আধ্যাত্মিকতাৰে পূৰ্ণ  বিশ্বকৰ্মাপূজা – নিবেদিতা হাজৰিকা

Pc Assam Tv9

আধ্যাত্মিকতাৰে পূৰ্ণ  বিশ্বকৰ্মাপূজা

নিবেদিতা হাজৰিকা,লখিমপুৰ

 বিশ্বকৰ্মা পূজা বা বিশ্ব জয়ন্তী হৈছে হিন্দু ধৰ্মৰ এটি ধৰ্মীয় উৎসৱ।এই পূজা হিন্দুৰ স্থাপত্য দেৱতা বিশ্বকৰ্মাৰ সন্তুষ্টি লাভৰ বাবে কৰা হয়। উল্লেখ্য যে বিশ্বকৰ্মা হিন্দু ধৰ্মত এজন দেৱতা ,যাক শিল্প, স্থাপত্য আৰু যন্ত্ৰৰ দেৱতা বুলি জনা যায়  ।তেওঁ বিশ্বৰ সৃষ্টি আৰু পাালন কৰা ব্ৰহ্মাণ্ডৰ দৈৱিক স্থপতি ,অভিযন্তা আৰু শিল্পী হিচাপে পৰিচিত।  ঐশ্বৰিক নগৰ কুৰুক্ষেত্ৰ, দ্বাৰকা আৰু ইন্দ্ৰপ্ৰস্থৰ সৃষ্টি বিশ্বকৰ্মাৰে সৃষ্টি।  ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ ঝাৰখণ্ড,উৰিষ্যা তথা ত্ৰিপুৰা আদি ৰাজ্য তথা বিভিন্ন প্ৰদেশত  প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিত বা কণ্যা সংক্ৰান্তিত (ছেপ্তেম্বৰ ১৭/  ১৮) তাৰিখে এই পূজা সমগ্ৰ ভাৰততে  বিধি অনুসৰি পালন কৰা হয়। উত্তৰ ভাৰতত এই পূজাৰ মহত্ব আছে।

 এই পূজা বিশেষত: কল-কাৰাখানা, ব্যৱসায়িক প্ৰতিষ্ঠান তথা নিজ বাসগৃহতো এই পূজাৰ আয়োজন কৰা হয়।সেইদিনা  কল-কাৰাখানাৰ দৈনন্দিন কাৰ্যসূচী সমূহ বন্ধ থাকে আৰু সকলো কৰ্মচাৰীয়ে হৰ্ষ উল্লাস আৰু  আনন্দৰ মাজেৰে বিশ্বকৰ্মাৰ পূজা আয়োজন কৰে। বিশ্বকৰ্মা পূজা কেৱল এক ধৰ্মীয় উৎসৱেই নহয়, ই কাৰুকাৰ্য, সৃষ্টিশীলতা আৰু দক্ষ শ্ৰমিকৰ প্ৰতীক। বিশ্বকৰ্মাৰ মূৰ্তি প্ৰতিষ্ঠা কৰি ইয়াৰ আৰাধনা কৰে।প্ৰবাদ আছে যে দেৱতা সকলৰ খনিকৰ, বিশ্ব নিৰ্মাতা খনিকৰ বিশ্ব কৰ্মাই প্ৰাচীন কালত যিমান খিনি ৰাজধানী আছিল কুণ্ডিলৰ পৰা দ্বাৰকা  নগৰ পৰ্যন্ত সকলো খিনিয়েই নিৰ্মাণ কৰিছিল।বিশ্বকৰ্মা পুৰাণ অনুসৰি নাৰায়ণে প্ৰথমে ব্ৰহ্মা আৰু তাৰ পাছত বিশ্বকৰ্মাৰ সৃষ্টি কৰিছিল।কথিত আছে যে পাণ্ডৱ  সকলৰ মায়া সভা, ৰামায়ণত উল্লেখ থকা ব্ৰহ্মাৰ পুষ্পক ৰথ , দেৱতা সকলৰ চলাচলৰ বাবে বিভিন্ন বাহন, দেৱপুৰী আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, কাৰ্তিকৰ শক্তি, ইন্দ্ৰৰ বজ্ৰপাত আদি এই সকলো খিনি বিশ্বকৰ্মাৰে সৃষ্টি।স্বৰ্গীয় সূত্ৰধৰ বিশ্বকৰ্মা পুৰীৰ বিখ্যাত জগন্নাথ মুৰ্তিৰো নিৰ্মাণকৰ্তা।

