প্ৰকৃত লিখকৰ হৃদয়ৰ সংশয় – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

প্ৰকৃত লিখকৰ হৃদয়ৰ সংশয় 

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

বৰ্তমান সময়ত প্ৰযুক্তিৰ দ্ৰুত প্ৰগতিৰ লগে লগে আমাৰ সমাজত এক নতুন বিষয়ৰ চৰ্চা আৰম্ভ হৈছে— সেয়া হৈছে কৃত্ৰিম বুদ্ধিমত্তা বা AI (Artificial Intelligence)। আজি বহু লোকে নিজৰ দৈনন্দিন কাম-কাজৰ পৰা আৰম্ভ কৰি সাহিত্য চৰ্চালৈকে AI-ৰ সহায় ল’বলৈ আৰম্ভ কৰিছে। বিশেষকৈ ফেচবুক, ইনষ্টাগ্ৰাম আদি ছচিয়েল মিডিয়াত আজিকালি ‘AI-generated’ বা কম্পিউটাৰ প্ৰগ্ৰেমেৰে লিখা অসমীয়া কবিতা, গল্প বা বিভিন্ন চিন্তা প্ৰকাশৰ এক প্ৰৱণতা গঢ়ি উঠা দেখা গৈছে। কিন্তু প্ৰশ্ন হয়, এই যান্ত্ৰিক জনপ্ৰিয়তাই আমাৰ প্ৰকৃত সাহিত্যিক আৰু পাঠক সমাজৰ কিমান উপকাৰ কৰিছে? নে ই সাহিত্যৰ আৱেগিক ভেটিটোহে ফোঁপোলা কৰি তুলিছে?

যিকোনো এটা কবিতা, গল্প নাটক,বা উপন্যাস সৃষ্টি কৰাৰ যি প্ৰক্ৰিয়া— সেয়া কেৱল কিছুমান শব্দৰ সমষ্টি নহয়। ইয়াৰ বাবে প্ৰয়োজন হয় এক সুস্থিৰ মানসিক পৰিৱেশ, ধৈৰ্য্য, গভীৰ জীৱনবোধ আৰু নিৰৱ সাধনাৰ। যেতিয়া এজন লেখকে নিজৰ অনুভূতি আৰু কল্পনাক শব্দৰ ৰূপ দিয়ে, তেতিয়া তেওঁৰ মনটো এক অবুজ আৱেগত নাচি উঠে। এই যি সৃষ্টিৰ আনন্দ আৰু কষ্ট, সেয়া কেৱল সৃষ্টি কৰা জনহে অনুভৱ কৰিব পাৰে। সাহিত্যৰ প্ৰকৃত আত্মা ইয়াতেই লুকাই থাকে।

AI আচলতে কম্পিউটাৰৰ এটা প্ৰগ্ৰেম । মানুহৰ মগজু বা চেতনাৰ দৰে ৰূপ ল’বলৈ ইয়াক হয়তো বহু বছৰৰ প্ৰয়োজন হ’ব, বা কেতিয়াও সম্ভৱ নহ’বও পাৰে। ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণটো হ’ল— AI-ৰ কোনো নিজস্ব ‘বিবেক’ নাই। যিহেতু ই এক জড় প্ৰগ্ৰেম, গতিকে ই কোনো কথাতে মানুহৰ দৰে প্ৰতিক্ৰিয়া দেখুৱাব নোৱাৰে। AI-ক যদি কোনোবাই অতি বেয়া কথা বা গালি-গালাজো লিখে, তথাপিও তাৰ কোনো অনুশোচনা বা খং নুঠে। সি কেৱল নিৰ্বিকাৰভাৱে শব্দবোৰ ৰূপান্তৰ কৰি উত্তৰ দিয়ে। যিটো যন্ত্ৰৰ ভাল-বেয়াৰ অনুভৱৰ কোনো বিবেকেই নাই, সি মানুহৰ মন চুব পৰা সাহিত্য কেনেকৈ সৃষ্টি কৰিব? AI-ক ব্যৱহাৰ কৰি কিবা এটা লিখিবলৈ হ’লেও ৯০% ধাৰণা বা নিৰ্দেশনা লিখকজনে নিজেই দিব লাগে। ই শব্দ সজাব পাৰে, কিন্তু তাত হৃদয়ৰ স্পন্দন ,আবেগ বা নৈতিক মূল্যবোধ দিব নোৱাৰে।

