১ নৱেম্বৰৰ পৰা ২৩ জানুৱাৰীলৈ দুটা পৰ্যায়ত ৰাজ্যত খেল মহাৰণ

১ নৱেম্বৰৰ পৰা ২৩ জানুৱাৰীলৈ দুটা পৰ্যায়ত ৰাজ্যত খেল মহাৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- অহা এক নৱেম্বৰৰ পৰা ৰাজ্যত দুটা পৰ্যায়ত ৩৫খন জিলাক সামৰি খেল মহাৰণ অনুষ্ঠিত হ’ব। ৰাজ্যৰ কৰ্মচাৰীৰ পদোন্নতি, প্রাক্তন সৈনিকৰ বাবে বয়সৰ ৰেহাইকে ধৰি ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিলে। লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সবিশেষ ব্যাখ্যা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্যিক কেবিনেটে ২০২৬-২৭ বিত্তীয় বৰ্ষত সমগ্ৰ অসমৰ ৩৫খন জিলাক সামৰি খেল মহাৰণ ৩.০-শিশু ক্রীড়া সমাৰোহ অনুষ্ঠিত কৰাৰ অনুমোদন জনায়। এই উদ্যোগৰ মূল লক্ষ্য হৈছে তৃণমূল পর্যায়ত ব্যাপক অংশগ্রহণ নিশ্চিত কৰা। কম বয়সতে, বিশেষকৈ ১২ বছৰ বয়সৰ অনূর্ধ্বৰ শিশু প্রতিভাসমূহ চিনাক্ত কৰা আৰু আনুষ্ঠানিক অংশীদাৰিত্ব তথা দীর্ঘম্যাদী আর্থিক সহায়ৰ জৰিয়তে খেলুৱৈসকলৰ সু-সংগঠিত বিকাশ সাধন কৰাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই খেল মহাৰণ ৩.০ৰ সবিশেষ ব্যাখ্যা কৰি কয়- এইবাৰ খেল মহাৰণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰে এটা হ’ল- ১২ বছৰৰ তলৰ শিশুসকলক লৈ এখন শিশু খেল মহাৰণ অনুষ্ঠিত কৰা হ’ব। এই শিশু খেল মহাৰণখনৰ মুখ্য উদ্দেশ্য হ’ল- প্রতিভাসমূহ চিনাক্ত কৰা। প্রতিভা চিনাক্ত কৰাৰ পাছত এইবাৰ ৩০০ শিশু খেলুৱৈক জলপানি প্ৰদান কৰা হ’ব আৰু তেওঁলোকক ক্রীড়াৰ বিশেষ প্রশিক্ষণ তথা খেলাৰ সুযোগ দিয়া হ’ব। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে শিশু ক্রীড়া সমাৰোহত নির্বাচিত ১২০ গৰাকী ১২ বছৰৰ অনূর্ধ্বৰ খেলুৱৈক প্রশিক্ষণ আৰু ক্রীড়া প্রতিভা বিকাশৰ বাবে প্রতিমাহে দুহাজাৰ টকাকৈ দুবছৰৰ বাবে বৃত্তি প্রদান কৰা হ’ব। কেবিনেটে আজি অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰৰ পদৰ পৰা জুনিয়ৰ এডমিনিস্ট্রেটিভ এছিছটেন্ট পদলৈ পদোন্নতিৰ বাবে প্রয়োজনীয় সেৱাকালত যোগ্যতা ৪ বছৰৰ পৰিৱৰ্তে ৩ বছৰলৈ হ্রাস কৰাত অনুমোদন জনায়। এই সুবিধা ২৫-৫-২০২৩ত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ৰাজ্যিক কেবিনেটে প্রাক্তন সৈনিকসকলৰ বাবে গ্রেড-৩ আৰু গ্রেড-৪ৰ পদত চৰকাৰী সেৱাত প্ৰৱেশৰ ক্ষেত্ৰত বয়সৰ সৰ্বোচ্চ সীমা বৰ্তমানৰ ৪২ বছৰৰ পৰা ৪৫ বছৰলৈ শিথিল কৰাত অনুমোদন জনায়। ইয়াৰ ফলত প্রাক্তন সৈনিকসকলে ৰাজ্য চৰকাৰৰ সেৱাত প্ৰৱেশৰ বাবে অনুষ্ঠিত প্রক্রিয়াত ব্যাপক অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। ৰাজ্যিক কেবিনেটে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া চাইকেল বিতৰণত আজি অনুমোদন জনায়। কেবিনেটে অসম গ্রীন ছেছ নীতি ২০২৬ত অনুমোদন জনায়। এই নীতিখনে প্রাকৃতিক সম্পদ ব্যৱহাৰ আৰু বহনক্ষম উন্নয়নৰ স্বাৰ্থত নিয়ন্ত্ৰণৰ প্রয়োজন থকা বিভিন্ন চিনাক্তকৃত খণ্ডত গ্রীন ছেছ আৰোপ কৰাৰ বাবে এক কাঠামো প্রস্তুত কৰিব। এইদৰে সংগৃহীত গ্রীন চেছৰ ধন মথাউৰি পুনৰ নির্মাণ আৰু মেৰামতি, সৌৰ শক্তি প্রকল্পত বিত্তীয় যোগান আদি কামত ব্যৱহাৰ কৰা হ’ব। শিল ভঙা উদ্যোগ, ইটা ভাতী, আমদানিকৃত কাঠ, প্রদূষণ সূচকৰ ভিত্তিত ঔদ্যোগিক প্রতিষ্ঠান, পূৰ্বৰ মালিকানাধীন মটৰগাড়ীৰ মালিকীস্বত্ব হস্তান্তৰ, ভূগর্ভস্থ পানীৰ বাণিজ্যিক নিষ্কাশন আৰু ব্যৱহাৰ আদি উদ্যোগৰ পৰা এই উপকৰ লোৱা হ’ব বুলিও তেওঁ কয়। ইফালে ৰাজ্যিক কেবিনেটে অসম কৰ আয়ুক্তালয় পুনর্গঠনত অনুমোদন জনায়।