এগৰাকী বিশ্ব বিখ্যাত বতৰ আৰু জলবায়ু বিজ্ঞানী ড° ভূপেন্দ্ৰ নাথ গোস্বামী
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
পৃথিৱীৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে পৃথিৱীৰ গড় উষ্ণতা অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে জলবায়ুৰ ওপৰত যঠেষ্ট প্ৰভাৱ পেলাইছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰষুণৰ ধৰণ সলনি হৈছে,বৰফ গলিবলৈ ধৰিছে আৰু খৰাং বা বানপানী আদি প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে।এনে প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী যদি পোৱা যায় তেনে আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ সুযোগ পায়। এই দিশ সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৱেষণা আৰম্ভ কৰা ব্যক্তিজনেই হৈছে ড° ভূপেন্দ্ৰ নাথ গোস্বামী। তেওঁৰ গৱেষণাৰ বিষয় আছিল ভাৰতীয় মৌচুমী বায়ুৰ গতিশীলতা আৰু ইয়াৰ ভৱিষ্যদ্বাণী। জলৱায়ু পৰিবৰ্ত্তনে মৌচুমী বৰষুণৰ ওপৰতো প্ৰভাৱ পেলাইছে। তেওঁৰ নেতৃত্বতে ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে ‘ মনচুন মিছন’ প্ৰকল্প আৰম্ভ কৰিছিল । এই প্ৰকল্পৰ উদ্দেশ্য আছিল বতৰ বিজ্ঞানৰ আধুনিক কম্পিউটাৰ মডেল ব্যৱহাৰ কৰি ভাৰতত কেতিয়া, ক’ত আৰু কিমান বৰষুণ হ’ব তাৰ সঠিক পূৰ্বানুমান কৰা। তেওঁৰ গৱেষণাৰ পৰা দেখা যায় যে সেউজ গৃহ গেছৰ প্ৰভাৱত ভাৰতীয় জহকালৰ মৌচুমী বৰষুণৰ ধৰণ লাহে লাহে পশ্চিম দিশলৈ প্ৰসাৰিত হৈছে। যাৰফলত মৰুভূমি অঞ্চলতো বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছে। তেওঁৰ গৱেষণাৰ পৰা জানিব পাৰিছিল যে সাগৰৰ উষ্ণতা আৰু বায়ুমণ্ডলৰ পাৰস্পৰিক ক্ৰিয়াই বতৰ নিয়ন্ত্ৰণ কৰে আৰু বানপানীৰ আগজাননী দিব পাৰে ।
ড° ভূপেন্দ্ৰ নাথ গোস্বামীৰ জন্ম হয় ১৯৫০ চনৰ ১ আগষ্টত বৰপেটা জিলাৰ পাটবাউসীত। স্থানীয় বিদ্যালয়তে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি তেওঁ ১৯৬৯ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীৰ ( পি আৰ এল) ত বিমলা বুটীৰ তত্বাৱধানত ডক্টৰেট ডিগ্ৰী বাবে গৱেষণা আৰম্ভ কৰে।১৯৭৬ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ পি আৰ এলত গৱেষণাৰ সহকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।১৯৭৮ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈ পষ্ট ডক্টৰেট কৰে। দুবছৰৰ পিছত তেওঁ আমেৰিকাৰ নেশ্যনেল ৰিচাৰ্চ কাউন্সিলত গৱেষণা সহকাৰী পদত তিনিবছৰ আৰু এবছৰ ইউনিভাৰ্ছিটিজ স্পেচ ৰিচাৰ্চ এছʼ ছিয়েছনত বিজ্ঞানী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
