বিশ্ব সাক্ষৰতা দিৱসৰ তাৎপৰ্য – নিবেদিতা হাজৰিকা

Pc News18

আন্তৰ্জাতিক সাক্ষৰতা দিৱস উপলক্ষে

বিশ্ব সাক্ষৰতা দিৱসৰ তাৎপৰ্য 

নিবেদিতা হাজৰিকা,লখিমপুৰ

এগৰাকী ব্যক্তিৰ বাবে জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় সম্পদ হৈছে -শিক্ষা। সাক্ষৰতা হৈছে এজন ব্যক্তিয়ে লিখিব ,পঢ়িব আৰু দৈনন্দিন  জীৱনত প্ৰয়োজন হোৱা জ্ঞান  ব্যৱহাৰ কৰিব পৰা এক গুৰুত্বপূৰ্ণ ক্ষমতা বিশেষ।শিক্ষাৰ জৰিয়তেহে ব্যক্তিৰ  জীৱনৰ মাপকাঠি নিৰ্ণয় হয়।ই প্ৰতিজন ব্যক্তিৰ মৌলিক  অধিকাৰ হিচাপেও স্বীকৃত। সাক্ষৰতাই  এজন মানুহক মৰ্যদাৰে  জীয়াই থাকিবলৈ আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰতো সহায় কৰে।ঠিক সেইদৰে, এখন  সুস্থ, শান্তিপূৰ্ণ আৰু আগুৱাই যোৱা সমাজ গঠনৰ বাবে সাক্ষৰিত সমাজ এখনৰ প্ৰয়োজন খুবেই বেছি। ইয়াৰ বিকল্প নাই বুলিব পাৰি। এই সকলো কথা বিবেচনা কৰি ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি  চমুকৈ ( ইউনেস্কো) য়ে  ১৯৬৫ চনৰ ১৭ নবেম্বৰত ৮ ছেপ্টেম্বৰ দিনটো আন্তৰ্জাতিক  সাক্ষৰতা দিৱস (World  Literacy  Day )  হিচাপে ঘোষণা কৰে আৰু  তেতিয়াৰে পৰা প্ৰতি বছৰে এটা নিৰ্দিষ্ট  (Thim) বা আৰ্হি মূল হিচাপে লৈ এই দিৱসটি পালন কৰা হয়,যিয়ে সমাজত শিক্ষাৰ সঠিক বাৰ্তা প্ৰেৰণ  কৰে।ব্যক্তি ,পৰিয়াল আৰু সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে শিক্ষা আৰু সাক্ষৰতা যে আটাইতকৈ শক্তিশালী অস্ত্ৰ সেই কথা সোঁৱৰাই দিয়াই এই দিৱসৰ মূল উদ্দেশ্য।এই দিৱস হৈছে শিক্ষা আৰু সাক্ষৰতাৰ পৰিৱৰ্তনশীল শক্তিৰ ওপৰত প্ৰতিফলিত কৰা এক প্ৰয়োগ ।এই দিনটোত  ব্যক্তিগত বিকাশ আৰু সৱলীকৰণৰ আধাৰশিলা  হিচাপে পঢ়া আৰু লিখাৰ গুৰুত্বক গুৰুত্বৰ ওপৰত  বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰা হয় তথা ব্যক্তি ,সমাজ আৰু ৰাষ্ট্ৰৰ বাবে সাক্ষৰতাৰ প্ৰয়োজনীয়তা তথা গুৰুত্ব প্ৰচাৰ কৰাৰ লগতে সমগ্ৰ বিশ্বৰ পৰা নিৰক্ষৰতা  দূৰ কৰাৰ বাবে সজাগতাৰ শিক্ষা দিয়াই এই দিৱস পালনৰ লক্ষ্য আৰু উদ্দেশ্য।জ্ঞানৰ পোহৰেৰে পৃথিৱীৰ পৰা অজ্ঞানতাৰ  আন্ধাৰ  দূৰ কৰাৰ বাবে এক অহৰহ সংকল্পৰ নামেই হ’ল বিশ্ব সাক্ষৰতা দিৱস ,যি আমাক সোঁৱৰাই দিয়ে যে সমাজৰ প্ৰতিজন ব্যক্তিক শিক্ষিত কৰি নোতোলা পৰ্যন্ত বা শিক্ষিত নোহোৱা পৰ্যন্ত এখন সম্ভাৱনাপূৰ্ণ আৰু প্ৰগতিশীল পৃথিৱী গঢ়া সম্ভৱ নহয়। এখন সুস্থ, শান্তিপূৰ্ণ আৰু উন্নত  সমাজ গঠনৰ বাবে বিশ্ব সাক্ষৰতা দিৱসৰ প্ৰাসংগিকতা সদায়ে সৰ্বোচ্চ।

সমগ্ৰ বিশ্বৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ বাবে ব্যাপক ভাবে প্ৰচাৰ চলাই অহা এই দিৱস কেৱল মাত্ৰ এটা দিৱস  নহয়, ই হৈছে মানৱ অধিকাৰ ,মৰ্যদা আৰু সমাজ পৰিৱৰ্তনৰ এক সজাগতামূলক আন্দোলন। চৰকাৰে বিশ্বৰ সকলো নাগৰিককে সাক্ষৰ কৰি তুলিবলৈ যত্ন তথা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও বৰ্তমান সময়তো বিশ্বৰ এক বৃহৎ সংখ্যক লোক নিৰক্ষৰ হৈ আছে।সেইবাবে, এই দিৱসৰ প্ৰাসংগিকতা  এতিয়াও শেষ হোৱা নাই।সকলোৰে বাবে শিক্ষা নিশ্চিত কৰিবলৈ চৰকাৰ আৰু ব্যক্তিগত পৰ্যায়ত অহৰহ প্ৰচেষ্টা চলাই থকাটো অত্যন্ত প্ৰয়োজনীয়।এই দিৱস পালন প্ৰকৃত অৰ্থত কাৰ্যকৰী আৰু সাৰ্থক কৰি তুলিবলৈ হ’লে শিক্ষা সুলভ কৰা , বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়মুখী কৰা, প্ৰাপ্ত বয়স্ক শিক্ষাৰ সম্প্ৰসাৰণ কৰাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব।যেতিয়া দেশৰ প্ৰতিগৰাকী নাগৰিকে আখৰ জ্ঞান বা সাক্ষৰতা লাভ কৰি আত্মনিৰ্ভৰশীল  হ’ব পাৰিব ,তেতিয়াহে ‘বিশ্ব সাক্ষৰতা দিৱস’ উদ্‌যাপন  প্ৰকৃত অৰ্থত  সাৰ্থক হ’ব।