এজন অসাধাৰণ অসমীয়া বিজ্ঞানী- ড° সৰ্বেশ্বৰ বুজৰবৰুৱা
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
সভ্যতাৰ বিকাশৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভুতপূৰ্ব উন্নতি, জনপ্ৰিয়তা আদিয়ে পৃথিৱীখনক নতুন ৰূপত সজাই পেলালে।আমাৰ জীৱন যাপন প্ৰণালীতো ইয়াৰ প্ৰভাৱ সুস্পষ্ট । আমি আধুনিকৰ পৰা অত্যাধুনিকলৈ গতি কৰিছোঁ। বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ বিজ্ঞানী সকলে অহৰ্নিশে নতুন নতুন গৱেষণা আৰু নতুন নতুন উদ্ভাৱন কৰি আছে। ৰহস্যময়ী মহাকাশৰ নতুন নতুন তথ্য আৰু গৱেষণাৰ বাবে পৃথিৱীৰ পৰা গড়ে ৪১৩ কিলʼমিটাৰ ওপৰত স্থাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ। ১৯ মাৰ্চ ২০২৫ ত বিশ্বৰ মহাকাশ অভিযানে মাত্ৰ আঠ দিনৰ বাবে অভিযানলৈ গৈ নমাহ মহাকাশত বন্দী হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ্চ উইলমʼৰক পৃথিৱীলৈ ওভোটাই আনি নতুন এক ইতিহাস ৰচিলে।এই সকলোবোৰ সম্ভৱ হৈছে সেই মহান বিজ্ঞানী সকলৰ বাবে যিসকলে বিজ্ঞানৰ বিভিন্ন দিশত নিৰন্তৰ গৱেষণা চলাই আছে।
বিজ্ঞান গৱেষণাসমুহ ব্যয়বহুল ,কষ্টকৰ ।অসমত বিজ্ঞান গৱেষণাৰ বাবে প্ৰয়োজনীয় সা-সুবিধা বৰ্তমানৰ তুলনাত আশীৰ দশকত নাই বুলিবই পাৰি। তেনে সময়তে বিদেশত গৱেষণা কৰি ঘুৰি আহি অসমত থাকি বিভিন্ন সমস্যাৰ মাজত প্লাজমা ফিজিক্সৰ গৱেষণাৰ বাট মুকলি কৰি চালুকীয়া অৱস্থাৰ পৰা উত্তৰণ ঘটোৱা বিজ্ঞানীজন হৈছে ড° সৰ্বেশ্বৰ বুজৰবৰুৱা।উত্তৰ প্ৰজন্মক বিজ্ঞান গৱেষণাৰ এক নতুন পথৰ সন্ধান দিয়া ড° সৰ্বেশ্বৰ বুজৰবৰুৱা জন্ম হৈছিল ১৯৪৮ চনৰ ৫ মে’ তাৰিখে গুৱাহাটীৰ চেনিকুঠীত। তেখেতৰ পিতৃ দুৰ্গেশ্বৰ বুজৰবৰুৱা আৰু মাতৃ আছিল লাবণ্যপ্ৰভা বুজৰবৰুৱা। সৰ্বেশ্বৰ বুজৰবৰুৱাই শিক্ষা জীৱনৰ পাতনি মেলে চেনিকুঠী প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত ক্ৰমে মানিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয় আৰু কটন কলেজিয়েট চৰকাৰী বিদ্যালয়ৰ পৰা ১৯৬২ চনত প্ৰবেশিকা পৰীক্ষাত অসমৰ ভিতৰতে নৱম স্থান দখলেৰে উৰ্ত্তীণ হয়। সৰুৰেপৰা পঢ়া-শুনাৰ প্ৰতি অতি আগ্ৰহী বুজৰবৰুৱাই স্কুলীয়া জীৱনতে মেধাৰ পৰিচয় দিছিল।
