ফুড ক্ৰাফ্ট ইনষ্টিটিউট, নগাঁও: আতিথ্য উদ্যোগত দক্ষতা আৰু কেৰিয়াৰ গঢ়াৰ সুযোগ – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc foodcraftinstituteassam.in

ফুড ক্ৰাফ্ট ইনষ্টিটিউট, নগাঁও: আতিথ্য উদ্যোগত দক্ষতা আৰু কেৰিয়াৰ গঢ়াৰ সুযোগ

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

আজিকালি হোটেল, ৰেষ্টুৰেণ্ট, ৰিজ’ৰ্ট, বেকাৰী, ক্ৰুজ, পৰ্যটন আৰু সামগ্ৰিক আতিথ্য উদ্যোগৰ দ্ৰুত সম্প্ৰসাৰণৰ ফলত দক্ষ আৰু প্ৰশিক্ষিত মানৱ সম্পদৰ চাহিদা বৃদ্ধি পাইছে। খাদ্য প্ৰস্তুত, বেকাৰী, খাদ্য আৰু পানীয় সেৱা, ফ্ৰন্ট অফিচ আৰু হাউচকিপিঙৰ  দৰে ক্ষেত্ৰত পেছাদাৰী প্ৰশিক্ষণ লাভ কৰা যুৱক-যুৱতীসকলৰ বাবে দেশজুৰি লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। নগাঁৱৰ চামগুৰিস্থিত ফুড ক্ৰাফ্ট ইনষ্টিটিউটে অসমৰ শিক্ষাৰ্থীসকলক এই উদ্যোগৰ বাবে প্রস্তুত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷

২০১০ চনত স্থাপিত এই প্ৰতিষ্ঠানটো ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয় আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত পৰিচালিত আৰু নেচনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজী (এন চি এইচ এম চি টি)ৰ সৈতে সংযুক্ত। প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষণ ব্যৱস্থাত তাত্ত্বিক জ্ঞানৰ লগতে ব্যৱহাৰিক শিক্ষা আৰু উদ্যোগমুখী অভিজ্ঞতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ফলত শিক্ষাৰ্থীসকলে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত বাস্তৱ কৰ্মক্ষেত্ৰৰ প্ৰয়োজনীয়তাত নিজৰ দক্ষতা প্ৰয়োগ কৰাৰ সুযোগ পায়।

ফুড ক্ৰাফ্ট ইনষ্টিটিউটে ডেৰবছৰীয়া  ডিপ্ল’মা পাঠ্যক্ৰম আগবঢ়ায়। এই পাঠ্যক্ৰমসমূহ ভিতৰত আছে – ডিপ্ল’মা ইন ফুড প্ৰডাকচন , ডিপ্ল’মা ইন বেকাৰী এণ্ড কনফেকচনাৰী, ডিপ্ল’মা ইন ফুড এণ্ড বেভাৰেজ চাৰ্ভিচ , ডিপ্ল’মা ইন ফ্ৰন্ট অফিচ আৰু ডিপ্ল’মা ইন হাউচকিপিং।

