নতুন দিল্লীত বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী- ৰাষ্ট্ৰপতি জিনপিঙ
ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰিক্ছ সন্মিলনত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হয় । ২০২৫ চনৰ আগষ্ট মাহত তিয়েনজিনত হোৱা বৈঠকৰ পিছত দুয়োগৰাকী শীর্ষ নেতাৰ মাজত হোৱা এই আলোচনাই ভাৰত-চীন সম্পৰ্কলৈ পুনৰ এক ইতিবাচক বার্তা কঢ়িয়াই আনিছে। নেতাদ্বয়েৰ আলোচনাত উত্থাপিত হয় সীমান্ত সমস্যা, বাণিজ্য তথা বিনিয়োগ আদি প্রসংগ। অতীতৰ সংঘাতক পিছ পেলাই থৈ হাতত হাত ৰাখি বন্ধুত্বৰ বাৰ্তা দিলে দুই ৰাষ্ট্ৰপ্ৰধানে। প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে মতানৈক্যক বিবাদত পৰিণত হ’ব দিব নালাগে, এই কথাত একমত প্ৰকাশ কৰে ৷ বৈঠকত দুয়োখন দেশৰ মাজত সীমান্ত ব্যৱস্থাপনাৰ পৰা আৰম্ভ কৰি বিশ্বব্যাপী একাংশ বিষয়ত অৰ্থনৈতিক সহযোগিতা আৰু সমন্বয় বৃদ্ধিৰ বিভিন্ন বিষয়ৰ ওপৰত ৪৫ মিনিট সময় আলোচনা কৰে ৷ বৈঠকত দুয়োখন দেশে নিজৰ দ্বি-পাক্ষিক সম্পর্কক এক কৌশলগত তথা দীর্ঘম্যাদী দৃষ্টিভংগীৰে চোৱাৰ পোষকতা কৰে আৰু মতপার্থক্যসমূহক কেতিয়াও বিবাদলৈ ৰূপান্তৰ হ’বলৈ দিয়া নহ’ব বুলি পুনৰ উল্লেখ কৰে। আলোচনাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোৰ দি কয় যে ভাৰত আৰু চীনৰ সম্পৰ্কৰ ভৱিষ্যৎ ‘তিনিটা পাৰস্পৰিক নীতি’ৰ ওপৰত প্রতিষ্ঠিত হ’ব লাগিব পাৰস্পৰিক শ্ৰদ্ধা, পাৰস্পৰিক সংবেদনশীলতা আৰু পাৰস্পৰিক স্বার্থ। স্থায়ী শান্তি, সুস্থিৰতা আৰু সহযোগিতাৰ পথ মুকলি কৰিবলৈ এই নীতিকেইটা অনুসৰণ কৰাটো অত্যন্ত প্রয়োজন বুলি প্রধানমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে। একেদৰে, সীমান্ত এলেকাত শান্তি আৰু স্থিৰতা বজাই ৰখাটো দ্বি-পাক্ষিক সম্পৰ্কৰ প্ৰগতিৰ মূল ভিত্তি বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে পূৰ্বৰ চুক্তি আৰু বুজাবুজিসমূহ কঠোৰভাৱে পালন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই সীমান্ত সমস্যাৰ এক ন্যায়সংগত, যুক্তিসংগত আৰু দুয়োপক্ষৰ বাবে গ্রহণযোগ্য সমাধানৰ বাবে নিজৰ প্রতিশ্রুতি প্রকাশ কৰে। দ্বি-পাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মানুহৰ মাজত সৌহার্দ্য বৃদ্ধি, সাংস্কৃতিক আদান-প্রদান, ব্যৱসায়িক সংযোগ আৰু যাতায়াতৰ সুচল ব্যৱস্থাৰ ওপৰতো বৈঠকে বিশেষ গুৰুত্ব লাভ কৰে। অর্থনৈতিক আৰু বাণিজ্যিক ক্ষেত্রত কাঠামোগত বাণিজ্যৰ ভাৰসাম্যহীনতা, যোগান শৃংখলৰ সমস্যা আদি সমাধান কৰি স্বচ্ছ আৰু পূর্বানুমানযোগ্য বজাৰৰ সুবিধা প্ৰদানৰ বিষয়েও নেতাদ্বয়ে আলোচনা কৰে। আনহাতে বৈঠকৰ আৰম্ভণিতে চীনা ৰাষ্ট্ৰপতিগৰাকীক উষ্ণ সম্ভাষণ জনায় প্রধানমন্ত্রী মোদীয়ে। তেওঁ কয়-‘আপোনাক আদৰণি জনাবলৈ পাই আনন্দিত। ব্রিক্ছ মঞ্চত আপোনাৰ ইতিবাচক বাৰ্তাৰ বাবে ধন্যবাদ। ভাৰতৰ ব্ৰিছৰ সভাপতিত্বত চীনৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জনলোঁ।’ উত্তৰত জিনপিঙে কয়- ‘আমাৰ জন্মদিনৰ দিনা অৰ্থাৎ ১৫ জুনত আপোনাৰ চহৰলৈ অহাৰ আমন্ত্ৰণ লাভ কৰিছিলোঁ। বিগত বছৰসমূহত আমাৰ মাজত ২১বাৰ সাক্ষাৎ হৈছে। একাধিক গুৰুত্বপূৰ্ণ বিষয়ত সহমতত উপনীত হৈছোঁ আমি। যিয়ে ভাৰত-চীনৰ কূটনৈতিক সম্পৰ্কক স্থিতিশীল উন্নয়নৰ পথেৰে পৰিচালিতা কৰিছে।’ তেওঁ আৰু কয় যে আমাৰ দুয়োখন দেশৰ ৰাষ্ট্ৰীয় পৰিস্থিতি সম্পূৰ্ণ সুকীয়া। পৰস্পৰে পৰস্পৰৰ শক্তিৰ পৰা শিক্ষা লয়, একপক্ষই আনপক্ষক সমর্থনৰ জৰিয়তে একেলগে আমি আগুৱাই যাব লাগিব। ভাৰতে গ্রহণ কৰা ব্ৰিকছৰ সভাপতিৰ দায়িত্ব আৰু ২০২৬ চনৰ সন্মিলনখন সফল কৰি তোলাৰ ক্ষেত্ৰত চীনে আগবঢ়োৱা সমর্থনৰ বাবে প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰপতি জিনপিং আৰু চীন চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। আঞ্চলিক তথা বিশ্বজনীন সংঘাত আৰু প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ দুয়োখন দেশে সম্মিলিত প্রচেষ্টা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