সেইদিনা নিৰ্মাণ -সৃজনৰ দেৱতা , বিশ্বৰ প্ৰথম অভিযন্তা, ঈশ্বৰৰ অভিযন্তা, যন্ত্ৰৰ ঈশ্বৰ বিশ্বকৰ্মাৰ পূজা অৰ্চনা কৰাৰ অন্তত প্ৰসাদ, মিঠাই, ভোগ , খিচিৰি আদি আপ্যায়ন কৰা হয়। সেইদিনা পুৱাৰে পৰা বিশ্ব খনিকৰৰ বন্দনাৰে সমগ্ৰ ৰাজ্য মুখৰিত হৈ থাকে।ঠায়ে -ঠায়ে সেইদিনা দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন মনোৰঞ্জন মূলক খেল- ধেমালী , দিহানাম, ভাওনা আদিও প্ৰদৰ্শন কৰা হয়।

এক উন্নত ভৱিষ্যতৰ বাবে , কৰ্মৰ সুৰক্ষাৰ বাবে , দক্ষতা বৃদ্ধিৰ বাবে , নিজ-নিজ ক্ষেত্ৰত সফলতাৰ বাবে,তেওঁলোকৰ  জীৱিকা সুৰক্ষিত ৰাখিবৰ বাবে পালন কৰা এই বিশ্বকৰ্মা পূজা মূল:ত  বিভিন্ন যন্ত্ৰৰ পূজা কৰা হয়। অৱশ্যে বিভিন্ন জীৱিকাৰ লগত জড়িত ব্যক্তি বা অনুষ্ঠান সমূহতো এই উৎসৱ ভাগ ধাৰ্মিক তথা ভক্তি ভাৱেৰে  পালন কৰা হয়। বিশ্বকৰ্মা পূজা হৈছে নিজৰ দক্ষতাৰ জৰিয়তে বিশ্বৰ উন্নয়নত  অৰিহনা যোগোৱা সকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক  সন্মান জনোৱাৰ দিন।কিন্তু বৰ্তমান সময়ত এই পূজা বা উৎসৱৰ অন্তৰ্নিহিত  পবিত্ৰতা আৰু  গাম্ভীৰ্যতা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।এই বাহ্যিক আড়ম্বৰ  পৰিহাৰ কৰি আধ্যাত্মিক আৰু শান্তিপূৰ্ণ পৰিৱেশত  পূজা উদ্‌যাপন কৰিলেহে  উৎসৱৰ প্ৰকৃত আধ্যাত্মিকতা উপলব্ধি কৰিবলৈ সক্ষম হ’ব।বিশ্ব কৰ্মা পূজাত বাহ্যিকতাৰ প্ৰভাৱ বৰ্তমান সময়ত এক চৰ্চাৰ বিষয় হৈ পৰিছে ।পৰম্পৰাগত  ভাৱে এই পূজা আছিল  যন্ত্ৰ, কাৰিকৰী বিদ্যা আৰু শ্ৰমৰ প্ৰতি সন্মান জনোৱাৰ  এক পবিত্ৰ উৎসৱ।কিন্তু আধুনিক যুগত বিশ্বকৰ্মা পূজাত  আধ্যাত্মিকতা আৰু ভক্তিৰ  তুলনাত  বাহ্যিক আড়ম্বৰৰ প্ৰদৰ্শনকামিতাই  অধিক  প্ৰাধান্য লাভ কৰা দেখা গৈছে।