অহা২০ বছৰলৈ অসমত কংগ্রেছ শাসনলৈ নাহেঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। কাৰ্যনিৰ্বাহক সভাৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অন্তত সংবাদ মাধ্যমৰ হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° শৰ্মাই বিৰোধী দলটোক কটাক্ষ কৰি কয়- অসমত বর্তমান কংগ্ৰেছ দলটো নাই। অহা ২০ বছৰলৈ অসমত কংগ্ৰেছ নাহে। এইবাৰৰ বিধানসভাৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছ যে সাংঘাটিক ভাৱে পুনৰুজ্জীৱিত হ’ব পাৰিব সেই কথা মই নাভাবো। সেই কাৰণে হতাশাত ভুগি কংগ্ৰেছৰ সকলো কাৰ্যকৰ্তাই বিজেপিত যোগদান কৰাটো স্বাভাৱিক কথা। কংগ্ৰেছ যে অসমত আকৌ ঘূৰি আহিব সেই কথা মই নাভাবো। দুই-এটা সমষ্টিত কংগ্ৰেছৰ অলপ ভোট আছে সেই ঠাইতে কংগ্ৰেছ থাকিব। গতিকে উপ-নিৰ্বাচনৰ বাবে প্রার্থী কেনেকৈ ঠিক কৰিব, সেয়া তেওঁলোকৰ কথা।আনহাতে কংগ্ৰেছত সৃষ্টি হৈ থকা লবী প্রসংগত মুখ্যমন্ত্রীয়ে কয়- কংগ্রেছত এতিয়া মানুহেই নাই। ফৈদত অংশগ্ৰহণ কৰিবলৈ মানুহেই নাই, সেনাপতিহে আছে সৈনিক নাই। কাৰোবাৰ যদি ফৈদ আছে তেওঁৰ পিছতো মানুহ নাই।