ডিপ্ল’মা ইন ফুড প্ৰডাকচন পাঠ্যক্ৰমত খাদ্য প্ৰস্তুত, বিভিন্ন ৰন্ধন পদ্ধতি, পাকঘৰৰ পৰিচালনা, খাদ্য উৎপাদন আৰু পেছাদাৰী পাকঘৰ পৰিচালনাৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়। খাদ্য প্ৰস্তুত আৰু ৰন্ধা-বঢ়াৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীৰ বাবে এই পাঠ্যক্ৰম বিশেষভাৱে উপযোগী। লগতে কেৱল নিৰামিষ খাদ্য প্ৰস্তুতিৰ প্ৰশিক্ষণ লোৱাৰ বিকল্পও উপলব্ধ। হোটেল আৰু কেটাৰিং উদ্যোগত খাদ্য উৎপাদন বিভাগক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বিশ্বায়নৰ ফলস্বৰূপে এই ক্ষেত্ৰখনে কেৱল আঞ্চলিক খাদ্যই নহয়, বিভিন্ন দেশৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য প্ৰস্তুত আৰু উপস্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰন্ধা-বঢ়া হৈছে শিল্প আৰু বিজ্ঞানৰ সংমিশ্ৰণ—বিজ্ঞানে খাদ্যৰ পুষ্টিকৰ মূল্য, উপাদান আৰু সুষম খাদ্যৰ বিষয়ে জ্ঞান প্ৰদান কৰে, আনহাতে শিল্পই সোৱাদ, সৃষ্টিশীলতা আৰু আকৰ্ষণীয় উপস্থাপন দক্ষতা বিকাশ কৰে।  এই ক্ষেত্ৰত দক্ষ পেছাদাৰী ব্যক্তিৰ যথেষ্ট চাহিদা আছে। অভিজ্ঞতা আৰু অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষাৰ্থীসকলে কাৰ্যবাহী চেফ, ছৌছ চেফ, চেফ ডি পাৰ্টি (ষ্টেচন চেফ), কমিছ চেফ, পেষ্ট্ৰি চেফ, তন্দুৰ চেফ ,তৰকাৰি চেফ  আদি পদত কেৰিয়াৰৰ গঢ়াৰ সুযোগ লাভ কৰিব পাৰে।হোটেল আৰু ৰেষ্টুৰেণ্টৰ উপৰিও ৰেলৱে, চিকিৎসালয়, কেণ্টিন, বিমান আৰু অন্যান্য কেটাৰিং প্ৰতিষ্ঠানতো খাদ্য উৎপাদন ক্ষেত্ৰৰ  প্ৰশিক্ষিত ব্যক্তিৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ আছে। সঠিক দক্ষতা, সৃষ্টিশীলতা আৰু পেছাদাৰী মনোভাৱৰ সৈতে এই উদ্যোগত দীৰ্ঘম্যাদী কেৰিয়াৰৰ গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা আছে। ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ ডিপ্ল’মা ইন ফুড প্ৰডাকচন পাঠ্যক্ৰমত আসনৰ সংখ্যা ৪০খন।

ডিপ্ল’মা ইন বেকাৰী এণ্ড কনফেকচনাৰী পাঠ্যক্ৰমত ব্ৰেড, কেক, পেষ্ট্ৰি, বিস্কুট, ডেজাৰ্ট আৰু বিভিন্ন বেকাৰী আৰু মিঠাইৰ খাদ্য প্ৰস্তুত কৰাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়। বেকাৰী আৰু মিঠাই উদ্যোগত কেৰিয়াৰ গঢ়িব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে এই পাঠ্যক্ৰমে প্ৰয়োজনীয় কাৰিকৰী দক্ষতা আৰু সৃষ্টিশীলতা বিকাশ কৰাত সহায় কৰে।পাঠ্যক্ৰমত বিভিন্ন প্ৰক্ৰিয়া যেনে বেকাৰীৰ সামগ্ৰী নিৰ্বাচন আৰু ব্যৱহাৰ, উপাদানৰ গুণাগুণ আৰু পাৰস্পৰিক প্ৰতিক্ৰিয়া, মিশ্ৰণ, ফাৰ্মেণ্টেচন , বেকিং, গৰম কৰা, ঠাণ্ডা কৰা আৰু সংৰক্ষণৰ দৰে বিভিন্ন প্ৰক্ৰিয়াৰ  বিষয়ে শিকোৱা হয়। ইয়াৰ উপৰিও প্ৰস্তুত কৰা খাদ্যৰ গুণগত মান আৰু গুণগত বৈশিষ্ট্যৰ মূল্যায়ন, উৎপাদনৰ দোষ চিনাক্তকৰণ আৰু সেইবোৰ শুধৰণিৰ উপায়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলে বেকাৰী উৎপাদনৰ লগতে সৃষ্টিশীল উপস্থাপন আৰু পেছাদাৰী কৰ্ম পদ্ধতি আয়ত্ত কৰাৰ সুযোগ পায়।  এই পাঠ্যক্ৰমটোৱে যোগাযোগ দক্ষতা, সৃষ্টিশীল চিন্তা আৰু উদ্যোগমুখী মনোভাৱ গঢ়ি তোলাতো সহায় কৰে। প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত হোটেল, ৰেষ্টুৰেণ্ট, বেকাৰী, কেটাৰিং প্ৰতিষ্ঠান আৰু বিমান সংস্থাৰ আতিথ্য খণ্ডৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰিব। অভিজ্ঞতা আৰু দক্ষতা আহৰণৰ পাছত নিজাকৈ বেকাৰী বা মিঠাইৰ ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনাও যথেষ্ট। লগতে আগ্ৰহী শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা, বিশেষ প্ৰশিক্ষণ বা আনুষংগিক ক্ষেত্ৰত অধিক অধ্যয়ন কৰিব পাৰে। ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ ডিপ্ল’মা ইন বেকাৰী এণ্ড কনফেকচনাৰী পাঠ্যক্ৰমত আসনৰ সংখ্যা ২০খন।

