অভিমন্যু দৰে হ’ল নেকি জুবিন দা? – অৰ্ণৱ কটকী

অভিমন্যু দৰে হ’ল নেকি জুবিন দা?

অৰ্ণৱ কটকী
জাঁজী,যোৰহাট

অভিমুন্য দৰে জুবিন গাৰ্গ দেৱো যেন এক ডাঙৰ ষড়যন্ত্ৰৰ বলি হ’ল। বিগত এটা বছৰে বিভিন্ন মাধ্যমৰ জৰিয়তে শুনি অহা কথা বিলাকে যেন তাকেই বুজাইছে। যোৱা ১৯ ছেপ্টেম্বৰ শুক্ৰবাৰে জুবিন দা লগত হৈছিল কি? তেওঁ এনেকৈ কিয় হেৰাই গল? সেইয়া  এক ডাঙৰ প্ৰশ্ন! কাৰো ওচৰত উত্তৰ নাই । অসমৰ বাবে এক অপূৰণীয় ক্ষতি যি হয়তো কোনে কালেই পুৰ নহয়। তেওঁৰ অৱদান অপৰিসীম। সেই উদাত্ত কণ্ঠ, কাকো খাতিৰ নকৰা মানুহ জন নাই বুলি কওঁতেই নাইকিয়া হৈ যাব পাৰে নে? তেওঁ যোৱা পিছতো একাংশই তেওঁক বদনাম কৰাৰ চেষ্টা কৰিছিল যিদৰে তেওঁ কায়িক ভাৱে আমাৰ মাজত থাকোঁতে বিতৰ্ক কৰিছিল। সেইয়া  অসম আৰু অসমীয়াৰ বাবে গ্ৰহণ যোগ্য কথা এতিয়া নহয়, যিহেতু তেওঁ সেই বিতৰ্ক উত্তৰ দিবলৈ কায়িক ভাৱে আমাৰ মাজত নাই।

তেওঁক লৈ এচামে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ আজিও কৰিছে যেন অনুভৱ হয়। তেওঁ নিজেও বহু বাৰ এই কথা বহু ইণ্টাৰভিউত কৈছিল । তেওঁক লৈ চৰ্চা হওঁক ,তেওঁৰ সেই বিশাল সত্ত্বা প্ৰকৃতি প্ৰেম, মানৱ প্ৰেম, ৰাইজৰ বাবে সমাজৰ বাবে কৰা কামৰ অনুকৰণ কৰক সেইয়া নিশ্চয় অসমৰ বাবেই শুভ লক্ষণ হ’ব। তাৰ সমান্তৰাল ভাৱে ছিংগাপুৰত তেওঁ কেনেকৈ নিজৰ জীৱন হেৰুৱাব লগীয়া হ’ল সেইয়া উত্তৰো তেওঁক ভাল পোৱা প্ৰতিজনে জানিব বিচাৰিব। ন্যায়ৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে সঠিক ভাৱে ইয়াৰ উত্তৰ ওলাব।

তেওঁক আমি কোনেও বিদায় দিব নোৱাৰোঁ, তেওঁ দেখুওৱা পথেৰে পথ বুলি আগুৱাই যোৱাৰ চেষ্টা কৰোঁ আহক।

আমাৰ বাবেই দুৰ্ভাগ্য যে তেওঁক আমি সযতনে ৰাখিব নোৱাৰিলোঁ, তাক লৈ তেওঁ আক্ষেপ নকৰিলে কোনোদিনে মাথোঁ নিজক বিলাই গ’ল।

অভিমন্যু দৰে তেওঁ হয়তো সেই চক্ৰ বেহুত ভৰি থলে য’ত যাৰ বাবে আমি তেওঁক অকালতে হেৰুৱাব লগীয়া হ’ল।

আজি এই দিনটোত তেওঁক শ্ৰদ্ধা জনাই অসম জননীৰ প্ৰতিজন ব্যক্তিৰ বাবে তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিলো।