সপোন জগোৱা জ্ঞানৰ দীপশিখা – উদীঞ্চা শইকীয়া

সপোন জগোৱা জ্ঞানৰ দীপশিখা

 উদীঞ্চা শইকীয়া,
একাদশ শ্ৰেণী, জামুগুৰি আদৰ্শ জাতীয় বিদ্যাপীঠ

জামুগুৰি আদৰ্শ জাতীয় বিদ্যাপীঠ,
তুমি আমাৰ গৌৰৱৰ নাম,
তোমাৰ পৱিত্ৰ চৌহদত
জানে নতুন সপোনৰ গান।
জ্ঞানৰ পোহৰে বাট দেখুৱাই,
শিক্ষকে দিয়ে সাহস;
সততা, শৃংখলা, পৰিশ্ৰমেৰে
গঢ়ে আমাক উজ্জ্বল আকাশ।
পুথিৰ পাতত জ্ঞানৰ জ্যোতি,
খেল পথাৰত প্ৰাণৰ বল ;
নিজৰ ভাষা, নিজৰ সংস্কৃতি —
আমাৰ হৃদয়ত অমূল্য ফল।
এদিন আমি দূৰলৈ যাম
সপোনবোৰ সত্য কৰিম;
তোমাৰ শিক্ষা বুকুত লৈ
নতুন ইতিহাস গঢ়িম।
জামুগুৰি আদৰ্শ জাতীয় বিদ্যাপীঠ,
তুমি আমাৰ আশাৰ ঠিকনা;
তোমাৰ জ্ঞানৰ দীপশিখা লৈ
পোহৰাই তুলিম ভৱিষ্যতখন।