নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনত বিজেপিৰ প্ৰাৰ্থী ঘোষণা

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনত বিজেপিৰ প্ৰাৰ্থী ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও লোকসভা সমষ্টিৰ উপ–নিৰ্বাচনৰ বিজেপিৰ প্রাৰ্থী ঘোষণা। নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব সদ্য অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া দেৱাশিস শর্মা। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে দেৱাশিস শৰ্মাৰ নাম বিজেপি প্রার্থীৰূপে ঘোষণা কৰে। উল্লেখ্য যে নগাঁৱৰ আয়ুক্ত হিচাপে কার্যনির্বাহ কৰি থকা সময়তে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা দেৱাশিস শৰ্মাই যোৱা ৮ ছেপ্টেম্বৰত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল। নগাঁও জিলাৰ লগতে মৰিগাঁও জিলাত আয়ুক্ত হিচাপে দীঘলীয়া সময় সমষ্টিটোৰ জনসাধাৰণৰ সৈতে পৰিচিত হৈ থকা দেৱাশিস শর্মা বিজেপিত শক্তিশালী প্রার্থী হ’ব বুলিও ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বিজেপিয়ে শর্মাক প্রার্থী হিচাপে নাম ঘোষণাৰ পিছতে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে, ৰাষ্ট্ৰীয় দল এটাই মোৰ ওপৰত বিশ্বাস ৰাখি যি গধুৰ দায়িত্ব প্রদান কৰিছে তাৰ বাবে ধন্যবাদ। কেন্দ্ৰত মোদী চৰকাৰ, ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা ডাবল ইঞ্জিনৰ চৰকাৰে যিদৰে উন্নয়নমূলক কাম কৰিছে, তাৰ বাবে ৰাইজে বিজেপিক আশীর্বাদ দিব। বিগত ২৫ বছৰত প্রশাসনিক বিষয়া হিচাপে নগাঁৱত যি কাম কৰিছিলোঁ, তাৰ বাবে ৰাইজে মোক ভাল পায়। উল্লেখ্য যে, নগাঁও লোকসভাৰ উপ-নির্বাচনৰ বাবে প্রার্থীয়ে মনোনয়ন দাখিল কৰাৰ অন্তিম দিন হৈছে ১৬ ছেপ্টেম্বৰ আৰু ভোটদান হ’ব ৬ অক্টোবৰত। ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ সময়তে সেই সময়ৰ নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল। ফলত খালী হৈছিল নগাঁও লোকসভা সমষ্টিটো। শুকুৰবাৰে বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে যদিও এই পর্যন্ত কংগ্রেছে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম। উপ-নির্বাচনৰ বাবে কাক প্রক্ষেপ কৰিব তাক লৈ ঠিৰাং কৰিব পৰা নাই কংগ্রেছে। মুখ্যমন্ত্রীয়ে প্রার্থিত্ব লাভৰ বাবে দেৱাশিস শর্মাক শুভকামনা জ্ঞাপন কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰসংগতো মুখ্যমন্ত্রী ড° শর্মাই কয়- নগাঁও লোকসভা সমষ্টি বিজেপিৰ পৰম্পৰাগত সমষ্টি নহয়। যোৱা লোকসভা নির্বাচনত আমি সমষ্টিটোত পৰাজয় বৰণ কৰিছোঁ। যদিও এইটো বিজেপিৰ সমষ্টি নহয়, তথাপি বিগত কেইটামান দিনত সমষ্টিটোত সংখ্যালঘু লোকৰ বিজেপিৰ প্ৰতি ব্যাপক সঁহাৰি দেখা গৈছে। এইবাৰ ৰাইজৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনা আছে। যোৱাবাৰ বিধানসভা উপ-নির্বাচনত আমি চামগুৰি সমষ্টিত জয়লাভ কৰিছিলোঁ যদিওবা এই আসনখন আমাৰ নাছিল। গতিকে দলৰ সকলোৱে উপ-নির্বাচনত এবাৰ যুঁজাৰ বাবে চিন্তা কৰিছে। কিন্তু আমাৰ মুখ্য লক্ষ্য হ’ব যে বিধানসভা নির্বাচনত আমি যিকেইটা সমষ্টিত জয়ী হৈছিলোঁ, সেই সমষ্টিকেইটা যাতে আমাৰ হাতত থাকে আৰু ভোট যাতে বৃদ্ধি হয়। মুখ্যমন্ত্রীয়ে কয় যে বিজেপিয়ে সংখ্যালঘু অধ্যুষিত সমষ্টিত বিগত বিধানসভা নির্বাচনত যথেষ্ট ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। মানকাচৰৰ দৰে সমষ্টিত বিজেপিয়ে সংখ্যালঘুৰ সমৰ্থন লাভ কৰাৰ লগতে পৰ্বতঝোৰা সমষ্টিতো যথেষ্ট ভোট লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে সংখ্যালঘু লোকৰ ভোট বিজেপিয়ে একেবাৰে নোপোৱাকৈ নাথাকে। চামগুৰি সমষ্টিতো আমি জয়ী হৈছিলোঁ। গতিকে নগাঁৱত এইবাৰ কি হয় দেখা যাব।