মোৰো কেতিয়াবা কবি হ’বলৈ মন যায় – যমুনা দুলু বৈশ্য

Pc StockCake

মোৰো কেতিয়াবা কবি হ’বলৈ মন যায়

যমুনা দুলু বৈশ্য
শুৱালকুছি

নিভাঁজ প্ৰেমৰ জখলতা উঠি
ৰংচঙীয়া পৃথিৱীৰ ভাল লগা ভাৱনাৰে
সৃষ্টিশীল কৰ্মৰে সুৰতে সুৰ মিলাই
মৃদু সমীৰণৰ স’তে —
কেতিয়াবা মনে লৈ যায়– ঐ
বহুদূৰলৈ ——-
শবদৰে আকাশ ধিয়াই । ।

মায়াবিনী জোনাকত দুখবোৰ খামুচি
নোপোৱাৰ দিনৰে পৰা ওমলো
সঠিক উত্তৰ বিচাৰি ,
স্বৰ্তস্ফুট ভাৱে—-
মনৰ অনুভৱত কাপ নিগৰাই,
ঢালি দিয়ে বুকু জুৰাই
কবিতা লিখিবলৈ ,
মধুময় সময়ক লৈ—-
কবি হিচাপে নিজকে চিনাকি দিবলৈ
নিঃস্বাৰ্থ ভাৱে দেখো ,
ধৰিত্ৰীৰ সকলো দিশে সুন্দৰ —!!

জীৱনৰ আশাৰ সপোনকে লৈ
উজ্জ্বীৱিত কৰো ,
আত্মনুসন্ধানৰে—–
ছাঁ আৰু পোহৰৰ সন্ধানত,
নতুনত্বৰ চিন্তাৰে ——
মোক দংশন কৰে !!

শব্দ আৰু অনুভূতিৰে
পৰশ বিচাৰি পাওঁ
উপলদ্ধিৰ অমুল্য ধাৰাৰে
ৰূপান্তৰিত কৰো—-

মন-মগজুৰ যাত্ৰাৰে
জোনাকৰ সেই যে-,
লুংলুঙীয়া বাটেৰে —-
নিঃশব্দে ,
ৰং-বিৰঙৰ ,সাজ পিন্ধি
নিশাৰ আন্ধাৰত কথাপাতে,
অজানিতে, পুলকিত কৰে
তেতিয়া —হৃদয়ে বিচাৰে,
এটুপি চিয়াহীৰে লিখিবলৈ
এনেকৈয়ে —–।।।
মোৰো কেতিয়াবা কবি হ’বলৈ মন যায় ।