ডিপ্ল’মা ইন ফুড এণ্ড বেভাৰেজ চাৰ্ভিচ পাঠ্যক্ৰমত হোটেল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য আতিথ্য প্ৰতিষ্ঠানত খাদ্য আৰু পানীয় পৰিৱেশন, টেবুল সেৱা, অতিথিৰ সৈতে পেছাদাৰী যোগাযোগ আৰু সেৱা ব্যৱস্থাপনাৰ ওপৰত তাত্ত্বিক আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়।  পাঠ্যক্ৰমটোৱে শিক্ষাৰ্থীক অতিথিসকলৰ প্ৰয়োজনীয়তা বুজিবলৈ আৰু গুণগত সেৱা প্ৰদান কৰিবলৈ আৰু অতিথিৰ সন্তুষ্টি নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় দক্ষতা বিকাশ কৰাত সহায় কৰে। হোটেল আৰু কেটাৰিং উদ্যোগৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজহ আহৰণকাৰী বিভাগ খাদ্য আৰু পানীয় সেৱা বিভাগ। ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্ট, কফি শ্বপ, বাৰ, ফাষ্ট ফুড আউটলেট, ভোজ, বুফে আৰু বিভিন্ন অনুষ্ঠানৰ সেৱা ব্যৱস্থাপনা অন্তৰ্ভুক্ত। গতিকে এই ক্ষেত্ৰত দক্ষতা, অনুশাসন, পৰিকল্পনা, সৌজন্যতা আৰু সুসংগঠিত দলীয় কাম-কাজ বিশেষভাৱে প্ৰয়োজনীয়। পাঠ্যক্ৰমত যোগাযোগ দক্ষতা, খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, টেবুল সেৱা, ভোজ আৰু বুফে ব্যৱস্থাপনা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ সামৰি লয়। প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত শিক্ষাৰ্থীসকলে ৰেষ্টুৰেণ্ট, হোটেল, কফি শ্বপ, কেটাৰিং প্ৰতিষ্ঠান, বিমান সংস্থা, কৰ্পৰেট গেষ্ট হাউচ, পৰ্যটন বাংলো, ভোজ আৰু অন্যান্য সেৱা প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে। দেশ-বিদেশত আতিথ্য উদ্যোগত এই ক্ষেত্ৰত দক্ষ কৰ্মীৰ  চাহিদা থকাৰ বাবে  অভিজ্ঞতা আৰু অৰ্হতা অনুসৰি উন্নত পদ, ভাল উপাৰ্জন আৰু কেৰিয়াৰ বিকাশৰ সুযোগ লাভ কৰিব পৰা যায়। ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ ডিপ্ল’মা ইন ফুড এণ্ড বেভাৰেজ চাৰ্ভিচ পাঠ্যক্ৰমত আসনৰ সংখ্যা ৪০খন।