স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত তেওঁ কটন কলেজত বিজ্ঞান শাখাত নাম লিখায়। ১৯৬৪ চনত প্ৰি ইউ পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত পঞ্চম স্থান দখল কৰি উৰ্ত্তীণ হয়। মেট্ৰিক আৰু প্ৰি ইউ দুয়োটা পৰীক্ষাতে অসমৰ ভিতৰতে প্ৰথম দহজনৰ ভিতৰত স্থান লাভ কৰা ল’ৰা জনৰ নাছিল কোনো অহংভাৱ বা গহীন-গম্ভীৰ স্বভাৱ। ১৯৬৭ চনত কটন কলেজৰ পৰাই পদাৰ্থ বিজ্ঞান বিভাগত অনাৰ্চ সহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উচ্চ শিক্ষাৰ বাবে তেওঁ দিল্লী লৈ যায়।১৯৬৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
১৯৬৯ চনৰ জুলাই মাহত কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে তেওঁ কৰ্ম জীৱনৰ পাতনি মেলে। কটন কলেজত প্লাজমা সম্পৰ্কে এলানি বক্তৃতা শুনি প্লাজমা বিষয়ত গৱেষণাৰ বাবে ধাউতি জন্মে।সেই উদ্দেশ্যেই ১৯৭২ চনৰ আগষ্টমাহত আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্ছ ইনষ্টিটিউটত গৱেষণাৰ বাবে যোগদান কৰে।১৯৭৬ চনৰ আগষ্ট মাহত পুনৰ কটন কলেজত যোগদান কৰে।১৯৭৭ চনৰ মাৰ্চ মাহত গুজৰাট বিশ্ববিদ্যালয় আহমদাবাদৰ পৰা প্লাজমা ফিজিক্সত পি এইচ ডিগ্ৰী লাভ কৰে। সেই বছৰৰে জুলাই মাহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে। যিজনৰ নিজক অতিক্ৰম কৰাৰ দুৰ্বাৰ হেঁপাহ থাকে তেওঁক প্ৰাপ্তিয়ে সন্তোষ্ট কৰিব নোৱাৰে। সেয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী ‘ ডক্টৰ অব চায়েন্স ‘ সন্মান লাভ কৰা বুজৰবৰুৱাই ফেলʼশ্বিপ লাভ কৰি ১৯৭৮ চনৰ ডিচেম্বৰ মাহত পশ্চিম জাৰ্মানীৰ বʼচামত থকা ৰুহৰ (Ruhr) বিশ্ববিদ্যালয়ত প’ষ্টডক্টৰেল গবেষণাৰ বাবে যাত্ৰা কৰে।১৯৮১ চনৰ মাৰ্চ মাহত প’ষ্টডক্টৰেল কাম সমাপ্ত কৰি পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগত শিক্ষকতা চাকৰিত যোগদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেওঁ পশ্চিম জাৰ্মানীত লাভ কৰা উচ্চ শিক্ষাৰ অভিজ্ঞতাৰ প্ৰতিফলন ঘটাব পৰাকৈ গবেষণাৰ বাবে কোনো সুযোগ -সুবিধা নেদেখি স্থায়ী চাকৰি ত্যাগ কৰি পুনৰ ১৯৮২ চনত গুৱাহাটীলৈ আহে এটা নতুন সপোন বুকুত বান্ধি।
সেই সময়ত অসমত বিজ্ঞান গৱেষণাৰ বাবে নূন্যতম সা-সুবিধা খিনিও নাছিল।তেনে সময়তে অসমত থাকি বিভিন্ন সমস্যাৰ মাজতো বিজ্ঞান গৱেষণাৰ আদৰ্শ দেখুৱাই থৈ যোৱা ব্যক্তিজনেই হৈছে ড° সৰ্বেশ্বৰ বুজৰবৰুৱা।তেখেতৰ বাবে গুৱাহাটীত গবেষণাগাৰ এটাই বাট চাই থকা নাছিল। বিদেশত গৱেষণাৰ সুবিধা পায়ো তেওঁ সেই সুবিধা গ্ৰহণ নকৰিলে।নিজৰ জন্মভূমিৰ প্ৰতি থকা গভীৰ প্ৰেমে তেওঁক পুনৰ অসম লৈকে ঘূৰাই আনে।
