অহা ফেব্ৰুৱাৰীত প্ৰথমবাৰলৈ গুৱাহাটীত হ’ব আন্তঃৰাষ্ট্ৰীয় মাৰাথন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় মাৰাথন। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাৰতীয় ক্রিকেট কিংবদন্তি সুনীল মনোহৰ গাভাস্কাৰৰ উপস্থিতিত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ লগ’ উন্মোচন কৰে। ২০২৭ চনৰ ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্রতিযোগিতা আয়োজনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গুৱাহাটীৰ ক্রমবর্ধমান পৰিচয়ৰ ক্ষেত্রত এক উল্লেখযোগ্য সংযোজন হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ উদ্বোধনী সংস্কৰণত বিভিন্ন পৰ্যায়ৰ দৌৰবিদক সামৰি মুঠ পাঁচটা শাখাত প্রতিযোগিতা অনুষ্ঠিত হ’ব। সেইসমূহ হৈছে-মাৰাথন-৪২.১৯৫ কিলোমিটাৰ, হাফ মাৰাথন- ২১.০৯৭ কিলোমিটাৰ, ১০ কিলোমিটাৰ দৌৰ, ৫ কিলোমিটাৰ দৌৰ আৰু ১.৫ কিলোমিটাৰ দৌৰ। অহা ১১ ছেপ্টেম্বৰৰ পৰা মাৰাথনৰ পঞ্জীয়ন আৰম্ভ হ’ব। মুখ্যমন্ত্রী ড° শর্মাই ইতিমধ্যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰথমগৰাকী পঞ্জীয়নভুক্ত অংশগ্রহণকাৰী হিচাপে নাম পঞ্জীয়ন কৰিছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এনে এখন আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাই গুৱাহাটীক বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ লগতে মহানগৰখনক বিশ্বৰ এখন গুৰুত্বপূৰ্ণ ভ্রমণস্থান হিচাপে প্রতিষ্ঠা কৰিব। তেওঁ কয় যে এই মাৰাথনে অসমত ক্রীড়া পর্যটনকো যথেষ্ট উদগনি যোগাব। এই প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও অংশগ্ৰহণকাৰী দৌৰবিদ আৰু দৰ্শক আহিব। ফলত গুৱাহাটীৰ ঐতিহ্য, সংস্কৃতি আৰু পৰ্যটনস্থলীসমূহ বৃহৎ পৰিসৰত তুলি ধৰাৰো সুযোগ সৃষ্টি হ’ব। ড° শর্মাই কয় যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথন অসমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্রীড়া আয়োজনৰ ক্ষেত্ৰত প্ৰকাশ কৰা ক্রমবর্ধমান আকাংক্ষাৰ এক গুৰুত্বপূৰ্ণ প্রতিফলন। তেওঁ লগতে কয়, ‘গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ক্রীড়া আয়োজনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্র হিচাপে পৰিগণিত হোৱাটোৱে আমাৰ ৰাজ্যখনৰ পৰিৱৰ্তিত পৰিচয় আৰু ক্রমবর্ধমান আকাংক্ষাৰ সাক্ষ্য বহন কৰিছে।’ এই মাৰাথনত অসমবাসী, বিশেষকৈ গুৱাহাটীবাসীক অংশগ্ৰহণৰ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়, ‘আমি ইয়াক সুস্বাস্থ্য, ক্রীড়াসুলভ মনোভাব আৰু গুৱাহাটীৰ উদ্যমী প্রাণশক্তিৰ এক উৎসৱ হিচাপে গঢ়ি তোলোঁ আহক।’ তেওঁ উদ্বোধনী সংস্কৰণত হাজাৰ হাজাৰ লোকে অংশগ্রহণ কৰিব বুলি আশা প্রকাশ কৰে। আয়োজকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° শর্মাই এই সন্মানীয় ক্রীড়া প্রতিযোগিতা গুৱাহাটীত আয়োজন কৰা বাবে আয়োজক পিএমজি আৰু এই পদক্ষেপৰ মূল ব্যক্তি সুনীল মনোহৰ গাভাস্কাৰক ধন্যবাদ জ্ঞাপন কৰে।