ভাৰতলৈ উভতি আহি তেওঁ ১৯৮৩ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰত বৈজ্ঞানিক বিষয়া ৰূপে যোগদান কৰে।১৯৮৫ চনত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ বতৰ বিজ্ঞান কেন্দ্ৰত সহকাৰী অধ্যাপক পদত যোগদান কৰে।২০০৫ চনত কেন্দ্ৰৰ চেয়াৰ মেন হৈ ২০০৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰে। তেওঁ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ অʼচেন – লেণ্ড -এটমʼস্ফিয়াৰ ইণ্টাৰেকচনছ আৰু ইনষ্টিটিউট ফৰ গ্লোবেল এনভাইৰনমেণ্ট এণ্ড ছ’চাইটিৰ জ্যেষ্ঠ ভ্ৰমণকাৰী গৱেষণা সহযোগী হিচাপে কাম কৰিছিল।২০০৬ চনৰ পৰা ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক পদত অধিষ্ঠিত হৈ ২০১৪ চনলৈকে এই পদত থাকি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ স্থানান্তৰিত হৈ প্ৰতিষ্ঠানটোৰ পৃথিৱী আৰু জলবায়ু বিজ্ঞান বিভাগত এম ই এচ পিছাৰোটি চেয়াৰ প্ৰফেছাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২০১৫ চনৰ নৱেম্বৰ মাহত তেওঁ কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
ড° ভূপেন্দ্ৰ নাথ গোস্বামীৰ গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে কেৱল প্ৰশান্ত মহাসাগৰেই পৃথিৱীৰ জলবায়ু নিয়ন্ত্ৰণ নকৰে,ভাৰত মহাসাগৰৰো ভূমিকা আছে। ভাৰত মহাসাগৰৰ নিজা স্বতন্ত্ৰ জলবায়ু ব্যৱস্থা আছে , যিটো বৰ্তমান ভাৰত মহাসাগৰৰ ডাইপোল ( আই অʼ ডি) বুলি জনা যায়। তেওঁলোকে দেখুৱাইছিল যে পশ্চিম আৰু পূব ভাৰত মহাসাগৰৰ মাজত সমুদ্ৰপৃষ্ঠৰ উষ্ণতাৰ পাৰ্থক্যই সমগ্ৰ অঞ্চলটোত বতাহ, বৰষুণ আৰু সাগৰৰ পৰিসঞ্চালন স্বতন্ত্ৰ ভাৱে সলনি কৰিব পাৰে।
এই আৱিষ্কাৰৰ জৰিয়তে প্ৰৱৰ্তিত হয় ডাইপোল মোড সূচকাংক যাৰ নিৰীক্ষণৰ যোগেদি সমগ্ৰ ভাৰত,পূব আফ্ৰিকা, ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আদি দেশত খৰাং, বানপানী , কৃষি আৰু জলসম্পদৰ ঋতু ভিত্তিক সঠিক ভৱিষ্যদ্বাণী কৰাত সফলতা লাভ কৰে। তেওঁৰ আন এটা উল্লেখযোগ্য অৱদান হৈছে ২০০৬ চনত প্ৰমাণ কৰি দেখুৱাই যে জলবায়ু পৰিৱৰ্তনে ভাৰতীয় বাৰিষাৰ পৰিবৰ্তন আনিছে। যাৰ ফলত বৰষুণৰ তীব্ৰতা যথেষ্ট বেছি হৈছে, সঘনাই বতৰৰ পৰিৱৰ্তন হৈছে। মধ্যমীয়া বৰষুণৰ পৰিমাণ কমি গৈছে। বৰ্তমান বৰষুণৰ প্ৰকৃতি আগৰ তুলনাত তীব্ৰ ,চুটি, বহু দিনলৈ বৰষুণ নোহোৱাকৈ থকা আদি অস্বাভাৱিক অৱস্থা দেখিবলৈ পোৱা যায়।
ড° ভূপেন্দ্ৰ নাথ গোস্বামীয়ে বতৰ আৰু জলবায়ু গৱেষণা বিশেষকৈ ভাৰতৰ মৌচুমী জলবায়ুৰ ওপৰত কৰা গৱেষণাৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই বঁটাৰ ভিতৰত আছে ১৯৯৪ চনত বিক্ৰম চাৰাভাই বঁটা , ১৯৯৫ চনত ভাৰত চৰকাৰৰ বৈজ্ঞানিক গৱেষণাৰ পৰিচালক প্ৰতিষ্ঠান কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্চে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে শান্তি স্বৰূপ ভাটনাগৰ বঁটা,২০০৮ চনত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ কল্পনা ৰামকৃষ্ণ ৰামনাথন পদক আৰু কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা,২০১১ চনত ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ ২৪ সংখ্যক ৰূপালী জয়ন্তী বঁটা,২০১২ চনত ৱাছৱিক ঔদ্যোগিক গৱেষণা বঁটা,২০১৪ চনত পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে প্ৰদান কৰে বায়ুমণ্ডল বিজ্ঞান আৰু প্ৰযুক্তিৰ ৰাষ্ট্ৰীয় বঁটা। ড° গোস্বামী ভাৰতৰ মৌচুমী জলবায়ুৰ ওপৰত কৰা গৱেষণাৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ ৰʼব।
