( চমু আলোকপাত )
বিশ্ববিশ্ৰুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা
যমুনা দুলু বৈশ্য,শুৱালকুছি
ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা আছিল জনতাৰ শিল্পী । তেখেতে ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত শদিয়াত জন্ম হয় । ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টিশীল কৰ্মসাহিত্য ,কৰ্মৰাজি আছিল অলেখ —গীতিকাৰ ,সুৰকাৰ ,চিনেমা প্ৰযোজক ,পৰিচালক ,ৰাজনীতিবিদ ,দাৰ্শনিক আৰু কত কি — তেওঁৰ গৰিমা বিশ্বজুৰী ব্যাপী আছে ।
সুধাকন্ঠৰ প্ৰতিটো গানেই অসমীয়া সমাজ জীৱনৰ সুন্দৰ ছবি অংকন কৰে ।
১৯৮০ চনত মুক্তিপোৱা অকণ ছবিৰ গীতটিয়ে চিনাকি দিছিল —
কাজিৰঙা কাজিৰঙা
কাজিৰঙা ভয়াৱহ নহয়
নহয় ই অভয়াৰণ্য
ইয়াতকৈয়ো ভয়াৱহ জানা
পৃথিৱীৰ জন অৰণ্য ।
“কাজিৰঙা মোৰ সেউজ সপোন বুলিও অভিহিত কৰিছিল শিল্পীগৰাকীয়ে । তাহানিতেই জাতীয় নাট্যশালা লাগে বুলি দাবী কৰিছিল ,অসমত । অসমীয়া জাতীৰ চেতনাক জাগৰিত কৰিবলৈ তেওঁ গাইছিল
” আমি অসমীয়া নহওঁ দুখীয়া
বুলি সাত্বনা লভিলে নহ’ব
আজিৰ অসমীয়া
নিজক নিচিনিলে
অসম ৰসাতলে যাব ।।
জাতীয় চেতনাক নৱ ৰূপ দি সমন্বয়ৰ বৰঘৰ নিৰ্মাণ কৰিব পাৰে । অসমীয়াৰ জীৱন আকাশত উজ্বল জ্যোতিষ্ক সদৃশ ব’হাগ ।সাঁচিপাতে যি দৰে অসমীয়াৰ ভাষাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ স্বাক্ষৰ বহন কৰি আহিছে ,এনেদৰে ব’হাগেও অনন্ত কাল ধৰি অসমীয়া জাতিক প্ৰেৰণা যোগায় আহিছে।সেইবাবে গাইছিল –
ব’হাগ এটি মাথোঁ মাকো নহয়
নহয় ই কুলিৰ মাত
ব’হাগ এটি নৱ-চিন্তাৰ
সাঁচিপাত পুথিৰে পাত ।
ই উজ্বলাই জীৱন আকাশ ।
অসমীয়াৰ আপোন গাঁৱৰ সৌন্দৰ্যত বিমুগ্ধ ড° হাজৰিকাই কৃষিজীৱিক গুৰুত্ব দি গাঁৱৰ মান ৰাখিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈ গীতৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল ;
অ আমি তেজাল গাঁৱলীয়া
গাঁৱৰে ৰাখিম মান
নাঙল যুঁৱলিৰে পৃথিৱী সজাওঁ
ৰ’দত তিৰবিৰায় জান ।
১৯৬৯ চনত দুখীয়াৰ ভগা পঁজাত থকা শীতৰ সেমেকা ৰাতিটো দুখত একাত্মক হৈ গাইছিল এনেদৰে —
শীতৰে সেমেকা ৰাতি
বস্ত্ৰ বিহীন খেতিয়কৰ
ভাগিপৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি ,উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ ।
শ্ৰোতা দৰ্শকক একে প্ৰেমৰে আঁকোৱালি লৈ সকলোকে সম – মৰ্যদাৰে সন্মান জনাই গীতৰ সভাৰ প্ৰধান অলংকাৰৰ বিভূষণেৰে বিভূষিত কৰিছে —–
মোৰ গীতৰ হেজাৰ শ্ৰোতা
তোমাক নমস্কাৰ
গীতৰ সভাত তুমিয়েইতু
প্ৰধান অলংকাৰ ।
গাঁৱলীয়া জীৱনত গাভৰুৰ ৰূপৰ বৰ্ণনা । তেওঁ লিখিছিল —
গাঁৱৰে জীয়ৰী সপোন সুন্দৰী
গাঁৱতে সৰগ ৰচোঁ মই
মাটিতে সৰগ ৰচোঁ মই
দেৱতাই ৰ লাগি চায় ।।
জীৱনৰ সংকতৰ কালত তেওঁৰেই গান অজস্ৰ জনতাই গুণগুনাই —
মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে ।
সকলো গীতে জনতাৰ হৃদয়ত পালে স্থান ।
আজি জীৱন বুটলিবি
হাঁহি ,হাঁহি আহ
আৰু গাইছিল —
বুকু বুকু হম হম কৰে মোৰ আই ।
এনেকৈয়ে যাদুকৰী সুৰৰ মায়াৰ জালেৰে সমগ্ৰ পৃথিৱীক মোহাচ্ছন্ন কৰি থৈ গৈছে ।