            ডিপ্ল’মা ইন ফ্ৰন্ট অফিচ পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক হোটেলৰ ফ্ৰণ্ট ডেস্কৰ বিভিন্ন কাৰ্যকলাপ, যেনে—অতিথি অভ্যৰ্থনা, ৰিজাৰ্ভেচন, পঞ্জীয়ন, চেক-ইন আৰু চেক-আউট, অতিথিৰ তথ্য ব্যৱস্থাপনা আৰু টেলিফোন সেৱাৰ বিষয়ে ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে। ফ্ৰণ্ট অফিচক হোটেলৰ “নাৰ্ভ চেণ্টাৰ” বুলি কোৱা হয়, কাৰণ ই ৰিজাৰ্ভচনৰ সময়ৰ পৰাই অতিথিৰ সৈতে পোনপটীয়াকৈ যোগাযোগ  স্থাপন কৰা অন্যতম প্ৰধান বিভাগ। এই বিভাগত বিভিন্ন শাখা, যেনে- ৰিচেপচন, ৰিজাৰ্ভেচন, টেলিফোন অপাৰেটৰ, কেচিয়াৰ, অতিথি সম্পৰ্ক, বেল ডেস্ক , কনচিয়াৰ্জ আদি। এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে হোটেল একাউণ্ট আৰু অডিটিং, অতিথি সেৱা, বিক্ৰী আৰু বিপণনৰ ক্ষেত্ৰতো কেৰিয়াৰ গঢ়িব পাৰে। এই পেছাত সফলতাৰ বাবে সুন্দৰ ব্যক্তিত্ব, উন্নত যোগাযোগ দক্ষতা, ভদ্ৰ আচৰণ আৰু ইংৰাজী ভাষাৰ জ্ঞান বিশেষভাৱে গুৰুত্বপূৰ্ণ। আন্তঃৰাষ্ট্ৰীয় অতিথিৰ সৈতে কাম কৰাৰ ক্ষেত্ৰত ফৰাচী, স্পেনিছ বা জাৰ্মান ভাষাৰ জ্ঞানো এটা অতিৰিক্ত সুবিধা। হোটেল উদ্যোগৰ উপৰিও এই ক্ষেত্ৰত প্ৰশিক্ষিত ব্যক্তিসকলে বিমান সংস্থা, কৰ্পৰেট অতিথিশালা, ক্ৰুজ লাইনাৰ, বিজনেছ ক্লাব, জনসংযোগ, বিক্ৰী আৰু বিপণন আদিতো কৰ্মসংস্থাপনৰ সুযোগ বিচাৰি পাব পাৰে।অতিথিৰ সৈতে নিয়মীয়াকৈ যোগাযোগ আৰু সেৱা প্ৰদানৰ সুযোগে ব্যক্তিগত আৰু পেছাদাৰী দক্ষতা বিকাশত সহায় কৰে। হোটেলৰ সন্মুখত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে ফ্ৰন্ট অফিচত অভিজ্ঞতা আৰু দক্ষতা অৰ্জন কৰা ব্যক্তিসকলক উচ্চ পদবীলৈ উন্নীত কৰাৰ যথেষ্ট সুযোগ থাকে। ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ ডিপ্ল’মা ইন ফ্ৰন্ট অফিচ পাঠ্যক্ৰমত আসনৰ সংখ্যা ২০খন।

