শংকৰোৎসৱে হৃদয়ত বিলাই ভক্তি ভাৱৰ বুলনী – নমিতা দাস

Pc Wikipedia

শংকৰোৎসৱে হৃদয়ত বিলাই ভক্তি ভাৱৰ বুলনী

নমিতা দাস,শুৱালকুছি

শঙ্কৰ দেৱক কৰো নমস্কাৰ
সৰ্বলোক ণিতাকাৰী ।
হৰিভক্তি মহা ধৰ্ম প্ৰচাৰিলা
সমস্তে শাস্ত্ৰ বিচাৰি ।।
লোকক কৃপায়ে নানান উপায়ে
বিহিলন্ত কৃপাময় ।
কতো গীত পদ কীৰ্তনৰ ছন্দে
ভট্টিমা কতো চপয় ।।
এহিমতে নানা প্ৰচাৰ কৰিলা
লোক তাৰিবাৰ হতু ।
পৰম কৃপালু শঙ্কৰে বান্ধিলা
ইটো মহাধৰ্ম সেতু ।।
ৰামচৰণ ঠাকুৰ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ এইবাৰ ৫৭৮তম্ গুৰু জয়ন্তী । অসমত নৱবৈষ্ণৱ ধৰ্মৰ ত্ৰাণকৰ্তা অসমীয়া জাতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰি অসমীয়া জাতীয় সংস্কৃতিৰ সৃষ্টি আদি গুৰু । তেখেতৰ বহুমুখী প্ৰতিভাৰ আকাৰ স্বৰূপ। মহাপুৰুষ মাধৱদেৱৰ ভাষাত “সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম”তেখেতৰ ধৰ্ম প্ৰচাৰ,শিক্ষা,চিত্ৰ বিদ্যা,সমাজ সংস্কাৰ,সাহিত্য সৃষ্টি,সংগীত,অভিনয়,সকলো বিষয়তে অসমীয়া জাতি আৰু অসমীয়া ভাষা সাহিত্যিক সঞ্জীৱনী শক্তি প্ৰদান কৰি অসমবাসীক চহকী কৰি থৈ গৈছে। তেখেতৰ অৰিহণা অবিহনে অসমীয়া জাতি আৰু ভাষা সাহিত্যৰ অচিনাকী হৈ ৰল হেঁতেন।

” কীৰ্তনতে শঙ্কৰ গুৰু ঘোষাতে মাধৱ
দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ “

১৪৪৯ খ্ৰিষ্টাব্দত আহিন মাহৰ শুক্ল দশমিত বৰদোৱা আলিপুখুৰীত জন্ম গ্ৰহন কৰা মহাপুৰুষ গুৰুজনাৰ জন্ম উৎসৱত ঈশ্বৰৰ গুনাণু কীৰ্ত্তনেৰে গুৰু জনাৰ সৃষ্টিৰ অমিয়া ৰসেৰে ভৰি পৰে প্ৰতিটো নামঘৰ কীৰ্ত্তনঘৰ তেৰাৰ গুনাণু কীৰ্তনৰ লগতে আই মাতৃ বাপ বান্ধৱ আটায়ে মিলি ঈশ্বৰক আৰাধনা কৰি স্বৰ্গ সম কৰি তোলা হয় প্ৰতিটো অঞ্চল । নাম ধৰ্মৰে মুখৰিত সেই অঞ্চল সমুহত গাওঁৰ ডেকা বুঢ়া লৰা ছোৱালী আটাইৰে মুখত হৰি ৰসৰ আমৃত সুৰ বিয়পি পৰে ,স্বৰ্গলৈ ৰূপান্তৰিত হয় সেই অঞ্চল সমুহ।

