১৫ শিক্ষাগুৰুক ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰদান শিক্ষামন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- শনিবাৰে দেশজুৰি ৬৫ সংখ্য়ক শিক্ষক দিৱস পালন কৰা হয় । এই দিৱসৰ লগত সংগচি ৰাখি ৰাজ্যিক কৃতী শিক্ষক বঁটাৰ বাবে মনোনীত ১৫ গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সন্মানিত কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাজ্যৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিতশিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত বঁটা প্ৰাপকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ১৫গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সন্মানিত কৰাৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা ১২ খন মহাবিদ্যালয়, ১৪ গৰাকী সহযোগী এনচিচি বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত পেটেণ্ট লাভ কৰা ৪ গৰাকী শিক্ষক আৰু আদৰ্শ বিদ্যালয় সংগঠন, অসমৰ অধীনৰ ৫ গৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে । কার্যসূচীত ভাষণ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষার্থীসকলৰ জ্ঞান, চৰিত্ৰ, নেতৃত্বৰ গুণ, দায়িত্ববোধ আৰু সামাজিক দায়বদ্ধতা বিকশিত কৰাত শিক্ষকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। একবিংশ শতিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি আধুনিক প্রযুক্তি আৰু নৱতম শিক্ষণ পদ্ধতি গ্ৰহণ কৰি শিক্ষাদানৰ মান শিক্ষকসকলে উন্নত কৰিব লাগিব। শিক্ষামন্ত্ৰীৰ স্পষ্ট মন্তব্য- ৰাজ্যৰ শিক্ষক সমাজে প্ৰযুক্তিৰ প্ৰয়োগ ভালদৰে জানিবই লাগিব। এগৰাকী শিক্ষক প্রযুক্তিগতভাৱে দক্ষ হ’ব লাগিব। ৰাজ্যৰ প্ৰাথমিক শিক্ষাখণ্ডৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট সাল-সলনি কৰা হৈছে। প্রাথমিক স্তৰৰ পৰা ইতিমধ্যে হেৰাই গৈছে ৫.৫০ লাখ শিক্ষার্থী। এই শিক্ষার্থীসকলক বিদ্যালয়লৈ ওভতাই অনাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। অনগ্ৰসৰতাৰ কাৰণে হওক বা আৰ্থিক দৈন্যৰ বাবেই হওক, আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ ৰাজ্যত হ্রাস পাবলৈ ধৰিছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক পদক্ষেপৰ ফলত প্ৰাথমিক স্তৰৰ পৰা হাইস্কুল পর্যন্ত ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত শিক্ষার্থীৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে। ইফালে শিক্ষক বাছনিৰ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে আজি কয় যে ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বাছনিৰ বাবে এতিয়াৰে পৰা জিলা আযুক্তৰ অনুমোদনৰ প্ৰয়োজন হ’ব। ৰাজ্যিক শিক্ষক বঁটাৰ বাবে আবেদন কৰা শিক্ষকে দাখিল কৰিব লাগিব পাঠদানৰ বাণীবদ্ধ ৰূপ। আগন্তুক শিক্ষা বৰ্ষৰ পৰাই ৰাজ্যত আৰম্ভ হ’ব এই প্রক্রিয়া। এই ব্যৱস্থাৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- অহা বর্ষব পৰা শিক্ষকক বঁটা দিয়াৰ ক্ষেত্ৰত অনলাইন আবেদন হ’ব। জিলা আয়ুক্তসকলে এই আবেদনসমূহত অনুমোদন জনোৱাৰ পাছত যিসকল শিক্ষক বাছনিত উঠিব তেওঁলোকৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। শিক্ষক দিৱসত সম্বর্ধনা লাভ কৰা স্বায়ত্তশাসিত মর্যাদা লাভকৰা ১২খন মহাবিদ্যালয় হৈছে- কামৰূপৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়, লখিমপুৰৰ লখিমপুৰ বালিকা মহাবিদ্যালয়, কামৰূপ (মহানগৰ) ৰ দিছপুৰ মহাবিদ্যালয়, প্রাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, পাণ্ডু মহাবিদ্যালয়, ধেমাজিৰ মৰিধল মহাবিদ্যালয়, গোৱালপাৰা মহাবিদ্যালয়, বৰপেটাৰ মানৱ চৌধুৰী মহাবিদ্যালয়, যোৰহাটৰ কেন্দ্ৰীয় মহাবিদ্যালয় আৰু গোলাঘাটৰ ডিকেডি মহাবিদ্যালয়। আনহাতে পেটেন্ট দাখিল কৰি কৃতিত্ব অর্জন কৰা অধ্যাপক-অধ্যাপিকাসকল হ’ল- অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ড° নৱজিৎ শইকীয়া, ড° ৰাশি বৰগোহাঁই, যোৰহাট ইনষ্টিটিউট অব ছায়েঞ্চ এণ্ড টেকন’লজীৰ গোলাম ইমৰান হুছেইন আৰু গোলাঘাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ ড° পংকজ বৰুৱা। শিক্ষক দিৱসৰ এই কাৰ্যসূচীত মন্ত্রী বিশ্বজিৎ দৈমাৰী, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ড° তপন দাসৰ লগতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰচি জৈন, উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ, আদর্শ বিদ্যালয় সংগঠন, অসমৰ মিছন সঞ্চালিকা কৃষ্ণা বৰুৱা, মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হোজাই, উচ্চ শিক্ষা সঞ্চালিকা পমী বৰুৱা, প্রাথমিক শিক্ষা সঞ্চালিকা সুৰঞ্জনা সেনাপতি, কাৰিকৰী শিক্ষা সঞ্চালক ধ্ৰুৱজ্যোতি বৰা আৰু এছচিইআৰটিৰ সঞ্চালিকা ড° নিৰদা দেৱী উপস্থিত থাকে।
