এইবেলি পূজাত আহিম – এছ ইছলাম

Pc Unsplash

এইবেলি পূজাত আহিম 

এছ ইছলাম, শিক্ষক
মইনবৰী,বৰপেটা

এইবেলি পূজাত আহিম
শাৰদীয় ৰূপালী জোনাক হৈ
তোমাৰ বুকুত শেৱালি বুটলিবলৈ।
আহিনৰ নিয়ৰ সিক্ত নিশা
পূৰ্ণিমাৰ পুৰঠ ৰূপালী পোহৰত
কঁহুৱা ফুলৰ মালা গুঠি সযতনে
আনিম তোমাক পিন্ধাবলৈ।
আহিম নিয়ৰ সিক্ত দুবৰি গচকি
শাৰদীয় সুবাসৰ ৰঙীণ পোচাক পিন্ধি
ৰই থাকিবা এখনি পূজামণ্ডপত
মোলৈ বাট চাই দুহাতত বেলুন ফুলাই।
আহিম দেৱীৰ আৰ্শীবাদ শিৰত লৈ
পূজাৰ নিৰ্মালি লৈ
এক্ষন্তেক আলাপ কৰিম
শৰতৰ আকাশলৈ চাই।
সেইবাবে এইবেলি পূজাত আহিম
বুকুত অলেখ আশালৈ
ৰৈ থাকিবা আগ্ৰহেৰে।