যন্ত্ৰণা – ৰিমী হাজৰিকা

Pc StockCake

যন্ত্ৰণা

ৰিমী হাজৰিকা, মাজুলী

কিমান অসুৰক্ষিত! কিমান কষ্টকৰ নাৰীৰ জীৱন—এৰা! ইমান সহজ নে নাৰী হোৱা? ইমান সস্তীয়া নে নাৰীৰ জীৱন? নে নাৰী কেৱল উপভোগৰ পণ্য মাত্ৰ?

এই প্ৰশ্ন কেৱল মোৰ নহয়; এই প্ৰশ্ন প্ৰতিগৰাকী নাৰীৰ, প্ৰতিগৰাকী মাতৃৰ, প্ৰতিগৰাকী ভগ্নীৰ, প্ৰতিগৰাকী কন্যাৰ। এই প্ৰশ্ন সেই সমাজৰ প্ৰতি, যি সমাজে নাৰীক সন্মান কৰাৰ কথা কয়, অথচ সেই একেখন সমাজতেই নাৰীয়ে প্ৰতিদিনে নিজৰ অস্তিত্ব আৰু সুৰক্ষাৰ বাবে যুঁজ দিবলগীয়া হয়।

মহাকাব্যৰ দিনৰে পৰা আজিলৈকে ইতিহাসৰ প্ৰতিটো পৃষ্ঠাই নাৰীৰ ওপৰত হোৱা অন্যায়, অবিচাৰ আৰু নিৰ্যাতনৰ অসংখ্য কাহিনী কঢ়িয়াই লৈ ফুৰিছে। যুগ সলনি হৈছে, সমাজ সলনি হৈছে, মানুহে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নতি সাধন কৰিছে; কিন্তু নাৰীৰ প্ৰতি মানুহৰ মানসিকতাৰ বহু অন্ধকাৰ কোণ আজিও যেন সলনি হোৱা নাই।

কিন্তু কিয়?

এই ‘কিয়’-টোৰ উত্তৰ বিচাৰি নাৰী সমাজে আৰু কিমান দিন হাবাথুৰি খাব লাগিব? কিয় আজিও নাৰীয়ে নিজৰ অধিকাৰ বিচাৰি মাত মাতিবলগীয়া হয়? কিয় এগৰাকী নাৰীয়ে নিজৰ ইচ্ছামতে, নিজৰ পছন্দমতে, নিজৰ সন্মান অটুট ৰাখি জীৱনটো জীয়াই থকাৰ অধিকাৰৰ বাবে যুঁজিবলগীয়া হয়? নাৰীৰ নিজৰ কোনো স্বকীয়তা নাই নেকি? নাৰীৰ জীৱনৰ মূল্য কিয় আন কাৰোবাৰ সুবিধা আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব?

পুৱাৰ পৰা সন্ধিয়ালৈকে সংবাদ মাধ্যমৰ পৃষ্ঠাত নাৰীৰ ওপৰত হোৱা নিৰ্যাতনৰ খবৰে ভৰি থাকে। এমাদিমা অৱস্থাৰ পৰা বৃদ্ধালৈকে—বয়সৰ কোনো সীমাই যেন নাৰীক নিৰাপত্তাৰ নিশ্চয়তা দিব পৰা নাই। ঘৰৰ ভিতৰ হওঁক বা বাহিৰ, চিনাকি মানুহ হওঁক বা অচিনাকি—নাৰীৰ সুৰক্ষা আজিও এক গভীৰ প্ৰশ্ন হৈয়ে ৰৈ গৈছে।

কেতিয়াবা এগৰাকী কন্যাৰ নিৰাপত্তাৰ বাবে পিতৃ-মাতৃ চিন্তিত হয়, কেতিয়াবা এগৰাকী মাতৃয়ে নিজৰ সন্তানক লৈ শংকিত হয়, আকৌ কেতিয়াবা এগৰাকী নাৰীয়ে নিজেই নিজৰ অস্তিত্বক লৈ ভয় খাবলগীয়া হয়। এয়া কেনেধৰণৰ সমাজ? যিখন সমাজত এগৰাকী নাৰীয়ে মুক্তভাৱে খোজকাঢ়িবলৈও বহু সময়ত  ভাবিবলগীয়া হয়!

আচলতে সমস্যাটো কেৱল অপৰাধৰ নহয়; সমস্যাটো হৈছে মানসিকতাৰ। নাৰীক মানুহ হিচাপে নহয়, উপভোগৰ সামগ্ৰী হিচাপে চোৱাৰ সেই মানসিকতা আজিও সমাজৰ কোনো কোনো স্তৰত গভীৰভাৱে শিপাই আছে। নাৰীৰ পোছাক, নাৰীৰ চলন-ফুৰণ, নাৰীৰ কথা-বতৰা—এইবোৰক লৈ প্ৰশ্ন তোলা হয়; কিন্তু অন্যায় কৰা ব্যক্তিজনৰ মানসিকতা আৰু দায়িত্বক লৈ কৰা প্ৰশ্ন বহু সময়ত তল পৰি যায়।

আৰু যেতিয়া কোনো নাৰীৰ ওপৰত অন্যায় সংঘটিত হয়, তেতিয়াও সমাজৰ একাংশই সুধিবলৈ আৰম্ভ কৰে—“তাই ক’ত গৈছিল?”, “কি পিন্ধিছিল?”, “ কিয় তাত আছিল?” কিন্তু কিয় সোধা নহয়—অন্যায় কৰা মানুহজনে কিয় অন্যায় কৰিলে?

