ডিব্ৰুগড়ত ইঞ্জিনিয়াৰ্ছ ফ’ৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস পালন::অনুষ্ঠান শুভাৰম্ভ কৰে প্ৰাক্তন উপাচাৰ্য্য কৰে কে কে ডেকা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত ইঞ্জিনিয়াৰ্ছ ফ’ৰামৰ উদ্যোগত মঙলবাৰে ডিব্ৰুগড়ৰ স্থানীয় হোটেল গাৰ্ডেন ট্ৰিটত পালন কৰা হয় ৰাষ্ট্ৰীয় অভিযন্তা দিৱস। এই উদ্দেশ্যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন বিভাগৰ কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত সহস্ৰাধিক অভিযন্তাই অংশগ্ৰহণ কৰে। ভাৰতৰ অভিযন্তাৰ পিতৃ পুৰুষ তথা ভাৰতৰত্ন ছাৰ বিশ্বেশ্বৰায়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে মুখ্য অতিথি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাই।অভিযন্তা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা কৰা বাৰ্ষিক স্মৃতিগ্ৰন্থখন আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথি আৰু অভিযন্তা সকলক সভাত গামোচা, চেলেং আৰু সম্বৰ্ধনা-পত্ৰৰে সন্মান জনোৱা হয়। সম্বৰ্ধনা-পত্ৰ পাঠ কৰে লেখিকা সুৰজিতা সন্দিকৈয়ে। সপোনক বাস্তৱায়িত কৰাৰ প্ৰক্ৰিয়াই হৈছে অভিযন্তাৰ মূল পৰিচয়—এই বাৰ্তাৰে অনুষ্ঠানত অভিযন্তাৰ ভূমিকা আৰু দায়িত্বৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় মুখ্য অতিথি ড° কন্দৰ্প কুমাৰ ডেকাই। ভাষণত তেখেতে এজন অভিযন্তাই কি কৰিব পাৰে আৰু সমাজৰ বাবে কি কৰি আছে, সেই বিষয়ে উদাহৰণসহ ব্যাখ্যা কৰে। গভীৰ প্ৰযুক্তিবিদ্যাৰ বিষয়ে উল্লেখ কৰি অসম্ভৱকো অভিযন্তা সকলে কিদৰে সম্ভৱ কৰি তোলে, বিজ্ঞানী আৰু অভিযন্তাৰ মাজৰ সম্পৰ্ক, লগতে অভিযান্ত্ৰিক ক্ষেত্ৰৰ বিভিন্ন দিশৰ ওপৰত তথ্য সমৃদ্ধ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট অতিথি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা, সাহিত্যাচাৰ্য ড° কৰবী ডেকা হাজৰিকাই দিনটো তেওঁৰ বাবে নষ্টালজিক সময় বুলি উল্লেখ কৰে। তেখেতে কয়, বিজ্ঞানীসকলে নতুন নতুন উদ্ভাৱন কৰে আৰু অভিযন্তাসকলে সেই উদ্ভাৱনক বাস্তৱ ৰূপ দি সমাজক আগুৱাই নিয়ে। নিজৰ কৰ্মজীৱনৰ অভিজ্ঞতা ব্যক্ত কৰি নৱপ্ৰজন্মৰ অভিযন্তা সকলক নিষ্ঠা আৰু দায়িত্ববোধেৰে কাম কৰি অভিযান্ত্ৰিক ক্ষেত্ৰত কোনো ধৰণৰ খুঁটি-নাটি যাতে ৰৈ নাযায়, তাৰ বাবে আহ্বান জনায়।উদযাপন সমিতিৰ সভাপতি প্ৰতুল বৰুৱাই সভাপতিত্ব কৰাৰ লগতে উদযাপন সমিতিৰ সম্পাদক হেমন্ত কুমাৰ দাস বাগ্ৰীয়ে উদ্বোধনী ভাষণ আগবঢ়ায়। অনুষ্ঠানটো আঁত ধৰে নিলয় দাস আৰু পিয়ংকা দাসে।অনুষ্ঠানত বিশিষ্ট অভিযন্তা ৰবীন্দ্ৰনাথ ভট্টাচাৰ্য, অধীক্ষক অভিযন্তা (অৱসৰপ্ৰাপ্ত), জলসিঞ্চন বিভাগ; বিশিষ্ট অভিযন্তা নাৰায়ণ শৰ্মা, অৱসৰপ্ৰাপ্ত, পি ডব্লিউ ডি বিভাগৰ উপদেষ্টা, অভিযন্তা মঞ্চ, ডিব্ৰুগড়ৰ বিশিষ্ট অভিযন্তা ভীম বাহাদুৰ চেত্ৰী, কাৰ্য্যবাহী অভিযন্তা (অৱসৰপ্ৰাপ্ত), জলসিঞ্চন বিভাগ; আৰু ডিব্ৰুগড় ইঞ্জিনিয়াৰ্ছ ফ’ৰামৰ কাৰ্যকৰী সভাপতি ভূপেন গগৈসহ ফ’ৰামৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।অনুষ্ঠানত ‘শংকৰে সিঁচে নামৰ কঠিয়া’ শীৰ্ষক কোৰাছ পৰিৱেশন কৰাৰ পিছত ফ’ৰামৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু আমন্ত্ৰিত শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান।
দিহানামকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰে ডিব্ৰুগড় ইঞ্জিনিয়াৰ্ছ ফ’ৰামৰ “ৰাষ্ট্ৰীয় অভিযন্তা দিৱস”।