AI-ৰ এই অনিয়ন্ত্ৰিত প্ৰসাৰে বৰ্তমান আমাৰ সমাজত এক ভয়ংকৰ ‘সন্দেহবাদী’ পৰিৱেশৰ সৃষ্টি কৰিছে। যিসকল লেখকে বছৰ বছৰ ধৰি নিৰৱ সাধনাৰে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে, তেওঁলোক এতিয়া এক গভীৰ মানসিক হতাশাত ভুগিবলগীয়া হৈছে। আজিকালি কোনো এজন লেখকে অতি কষ্ট কৰি এটা উৎকৃষ্টমানৰ কবিতা বা গল্প ছচিয়েল মিডিয়াত দিলে, একাংশ পাঠকে তাক প্ৰশংসা কৰাৰ সলনি ‘AI-generated’ বুলি সন্দেহৰ চকুৰে চায়। আনকি বৰ্তমান ব্যৱহাৰ হোৱা AI detector ছফ্টৱেৰবোৰেও বহু সময়ত প্ৰকৃত মানুহৰ লিখনিক ভুলকৈ AI বুলি চিহ্নিত কৰে। নিজৰ হৃদয়ৰ অনুভৱক যেতিয়া সমাজত এনেদৰে যান্ত্ৰিক বুলি সন্দেহ কৰা হয়, তেতিয়া এজন লেখকৰ বাবে তাতকৈ ডাঙৰ মানসিক যন্ত্ৰণা আৰু একো থাকিব নোৱাৰে। ই লাহে লাহে প্ৰকৃত প্ৰতিভাক চিৰদিনৰ বাবে মৌন কৰি পেলাব।

ই পাঠকসকলৰো পঢ়াৰ আগ্ৰহ সম্পূৰ্ণৰূপে কমাই পেলাব। পাঠকে সাহিত্য পঢ়ে আৱেগিক সংযোগৰ বাবে। য’ত কোনো মানৱীয় স্পৰ্শ নাথাকে, সেই বিবেকহীন যান্ত্ৰিক সাহিত্য পঢ়ি পাঠকে লাহে লাহে আমোদ হেৰুৱাই পেলাব। ইয়াৰ ফলত সাহিত্যৰ সৈতে থকা পাঠকৰ আৱেগিক সম্পৰ্কটো চিঙি পৰিব।

বহুতে AI-ৰ সহায়ত লিখি নিজক ডাঙৰ লেখক সজাব খুজিলেও, কোনো ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য প্ৰতিযোগিতাত এনে লিখনি কেতিয়াও জিকিব নোৱাৰে। কাৰণ বৰ্তমান সময়ত AI-generated লিখনি ধৰা পেলাবলৈ উন্নত ছফ্টৱেৰ সক্ৰিয় হৈ পৰিছে আৰু অভিজ্ঞ বিচাৰকসকলেও শব্দৰ ভিতৰত থকা মানৱীয় আৱেগ আৰু মৌলিকতাক সহজেই চিনাক্ত কৰিব পাৰে।

প্ৰযুক্তি হিচাপে AI হয়তো কোনোবা লেখকৰ ব্যাকৰণ শুধৰোৱা বা তথ্য সংগ্ৰহৰ দৰে সৰু-সুৰা কামত সহায়ক সঁজুলি হ’ব পাৰে, কিন্তু ই কেতিয়াও সাহিত্যিকৰ বিকল্প হ’ব নোৱাৰে। যন্ত্ৰই কেতিয়াও হৃদয়ৰ ভাষা লিখিব নোৱাৰে। অসমীয়া সাহিত্যৰ স্বাৰ্থত আমি সকলোৱে কৃত্ৰিম যান্ত্ৰিকতাতকৈ মানৱীয় প্ৰতিভা আৰু বিবেককহে বেছি আদৰি লোৱা উচিত।