জুবিন হত্যা গোচৰত সাক্ষ্য প্ৰদান প্রবাসী অসমীয়া প্ৰতিম লহকৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মীলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। শুকুৰবাৰে তৃতীয়গৰাকী প্ৰবাসী অসমীয়া প্ৰতিম লহকৰ ফাষ্টট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। অৱশ্যে শুকুৰবাৰে তেওঁৰ সাক্ষ্যদান সম্পূর্ণ নহ’ল। অহা সপ্তাহত সাক্ষ্য দানৰ কাৰণে তেওঁ পুনৰ আদালতত উপস্থিত হ’ব লাগিব। উল্লেখ্য যে ছিংগাপুৰৰ য়ট পার্টীত জুবিন গাৰ্গৰ সৈতে একেলগে থকা প্রতিম লহকৰৰ জবানবন্দী বিএনএছএছৰ ১৮৩ ধাৰাৰ অধীনত লিপিবদ্ধ হৈছিল। ২০২৫ চনৰ ১৬ অক্টোবৰত তেওঁৰ জবানবন্দী লিপিবদ্ধ হৈছিল। ফাষ্টট্রেক আদালতত প্ৰতিম লহকৰৰ সাক্ষ্যদান অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কাৰণ ছিংগাপুৰৰ সাগৰত সাঁতুৰিবৰ সময়ত জুবিন গাৰ্গৰ সৈতে একেলগে আছিল। স্মর্তব্য যে জুবিন গাৰ্গৰ হত্যা গোচৰত এতিয়ালৈকে ফাষ্টট্রেক আদালতত প্রতিম লহকৰসহ তিনিজন প্রবাসী অসমীয়াই সাক্ষ্য প্রদান কৰিছে। ইতিপূর্বে পৰীক্ষিত শৰ্মা আৰু সুস্মিতা গোস্বামীয়ে নিজৰ নিজৰ সাক্ষ্য প্রদান কৰিছে। ইফালে ৰাজ্যৰ একাংশ সংবাদ মাধ্যমত প্রতিম লহকৰে বিএনএছএছৰ ১৮৩ ধাৰাত দিয়া জবানবন্দীৰ প্ৰতিলিপি আৰু ভাষ্য প্রকাশ হোৱাত ক্ষুব্ধ হৈছে ফাষ্টট্রেক আদালতত। বিষয়টোত গুৰুত্ব আৰোপ কৰি আদালতে সংবাদ মাধ্যমত প্ৰচাৰিত আদালতৰ তথ্য বুলি গণ্য কৰি তাক তৎকালে বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগক তদন্তৰ নিৰ্দেশ দিছে। আদালতে চিআইডিক এই সন্দর্ভত এক বিতং প্রতিবেদন দাখিল কৰিবলৈ আৰু আইন অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে এনে ঘটনাক আদালত অবমাননা গণ্য কৰি কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও স্পষ্ট কৰি দিয়ে।