পূজাত  ভক্তিগীত বা মাংগলিক ধ্বনিৰ  পৰিৱৰ্তে তীব্ৰ শব্দৰ ( DJ ) সংগীত বজোৱাটো এক  অপৰিহাৰ্য নিয়মৰ দৰে হৈ পৰিছে। শ্ৰদ্ধাতকৈ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বা মণ্ডপটো কিমান  বেছি আকৰ্ষণীয় কৰিব পাৰি বা আকৰ্ষণীয় সেইটো দেখুওৱাটোহে যেন মূল লক্ষ্য হৈ পৰে,য’ত আধ্যাত্মিক  ভাব  শূণ্য।অপ্ৰিয় হ’লেও এই কথা সত্য যে, পৱিত্ৰ ধৰ্মীয় পৰিৱেশটো কলুষিত  কৰি বহুতৰ বাবে এই পূজা  কেৱল সুৰাপান আৰু নৈশ পাৰ্টিৰ আয়োজন কৰিবৰ বাবে এক সুযোগ হৈ পৰিছে। যি আমাৰ সামাজিক পৰিৱেশ কলুষিত কৰিছে, সমাজত বেয়া প্ৰভাৱ পেলাইছে।ভক্তিৰ সলনি  ব্যৱসায়িক লাভালাভ আৰু প্ৰভাৱ বিস্তাৰৰ বাবে পূজা  অনুষ্ঠিত কৰাৰ মানসিকতা বহুতৰে মাজত  গা কৰি উঠিছে। যিয়ে এই উৎসৱ বা  পূজাৰ প্ৰকৃত গুৰুত্ব বা মহত্ব বুজি উঠাত  কিছু পৰিমানে হ’লেও প্ৰভাৱ বিস্তাৰ কৰিছে। যি প্ৰভাৱ কিন্তু মুঠেই গ্ৰহণযোগ্য বা সমৰ্থনযোগ্য নহয়।এই সমূহৰ উপৰিও  উৎসৱ পালনৰ নামত বহুতে সাধাৰণ ৰাইজ বা ব্যৱসায়ীৰ পৰা  জোৰ -জুলুমকৈ চান্দা আদায় কৰা দেখা যায়, যিটো বৰ্তমান সময়ত এক ব্যাধিৰ দৰে হৈ পৰিছে।মূৰ্তি  বিসৰ্জনৰ সময়তো নদী বা জলাশয় সমূহ প্ৰদূষিত কৰাৰ উপৰিও  ৰাজপথত কৰা নৃত্য -গীতবোৰত ভক্তি ভাৱৰ সলনি তৰলতাই আশ্ৰয় লৈছে। আধ্যাত্মিকতাৰে পূৰ্ণ উৎসৱ এটাত যেতিয়া বাহ্যিকতাই অধিক প্ৰাধান্য লাভ কৰে,তেতিয়া ই প্ৰকৃত সৌন্দৰ্য হেৰুৱায়।কেৱল যন্ত্ৰৰ নহয়,যন্ত্ৰৰ  আঁৰত থকা দিন-হাজিৰা  কৰা শ্ৰমিক আৰু কাৰিকৰ সকলৰ অধিকাৰ আৰু মৰ্যদা সুৰক্ষিত কৰাটোৱে হৈছে বিশ্বকৰ্মা পূজা পালনৰ প্ৰকৃত উদ্দেশ্য আৰু সাৰ্থকতা । সাম্প্ৰতিক  সময়ত এই পূজা পালনত যি  পৰিৱৰ্তন দেখা গৈছে সেই সমূহ নিয়ন্ত্ৰণৰ সময় আহি পৰিছে।  আধ্যাত্মিক আৰু শান্তিপূৰ্ণ  পৰিৱেশত পূজা উদ্‌যাপন কৰিলেহে উৎসৱটোৰ  প্ৰকৃত  তাৎপৰ্য  ৰক্ষা পৰিব।