দেশৰ প্ৰথমটো আর্থ ইমেজিং ছেটেলাইট ইঅ’এছ-০৫ সফলতাৰে উৎক্ষেপণ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ প্ৰথম ‘ইমেজিং ছেটেলাইট’ ই অ’ এছ-০৫ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰে ৷ বৃহস্পতিবাৰে পুৱতি নিশা ২.৫৫ বজাত শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি-এফ ১৭ ৰকেটৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হয় এই কৃত্রিম উপগ্ৰহটো। শুকুৰবাৰে পুৱা ইছৰ’ৱে জনোৱা মতে জিএছএলভি-এফ১৭ ৰকেটৰ জৰিয়তে সফলভাৱে পূর্ব নির্ধাৰিত ‘ছাব-জিঅ’ছিংক্ৰ’নাছ ট্রেন্সফাৰ অৰবিট’ত স্থাপন হৈছে জিছেট-১এ। ইছৰ’ৰ সঞ্চালক ভি নাৰায়ণনে এই সন্দৰ্ভত কয়- ‘অতি আনন্দেৰে জনাওঁ যে জিএছএলভি-এফ১৭ ৰকেটে অত্যাধুনিক আর্থ অবজাৰেভেচন ছেটেলাইট বা ভাৰতৰ প্ৰথমটো জিঅ’ছিংক্র’নাছ-অৰবিট ইমেজিং ছেটেলাইট ইঅ’এছ-০৫ক সফল আৰু নিখুঁতভাৱে পূর্ব নির্ধাৰিত কক্ষপথত স্থাপন কৰিছে।’ জিএছএলভি মিছন ডাইৰেক্টৰ থমাছ কুৰিয়ানে জনাই যে জিএছএলভিৰ জৰিয়তে জিটিঅ’ বা ছাব-জিটিঅ’ কক্ষপথত উৎক্ষেপণ কৰা এইটোৱেই আটাইতকৈ গধুৰ উপগ্রহ। তেওঁৰ ভাষাত ‘জিএছএলভিৰ ১৯সংখ্যক মিছন সাফল্যমণ্ডিত।’ ইছৰোৰ ভাণ্ডাৰত ডেৰ ডজনৰো অধিক কমিউনিকেচন ছেটেলাইট থাকিলেও জিছেট-১এৰ দৰে নিৰীক্ষণকাৰী উপগ্ৰহ এয়াই প্রথম নির্মাণ কৰিছে তেওঁলোকে। উৎক্ষেপণৰ পিছত ইঅ’এছ-০৫ক ছাব-জিটিঅ’ত স্থাপন কৰা হৈছে। পৰৱৰ্তী কক্ষপথ উন্নয়ন প্ৰক্ৰিয়াৰ জৰিয়তে প্রায় ৩৬ হাজাৰ কিলোমিটাৰ উচ্চতাৰ ভূস্থিৰ কক্ষপথৰ (জিঅ’ষ্টেচনাৰী অৰবিট-এই কক্ষপথত থকা কৃত্রিম উপগ্রহ বা ছেটেলাইটসমূহে পৃথিৱীৰ আৱৰ্তনৰ গতিৰ সৈতে তাল মিলাই একেই গতিৰে ঘূৰে, যাৰফলত পৃথিৱীৰ পৰা দেখিলে ধাৰণা হয় উপগ্ৰহটো আকাশৰ কোনো এক স্থানত স্থিৰ হৈ আছে।) পৰা ভাৰতৰ সীমা আৰু ভূ-খণ্ডত ২৪ ঘণ্টাই নিৰীক্ষণ চলাই থাকিব। পাকিস্তান বা চীন সীমান্তসহ বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলৰ ওপৰত ঘনে ঘনে নিৰীক্ষণ আৰু পৰ্যবেক্ষণ সাহায্য আগবঢ়াব। তদুপৰি ঘূৰ্ণিবতাহ, বান, ডাৱৰ বিস্ফোৰণ বা ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই উপগ্ৰহটোৱে ভাৰতৰ যিকোনো নির্দিষ্ট অঞ্চলৰ ছবি মাত্র ৫ মিনিটৰ ভিতৰত আৰু সম্পূৰ্ণ ভাৰতীয় ভূ-খণ্ডৰ ছবি প্ৰতি ৩০ মিনিটত ইছৰ’ৰ কন্ট্র’ল ৰুমলৈ পঠিয়াব পাৰিব। খনিজ অনুসন্ধান আৰু হিমবাহ পর্যবেক্ষণৰ কামতো ব্যৱহাৰ কৰিব পৰা যাব এই উপগ্রহক।