ডিপ্ল’মা ইন হাউচকিপিং পাঠ্যক্ৰমত হোটেল আৰু অন্যান্য আতিথ্য প্ৰতিষ্ঠানৰ কোঠা, অভ্যন্তৰীণ স্থান আৰু চৌহদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, ৰক্ষণাবেক্ষণ, অতিথিৰ আৰাম আৰু গৃহ পৰিচালনাৰ ব্যৱস্থাপনাৰ ওপৰত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। হোটেলখনৰ সামগ্ৰিক মানদণ্ড আৰু অতিথিৰ সন্তুষ্টি বজাই ৰখাত গৃহ পৰিচালনা বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই বিভাগৰ কামৰ ভিতৰত আছে কোঠাৰ আচবাব আৰু সজ্জাৰ যত্ন, ফুলৰ ব্যৱস্থা, অতিথি সামগ্ৰী যোগান, কাপোৰ ধোৱা, লিনেন সংৰক্ষণ আৰু পৰিচালনাৰ লগতে প্ৰতিষ্ঠানটোৰ ভিতৰৰ অংশ পৰিপাটি আৰু সুন্দৰ কৰি ৰখা। পাঠ্যক্ৰমটোৱে শিক্ষাৰ্থীক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, সামগ্ৰী ব্যৱস্থাপনা, স্থানৰ সঠিক ব্যৱহাৰ আৰু গৃহ পৰিচালনাৰ কাম-কাজ পৰিচালনাৰ প্ৰয়োজনীয় দক্ষতা প্ৰদান কৰে।হোটেল, ৰিজ’ৰ্ট, কেটাৰিং প্ৰতিষ্ঠান, হোষ্টেল, চিকিৎসালয়, বিমান সংস্থা, অতিথিশালা, উদ্যোগিক প্ৰতিষ্ঠান আৰু বাণিজ্যিক কাপোৰ ধোৱা ঘৰ আদি বিভিন্ন খণ্ডত গৃহ পৰিচালনাৰ প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা আছে। অভিজ্ঞতা আৰু দক্ষতা আহৰণ কৰাৰ লগে লগে এই ক্ষেত্ৰত তত্বাৱধায়ক আৰু পৰিচালনা পৰ্যায়ৰ পদলৈও আগবাঢ়িব পাৰিব। ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ  ডিপ্ল’মা ইন হাউচকিপিং  ডিপ্ল’মা ইন ফ্ৰন্ট অফিচ পাঠ্যক্ৰমত আসনৰ সংখ্যা ২০খন।

এই পাঠ্যক্ৰমসমূহৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ছমাহৰ ঔদ্যোগিক প্ৰশিক্ষণ। শ্ৰেণীকোঠাত লাভ কৰা জ্ঞানক প্ৰকৃত কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰাৰ সুযোগে শিক্ষাৰ্থীসকলৰ পেছাদাৰী দক্ষতা বৃদ্ধি কৰে। হোটেল আৰু আতিথ্য প্ৰতিষ্ঠানৰ কৰ্ম পদ্ধতি, অতিথি সেৱা, সময় ব্যৱস্থাপনা, দলীয় কাম আৰু কৰ্মক্ষেত্ৰৰ অনুশাসনৰ প্ৰত্যক্ষ পৰিচয় লাভ কৰিব পাৰে।

নগাঁৱৰ চামগুৰিস্থিত ফুড ক্ৰাফ্ট ইনষ্টিটিউটৰ ডিপ্ল’মা পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ বাবে যিকোনো শাখাত ১০+২ উত্তীৰ্ণ হোৱা প্ৰয়োজন। প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৮ বছৰ। উপলব্ধ তথ্য অনুসৰি  নেচনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজী (এন চি এইচ এম চি টি)ৰ নিৰ্দেশনা অনুযায়ী এই পাঠ্যক্ৰমসমূহৰ বাবে কোনো সৰ্বোচ্চ বয়সসীমা নিৰ্ধাৰণ কৰা হোৱা নাই।

প্ৰশিক্ষণৰ লগতে ফুড ক্ৰাফ্ট ইনষ্টিটিউটে শিক্ষাৰ্থীসকলক  প্লেচমেণ্টৰ সহায়ো আগবঢ়ায়। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মেৰিয়েট, ফোৰ ছিজনছ, কাৰ্নিভাল ক্ৰুজ ইউ এছ এ, হলিডে ইন আৰু হায়দৰাবাদৰ লীলা ভাৰতীয় চিটিৰ দৰে প্ৰতিষ্ঠিত হোটেল আৰু আতিথ্য কোম্পানীত কাম কৰি আহিছে। এনে অভিজ্ঞতাই এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো কেৰিয়াৰ অৰ্জন কৰাৰ সম্ভাৱনীয়তাক প্ৰতিফলিত কৰে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।