অসমীয়া জাতিৰ সাহিত্য সংস্কৃতিৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা অসমীয়া কলা কৃষ্টিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই হৈছে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক । অসমীয়া জাতিক জীয়াই ৰখা মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ দুয়োজনাই হৰি,নাম ধৰ্মৰে বৈষম্যহীন সমাজ প্ৰতিষ্ঠা কৰি ভগৱান শ্ৰীকৃষ্ণৰ লীলা সমুহেৰে ভক্তিৰ ৰস সাগৰ বোৱাইছিল। ভক্তগণৰ মাজত ভক্তিৰস প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগতে শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাই সাধাৰণ জনগণৰ বোধগম্য হ’ব পৰাকৈ নিজৰ সৃষ্টি ৰাজিৰে কীৰ্ত্তনঘোষা আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই নামঘোষা ৰচনা কৰিছিল । শংকৰদেৱ গুৰু জনাৰ কীৰ্ত্তনঘোষাত ভগৱানৰ চতুৰৰ্বিংশতি অৱতাৰৰ কথা বৰ্ণনা কৰি পিছত নামাপৰাধ দেখুৱাইছে ।

ভগৱান শ্ৰীকৃষ্ণৰ শান্ত সৌম্য ৰূপ বৰ্ণনাৰে নাম কীৰ্তনৰে যে পাপ মোচন কৰিব পাৰি তাৰো সুন্দৰ বৰ্ণনা আমাক দিছে । ভকতৰ ভয়, সংকট কালত হৰি নামেৰে উদ্ধাৰ হোৱাৰ কথা গজেন্দ্ৰোপাকখাণত উল্লেখ কৰে। ভক্তগণৰ ভগৱানৰ প্ৰতি শ্ৰদ্ধা, ভক্তিৰ উদাহৰণ প্ৰহ্লাদ চৰিত্ৰ আৰু অহংকাৰে বলিচলনত দৰ্পচূৰ্ণ হোৱা কথা দাঙি ধৰিছে।

শংকৰী ক’লা কৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনঘোষাত শ্ৰীকৃষ্ণৰ লীলা সমুহো উল্লেখ কৰে। এক শৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগিয়া হোৱাত কীৰ্ত্তন পুথি খনৰ ভাগ সমুহ বিভিন্ন ঠাইত ৰচনা কৰিছিল । গুৰুজনাই বৈকুণ্ঠগামী হোৱাৰ পিছত হে সেই খণ্ড সমুহ সগ্ৰহ কৰি কীৰ্ত্তন ঘোষা খন প্ৰস্তুত কৰা হয় ।

” ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা
ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা “

অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কৃৰ্তি স্তম্ভ নামঘোষা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ অৱদানো উল্লেখযোগ্য । তেখেতে হেজাৰী ঘোষা বা নাম-ঘোষাৰ জড়িয়তে শংকৰদেৱ গুৰুজনাৰ প্ৰতি থকা তেওঁৰ ভক্তিৰ মাৰ্গৰ নিদৰ্শন দাঙি ধৰাৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ লীলা সমুহ প্ৰকাশ কৰে । নাম-ঘোষা সংকলন কৰোতে চৈধ্য বছৰ ছয় মাহ সময় লাগিছিল । এই নাম-ঘোষাত গুৰুজনাই তিনিটা প্ৰকাৰে সংকলন কৰিছিল বুলি জনা যায় ।

