দিলে অসমী আইক । জুবিন গাৰ্গৰ ভাষাৰে শেষ বুলিলে যেন শেষ নহয় আকৌ আৰম্ভ হল । নতুন প্ৰজন্মৰ নতুন চিন্তাই উৎভাসিত কৰক অসম খন।