গাঁৱখন
জুনুকা পাঠক,বৰপেটা
লিখিব বুৰঞ্জীয়ে এদিন
আমি পঢ়িম ,
কুকুহা ৰাতিত নদীৰ সন্ত্ৰাসৰ
আতচবাজী
বানে মেলি দিয়া উজনিৰ পিতনিত
আৰু য’ত যি সোপাই–
ফিৰিঙতিৰ খাণ্ডৱ দাহ গল্প
পঢ়ি শেষ কৰিম ।
ভগ্ন পাতত পিতপিতাই ফুৰিম
সভ্যতাৰ খননকাৰ্যত,
সেইদিনা আমি মানুহ হোৱাৰ আখৰা কৰিম ,
ইতিহাসৰ পৃষ্ঠাত ৰক্তাক্ত আখৰত লুণ্ঠিত মাটিৰ কেচা ঘামত
দদাদেউৰ সংসাৰ কেনি গ’ল
ভাবিম আৰু পঢ়িম।
য’ত পঢ়ি পঢ়ি নম্বৰ গোটাম
তচনচ ঘৰৰ কামীহাড়ৰ পৰিসংখ্যা গণি।
পুৱতি নিশা সিহঁতে দেখিছিল,
ককাল ভঙা পাহাৰত মূৰ্চা যোৱা বেলিৰ কেকনি,
আনফালে বিজুলীৰ বজ্ৰ ভঙা নটৰাজ নৃত্য,,
অবাটে বাট লোৱা দিখৌৰ উদগ্ৰ জলহুৱাৰ ইমান যে খং,
ঘৰ-মৰকৈ গছবোৰ পানীত
দিলে পেলাই
চৰাই হাল ক’তেই বা গ’ল উৰি ?
নেপালী খুটিৰ নক্সাও নিৰিখি চাম,
ঠেং মেলা পশুৰ মৃত যাত্ৰা চাবলৈ,
ধৈৰ্য্যৰ উষ্ণতাৰ কিমান গড় লাগিব বাৰু ?
ডুবু – ডুবু কৰা টিনপাতে ডিঙি মেলি
পালে জানো বিচাৰি
গিৰিহঁতক ?
ক’ব , সকলো ক’ব এদিন
ইতিহাসে,
আমি পঢ়িম , আপুনিও পঢ়িব
নৈপৰীয়া নিস্তব্ধ পলসত
পুত যোৱা
উজনিৰ গাঁৱৰ অৰ্ধনমিত কাহিনী-
