বিশ্ববিশ্ৰুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা – যমুনা দুলু বৈশ্য

( চমু আলোকপাত )

বিশ্ববিশ্ৰুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

যমুনা দুলু বৈশ্য,শুৱালকুছি

ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা আছিল জনতাৰ শিল্পী । তেখেতে ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত শদিয়াত জন্ম হয় । ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টিশীল কৰ্মসাহিত্য ,কৰ্মৰাজি আছিল অলেখ —গীতিকাৰ ,সুৰকাৰ ,চিনেমা প্ৰযোজক ,পৰিচালক ,ৰাজনীতিবিদ ,দাৰ্শনিক আৰু কত কি — তেওঁৰ গৰিমা বিশ্বজুৰী ব্যাপী আছে ।
সুধাকন্ঠৰ প্ৰতিটো গানেই অসমীয়া সমাজ জীৱনৰ সুন্দৰ ছবি অংকন কৰে ।
১৯৮০ চনত মুক্তিপোৱা অকণ ছবিৰ গীতটিয়ে চিনাকি দিছিল —

কাজিৰঙা কাজিৰঙা
কাজিৰঙা ভয়াৱহ নহয়
নহয় ই অভয়াৰণ্য
ইয়াতকৈয়ো ভয়াৱহ জানা
পৃথিৱীৰ জন অৰণ্য ।

“কাজিৰঙা মোৰ সেউজ সপোন বুলিও অভিহিত কৰিছিল শিল্পীগৰাকীয়ে । তাহানিতেই জাতীয় নাট্যশালা লাগে বুলি দাবী কৰিছিল ,অসমত । অসমীয়া জাতীৰ চেতনাক জাগৰিত কৰিবলৈ তেওঁ গাইছিল

” আমি অসমীয়া নহওঁ দুখীয়া
বুলি সাত্বনা লভিলে নহ’ব
আজিৰ অসমীয়া
নিজক নিচিনিলে
অসম ৰসাতলে যাব ।।

জাতীয় চেতনাক নৱ ৰূপ দি সমন্বয়ৰ বৰঘৰ নিৰ্মাণ কৰিব পাৰে । অসমীয়াৰ জীৱন আকাশত উজ্বল জ্যোতিষ্ক সদৃশ ব’হাগ ।সাঁচিপাতে যি দৰে অসমীয়াৰ ভাষাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ স্বাক্ষৰ বহন কৰি আহিছে ,এনেদৰে ব’হাগেও অনন্ত কাল ধৰি অসমীয়া জাতিক প্ৰেৰণা যোগায় আহিছে।সেইবাবে গাইছিল –

ব’হাগ এটি মাথোঁ মাকো নহয়
নহয় ই কুলিৰ মাত
ব’হাগ এটি নৱ-চিন্তাৰ
সাঁচিপাত পুথিৰে পাত ।
ই উজ্বলাই জীৱন আকাশ ।

অসমীয়াৰ আপোন গাঁৱৰ সৌন্দৰ্যত বিমুগ্ধ ড° হাজৰিকাই কৃষিজীৱিক গুৰুত্ব দি গাঁৱৰ মান ৰাখিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈ গীতৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল ;

অ আমি তেজাল গাঁৱলীয়া
গাঁৱৰে ৰাখিম মান
নাঙল যুঁৱলিৰে পৃথিৱী সজাওঁ
ৰ’দত তিৰবিৰায় জান ।

১৯৬৯ চনত দুখীয়াৰ ভগা পঁজাত থকা শীতৰ সেমেকা ৰাতিটো দুখত একাত্মক হৈ গাইছিল এনেদৰে —

শীতৰে সেমেকা ৰাতি
বস্ত্ৰ বিহীন খেতিয়কৰ
ভাগিপৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি ,উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ ।

শ্ৰোতা দৰ্শকক একে প্ৰেমৰে আঁকোৱালি লৈ সকলোকে সম – মৰ্যদাৰে সন্মান জনাই গীতৰ সভাৰ প্ৰধান অলংকাৰৰ বিভূষণেৰে বিভূষিত কৰিছে —–

মোৰ গীতৰ হেজাৰ শ্ৰোতা
তোমাক নমস্কাৰ
গীতৰ সভাত তুমিয়েইতু
প্ৰধান অলংকাৰ ।

গাঁৱলীয়া জীৱনত গাভৰুৰ ৰূপৰ বৰ্ণনা । তেওঁ লিখিছিল —

গাঁৱৰে জীয়ৰী সপোন সুন্দৰী
গাঁৱতে সৰগ ৰচোঁ মই
মাটিতে সৰগ ৰচোঁ মই
দেৱতাই ৰ লাগি চায় ।।

জীৱনৰ সংকতৰ কালত তেওঁৰেই গান অজস্ৰ জনতাই গুণগুনাই —

মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে ।

সকলো গীতে জনতাৰ হৃদয়ত পালে স্থান ।

আজি জীৱন বুটলিবি
হাঁহি ,হাঁহি আহ
আৰু গাইছিল —
বুকু বুকু হম হম কৰে মোৰ আই ।

এনেকৈয়ে যাদুকৰী সুৰৰ মায়াৰ জালেৰে সমগ্ৰ পৃথিৱীক মোহাচ্ছন্ন কৰি থৈ গৈছে ।