এগৰাকী নাৰীৰ পোছাক কেতিয়াও কোনো অপৰাধৰ কাৰণ হ’ব নোৱাৰে। এগৰাকী নাৰীৰ স্বাধীনতা কাৰো ওপৰত অন্যায় কৰাৰ অনুমতি নহয়, কিন্তু সেই স্বাধীনতাই তেওঁৰ বিৰুদ্ধে অন্যায় কৰাৰো কোনো অজুহাত হ’ব নোৱাৰে।

আমি প্ৰায়ে কওঁ—“নাৰীক সন্মান কৰক।” কিন্তু নাৰীক কেৱল সন্মানৰ কথাৰে নহয়, সমান অধিকাৰ, স্বাধীনতা আৰু নিৰাপত্তাৰ জৰিয়তেহে প্ৰকৃত সন্মান দিব পাৰি। নাৰীক ৰক্ষা কৰাৰ নামত তেওঁৰ স্বাধীনতাক সীমাবদ্ধ কৰি ৰখা সমাধান নহয়। সমাধান হৈছে এনে এখন সমাজ গঢ়ি তোলা, য’ত নাৰীয়ে নিজকে ৰক্ষা কৰিবলৈ নহয়, নিজৰ সপোন পূৰণ কৰিবলৈ আগবাঢ়িব পাৰে।

আইন আছে, শাস্তিৰ ব্যৱস্থা আছে, নাৰী সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি আৰু ব্যৱস্থাও আছে। তথাপি অপৰাধৰ ঘটনা সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা হোৱা নাই। সেয়েহে কেৱল আইন কঠোৰ কৰিলেই নহ’ব; সলনি কৰিব লাগিব আমাৰ চিন্তা, আমাৰ শিক্ষা, আমাৰ সামাজিক মূল্যবোধ।

ঘৰৰ পৰাই আৰম্ভ হ’ব লাগিব এই পৰিৱৰ্তন। সন্তানক সৰুৰে পৰা শিকাব লাগিব—নাৰী কোনো দুৰ্বল সত্তা নহয়, নাৰী কোনো পণ্য নহয়, নাৰী কোনো কাৰোবাৰ সম্পত্তি নহয়। নাৰী হৈছে এগৰাকী সম্পূৰ্ণ মানুহ, যাৰ আছে নিজৰ মত, নিজৰ সপোন, নিজৰ অধিকাৰ আৰু নিজৰ আত্মসন্মান।

এখন সভ্য সমাজৰ পৰিচয় কেৱল তাৰ সুউচ্চ অট্টালিকা, উন্নত প্ৰযুক্তি অথবা অৰ্থনৈতিক সমৃদ্ধিৰে নহয়; সেই সমাজত এগৰাকী নাৰী কিমান সুৰক্ষিত, কিমান স্বাধীন আৰু কিমান সন্মানিত—তাৰ পৰাও সভ্যতাৰ পৰিচয় পোৱা যায়।

সেয়েহে নাৰীৰ সুৰক্ষা কেৱল নাৰীৰ সমস্যা নহয়; ই সমগ্ৰ সমাজৰ সমস্যা। নাৰীৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে মাত মতা মানে কেৱল নাৰীৰ পক্ষ লোৱা নহয়—ই মানৱতাৰ পক্ষ লোৱা।

আমি এনে এখন সমাজ বিচাৰোঁ, য’ত এগৰাকী কন্যাই জন্ম লোৱাৰ পিছত মাক-দেউতাকে তেওঁৰ ভৱিষ্যতক লৈ ভয় নকৰে; য’ত এগৰাকী ছোৱালীয়ে সন্ধিয়াৰ পিছত ঘৰৰ বাহিৰলৈ ওলাবলৈ আতংকিত নহয়; য’ত এগৰাকী নাৰীয়ে নিজৰ সপোন পূৰণ কৰিবলৈ কাৰো অনুমতি বিচাৰিব নালাগে; আৰু য’ত নাৰীৰ অস্তিত্বৰ মূল্য তেওঁৰ সৌন্দৰ্য, শৰীৰ বা আন কাৰোবাৰ দৃষ্টিভংগীৰে নিৰ্ধাৰিত নহয়।

নাৰী কোনো পণ্য নহয়। নাৰী কোনো ভোগৰ সামগ্ৰী নহয়। নাৰী হৈছে জীৱনৰ সৃষ্টিশক্তি, সমাজৰ আধা অংশ আৰু মানৱতাৰ এক অবিচ্ছেদ্য সত্তা।

তথাপি এটা প্ৰশ্ন আজিও ৰৈ যায়—

কেতিয়া শেষ হ’ব এই যন্ত্ৰণা?

উত্তৰ হয়টো এদিনতে দিয়া অসম্ভৱ। কিন্তু যিদিনা সমাজে নাৰীক ‘সুৰক্ষা দিবলগীয়া দুৰ্বল সত্তা’ হিচাপে নহয়, সমান অধিকাৰ আৰু সন্মানৰ অধিকাৰী এগৰাকী মানুহ হিচাপে চাবলৈ শিকিব—সেইদিনাই হয়তো এই যন্ত্ৰণাৰ অন্তৰ আৰম্ভণি হ’ব।

আৰু সেই পৰিৱৰ্তনৰ অপেক্ষাত নাথাকি, পৰিৱৰ্তন   আমি আজিৰ পৰাই আৰম্ভ কৰোঁ আহক।