সেয়ে তেখেতে নিজৰ সমস্ত প্ৰচেষ্টাৰে লক্ষ্যত উপনীত হʼবলৈ দৃঢ়তাৰে আগবাঢ়িল। প্ৰথম অৱস্থাত ১৯৭৯ চনত অসম বিজ্ঞান সমিতিয়ে আৰম্ভ কৰা “ইনষ্টিটিউট অৱ এডভান্সড্ ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকনʼলʼজী”ৰ এজন ফেলʼ আৰু সহযোগী অধ্যাপক হিচাপেও তেখেতে সেৱা আগবঢ়াইছিল। সেয়া ১৯৮২ চনৰ ডিচেম্বৰ মাহৰ কথা।তাত তেখেতে এৰি অহা বিশ্ববিদ্যালয়ৰ চাকৰিৰ তুলনাত অতি সামান্য বেতনতে সন্তোষ্ট হৈ আৰম্ভ কৰিলে প্ৰজেক্ট লিখাৰ কাম।তথ্য সমৃদ্ধ -উচ্চ মানবিশিষ্ট প্ৰজেক্টটোৱে অসম চৰকাৰৰ ‘ ছায়েন্স টেকনʼলজী আৰু এনভাইৰনমেণ্ট’ বিভাগৰ পৰা অনুমোদন লাভ কৰে।অনিশ্চয়তাৰে ভৰা গৱেষণাক কেৰিয়াৰ হিচাপে বাছি লৈ অস্থায়ী চাকৰিৰ দৰে চৰকাৰী অনুদানৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ গৱেষণা আৰম্ভ কৰি এটা পৰিৱেশ সৃষ্টি কৰিলে।বুজৰবৰুৱাৰ প্ৰচেষ্টাতে অতি কম সময়ৰ ভিতৰত প্লাজমা ফিজিক্সৰ গবেষণাৰ এটা দল গঢ় লৈ উঠে।১৯৯১ চনত অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ বিভাগৰ অধীনত প্লাজমা গৱেষণাক এক স্থায়ী ৰূপ দিবৰ বাবে ‘ চেণ্টাৰ অৱ প্লাজমা ফিজিক্স ‘ গঠন হয়। ইয়াৰ প্ৰথম গৰাকী সঞ্চালকৰ আছিল ড° বুজৰবৰুৱা। তেখেতৰ নেতৃত্বত গঢ়ি উঠা গৱেষকৰ দলটোৰ জৰিয়তে প্লাজমা ফিজিক্সৰ বহুতো ন ন তথ্য আৱিষ্কাৰ কৰা হয় আৰু সেই তথ্য সমুহ দেশ বিদেশৰ বহুতো গবেষণাৰ আলোচনীত প্ৰকাশ পায়।বিদেশৰ স্বীকৃতিয়ে ‘ইন্ ষ্টিটিউট অব এড্ ভান্সড্ ষ্টাডিজ ইন ছায়েন্স এণ্ড টেকনʼলʼজী’ (আই এ এছ এছ টি)ক প্লাজমা ফিজিক্সৰ এখন নতুন গবেষণা ক্ষেত্ৰ হিচাপে চিহ্নিত কৰে। সেই সময়তে তেওঁ ‘ আই এ এছ এছ টি’ ত্যাগ কৰি সোণাপুৰত নতুনকৈ গঠন হোৱা ‘চেণ্টাৰ ফৰ প্লাজমা ফিজিক্স (চি পি পি)ৰ দায়িত্ব গ্ৰহণ কৰে।২০০৯ চনত কেন্দ্ৰীয় চৰকাৰৰ এটমিক এনাৰ্জী বিভাগে অসম চৰকাৰৰ পৰা চি পি পি ৰ সকলো দায়িত্ব গ্ৰহণ কৰি গুজৰাটৰ গান্ধী নগৰত থকা ‘ইন্ ষ্টিটিউট ফৰ প্লাজমা ৰিছাৰ্চ ‘ৰ অন্তৰ্ভুক্ত কৰে। এই গৱেষণাৰ মূল লক্ষ্য আছিল জীৱাশ্ম ইন্ধন ব্যৱহাৰে সৃষ্টি কৰা প্ৰদূষণক সূৰ্যই সৃষ্টি কৰা প্লাজমা প্ৰক্ৰিয়াক অনুকৰণ কৰি প্ৰদূষণবিহীন বিক্ৰিয়াৰে অফুৰন্ত বিদ্যুৎ শক্তি উৎপন্ন কৰা। এই কামৰ সফলতাৰ বাবে ভাৰতকে ধৰি বিশ্বৰ ৩৫ খন দেশৰ সহযোগত প্লাজমাৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিবৰ বাবে ফ্ৰান্সত স্থাপিত হোৱা ‘ইটাৰ’ (ইন্টাৰনেছনেল থাৰ্মʼনিউক্লিয়েৰ এক্সপ্ৰিমেন্টেল ৰিএক্টৰ) ত চি পি পিক গৱেষণাৰ সহযোগী হিচাপে গ্ৰহণ কৰিছে।যাৰ ফলত অসমৰ বিজ্ঞানীয়ে এটা মহৎ কামৰ সহযোগী হোৱাৰ সুযোগ লাভ কৰে।