১/ গুৰু সেৱা কৰি মই যিবা সত্য পালোঁ ।
সমস্তকে আনি মই ঘোষা শাস্ত্ৰত লিখিলোঁ।।

২/শাস্ত্ৰ বিচাৰিয়া মই যিবা তত্ব পালোঁ ।
সমস্তকে আনি মই ঘোষা শাস্ত্ৰত লিখিলোঁ।।

৩/ হৃদিশ্বৰ উপদেশে যিবা সত্য পাইলোঁ ।
সমস্তকে আনি ঘোষা শাস্ত্ৰে নিবন্ধিলোঁ।।

নাম -ঘোষা শব্দটো হৈছে দুটা শব্দৰ সংযোজন। নাম শব্দটোৱে একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ নামৰ কথা বুজাইছে আৰু ঘোষা শব্দটোৱে ডাঙৰকৈ গোৱা বা মাতা বুজাইছে। ভগৱানৰ নাম গুণ সুললীত কণ্ঠৰে শুৱলাকৈ সুন্দৰ ভাবে গাৱাকে নাম ঘোষা বুলি কোৱা হয় । নামঘোষাত গুৰু, দেৱ , নাম, ভকত এই চাৰিটা বিষয় বস্তু পোৱা যায় । নাম-ঘোষা বিবিধ চন্দৰ প্ৰয়োগ , শব্দৰ সংয়োজন ,ভাষাৰ গাম্ভীৰ্য্যতা ,সুৰৰ লালিত্য ধ্বনীৰে পুথিখন অধিক জনপ্ৰিয় । একশৰণীয়া মহাপুৰুষীয়া পৰম্পৰাবোৰ নামঘোষাৰ মাজেৰে শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাই প্ৰকাশ কৰা দেখা যায় ।

মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰস ময় মাগোহো ভকতি।
সমস্তক মস্তক মনি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি ।।

প্ৰাপ্তিক উলংঘা কৰি মুক্তি অবজ্ঞাৰ ভক্তি আচৰণেৰে মহাপুৰুষ মাধৱদেৱ গুৰু জনাই ভকতক হে নমস্কাৰ জনাই ভকতৰ মাজত ভক্তিৰ ৰস বিচাৰিছে । নামঘোষাৰ প্ৰতিটো ঘোষাৰ মাজত ভক্তিৰ অমিয় সুৰেৰে
ভগৱানৰ দশ অৱতাৰৰ প্ৰতিটো ৰূপ ব্যখ্যা কৰি ভক্ত গনক নিৰ্গুণ, নিৰাকাৰ প্ৰভূ ভগবন্তৰ ভক্তিৰসৰ মৌ প্ৰাণ কৰাইছে । তাৰ উপৰিও গুৰুক ভকতৰ ত্ৰাণ কৰ্তা ৰূপে নিৰোপন কৰে । শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাই ভকত বৈষ্ণৱ সকলৰ মাজত শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাক ঈশ্বৰৰ লগত তুলনা কৰি ভগৱানৰে ৰূপ বুলি উল্লেখ কৰা দেখা যায় । অকল যে নামঘোষাতে তেৰাই কৃষ্ণ লীলা প্ৰকাশ কৰিছিল তেনে নহয় তেখেতৰ ন খন কৈ অংকীয়া নাট লিখি বাল্যকালৰ শ্ৰীকৃষ্ণ আৰু মাতৃ যশোদাৰ যি পুত্ৰ স্নেহ তাকো খুব সুন্দৰ কৈ প্ৰকাশ কৰাৰ লগতে শ্ৰীকৃষ্ণৰ বিভিন্ন সময়ৰ বিভিন্ন অলৌকিক কাৰ্যক লৈ ভক্তিৰ ৰসেৰে নাটবোৰত শ্ৰীকৃষ্ণৰ মাহাত্ব প্ৰকাশ কৰে ।

মুঠতে কীৰ্ত্তন দশমৰ মাজত শংকৰ দেৱ আৰু ঘোষা ৰত্নাৱলীৰ মাজত মাধৱদেৱ গুৰুদুয়োজনাৰ অনবদ্য ৰচনা সৰ্বকালৰ সৰ্বশক্তিমান ।বৈষ্ণৱ ধৰ্মৰ প্ৰধান ধৰ্ম গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ দুয়োজনা। গুৰুৱে গীত, বাদ্য , নৃত্যৰ লগতে নাটক, ঘোষা , সমুহেৰে হৰি নাম ধৰ্মৰে বৈষ্ণৱ সমাজক আকৰ্ষিত কৰি হৰি বিনে জীৱন অসাৰ তাক বুজাই দিছে । অসমীয়া জাতিৰ সাহিত্য সংস্কৃতিৰ ত্ৰাণকৰ্তা দুয়োজনাগুৰুৰ অভয় চৰণত শৰণ লভিলোঁ ।