ভূপেশ বাঘেলক প্রদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক নিযুক্তি 

Pc NDTV

ভূপেশ বাঘেলক প্রদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক নিযুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্রাকক্ষণত  ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক অল ইণ্ডিয়া কংগ্ৰেছ কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন তত্ত্বাৱধায়ক  হিচাপে নিযুক্তি দিছে। ৫ ছেপ্টেম্বৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই সাংগঠনিক ৰেডিকেল সালসলনিৰ কথা ঘোষণা কৰে। পূৰ্বৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ স্থানত ভূপেশ বাঘেলক এই দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ পূৰ্বে বাঘেলে পঞ্জাৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় সংগঠনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় নেতৃত্বই তেওঁক এই গুৰুত্বপূৰ্ণ দায়িত্ব দিছে। উল্লেখ্য যে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ পাছতে প্রদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল জিতেন্দ্র সিঙে। অসম কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ সলনিৰ লগতে এআইচিচিৰ গুজৰাট, পঞ্জাব, ছত্তিশগড়, মহাৰাষ্ট্ৰ আৰু অন্ধ্র প্রদেশৰো নতুন তত্ত্বাৱধায়ক নিযুক্তি দিছে। সেই অনুসৰি গুজৰাটৰ দায়িত্ব অর্পণ কৰা হৈছে ৰণদীপ সিং সূর্যেৱালাক, পঞ্জাবৰ দায়িত্ব শচীন পাইলটৰ ওপৰত, ছত্তিশগড়ৰ দায়িত্ব সুখদেউ ভাগৎ, মহাৰাষ্ট্ৰৰ দায়িত্ব ড° শ্রীভেল্লা প্ৰসাদৰ ওপৰত আৰু অন্ধ্র প্রদেশৰ তত্ত্বাৱধায়কৰ দায়িত্ব পিভি মোহনৰ ওপৰত অর্পণ কৰা হৈছে। ৰণদীপ সিং সূৰ্যেৱালাক অতিৰিক্তভাৱে কৰ্ণাটক কংগ্ৰেছৰ – তত্ত্বাৱধায়কৰ দায়িত্ব অর্পণ কৰা হৈছে।