বৰ্তমান অসম সমগ্ৰ দেশৰ ভিতৰতে প্লাজমা পদাৰ্থ বিজ্ঞান গৱেষণাৰ এক অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে বিবেচিত হৈছে। গুৱাহাটীৰ সোণাপুৰত অৱস্থিত কেন্দ্ৰত ‘ ফিউজন গ্ৰেড প্লাজমা, প্লাজমা এক্সেলৰেটৰ আৰু প্লাজমা প্ৰযুক্তিৰ ঔদ্যোগিক প্ৰয়োগৰ ওপৰতো উচ্চ পৰ্যায়ৰ গৱেষণা চলাই আছে। তাৰোপৰি চিকিৎসা বিজ্ঞানত সঁজুলি জীৱাণুমুক্ত কৰা, কৃষিৰ ক্ষেত্ৰত বীজৰ গুণগত মান উন্নত কৰাৰ বাবে ‘ কোল্ড প্লাজমা প্ৰযুক্তি ‘ ব্যৱহাৰৰ নতুন সম্ভাৱনা মুকলি হৈছে।
প্লাজমা গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো সন্মান লাভ কৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত তেওঁৰ প্ৰায় ৮৭টা গৱেষণা সম্পৰ্কীয় প্ৰৱন্ধ প্ৰকাশ পাইছে। তেওঁ ৰ তত্বাৱধানতে ভাৰত চৰকাৰৰ অৰ্থ সাহায্যত প্লাজমা বিজ্ঞান আৰু প্ৰযুক্তিৰ আঠটা গুৰুত্বপূৰ্ণ গৱেষণা সফল হৈছিল। ১৯৮৯ চনত বিজ্ঞানৰ আগশাৰীৰ বঁটা ‘ বিক্ৰম সাৰাভাই ৰাষ্ট্ৰীয় বঁটা ‘ লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে ড° সৰ্বেশ্বৰ বুজৰবৰুৱা।১৯৯৩ চনত তেওঁ ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা ʼ লাভ কৰে। তেওঁ ২০০৫-২০০৭ চনলৈকে ‘ ভাৰতীয় প্লাজমা বিজ্ঞান ছʼচাইটীʼৰ সভাপতি আছিল। এই আসন শুৱনি কৰা তেওঁ দ্বিতীয় গৰাকী অসমীয়া। তেওঁ আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰীৰ অতিথি বিজ্ঞানী আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ ফেল’ হিচাপেও কাম কৰিছিল।জৰ্মানীৰ বচামৰ ৰুহৰ বিশ্ববিদ্যালয়ৰ ফেলʼ হোৱাৰ উপৰিও ইংলেণ্ডৰ কুলহাম লেবৰেটৰীৰ সহকাৰী অধ্যাপক আছিল। গুৱাহাটীৰ ” ইন্ ষ্টিটিউট অব এডভাঞ্চ ষ্টাডী ইন ছায়েন্স এণ্ড টেকনʼলʼজী” ৰ ফেলʼ আৰু সহকাৰী অধ্যাপক হিচাপেও সেৱা আগবঢ়াইছিল। তেওঁ ইটালী, ছুইডেন, ডেনমাৰ্ক, চুইজাৰলেণ্ড, অষ্ট্ৰিয়া, আমেৰিকা, নতুন দিল্লী , কলকাতাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনতো অংশ গ্ৰহণ কৰিছিল। অসম চৰকাৰৰ ২০১৮ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ অধীনত তেওঁক ‘জীৱনজোৰা সাধনা বঁটা ‘ প্ৰদান কৰা হয়। আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিশিষ্ট প্লাজমা বিজ্ঞানী, উত্তৰ-পূব ভাৰতৰ প্লাজমা গৱেষণাৰ বাটকটীয়া ৰূপে চিৰ পৰিচিত ড° সৰ্বেশ্বৰ বুজৰবৰুৱা।
