সুখেৰে ওপচা সৰু ঘৰখন – ৰশ্মি ৰেখা দুৱৰা

Pc StockCake

শিশু গল্প:

সুখেৰে ওপচা সৰু ঘৰখন

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

গৰমৰ দিন। পুৱাৰ পৰাই সূৰ্যৰ তাপ ক্ৰমাৎ বাঢ়ি আহিবলৈ ধৰিছে। দুপৰীয়া হোৱাৰ লগে লগে গাঁৱৰ বাট-পথত দুগুণে গৰমৰ উত্তাপ বাঢ়িছে। জিৰণি ল’বলৈ গছৰ পাতবোৰো নলৰা হৈছে। ক’তো থাকি শান্তি পোৱা নাই। জিউৱে ঘৰৰ বাৰাণ্ডাতে বহি বিচনীৰ বতাহ লৈ  মাকক ক’লে,

: মা, আজি বৰ গৰম লাগিছে। বাহিৰলৈ ওলাবলৈকে মন যোৱা নাই। ইমান চোকা ৰ’দ।

: তোৰ বান্ধৱী নিশাৰ ঘৰৰ ফালে অলপ ওলাই যাবি নেকি?  তাহাঁতৰ ঘৰখন বাঁহৰ বেৰা আৰু খেৰৰ চালিৰে সজা। তাত গৰমটো অলপ কমকৈ অনুভৱ হয়।

: সঁচাকৈ? তেন্তে নিশাৰ ঘৰলৈকে যাওঁ ব’লা।মাকে সকলো ঘৰৰ কামবন সামৰি ল’লে। তাৰপাছত দুয়ো ওলাই গ’ল। জিউ আৰু নিশা সৰুৰে পৰা বান্ধৱী। দুয়োৰে ঘৰ ওচৰা-ওচৰি। কিন্তু নিশাৰ ঘৰখন জিউৰ বৰ প্ৰিয়। ঘৰটো ডাঙৰ নহয়। বাঁহৰ বেৰা, খেৰৰ চালি, মাটিৰ চোতাল আৰু সৰু এখন ফুলনিয়ে ঘৰখনক বৰ মৰমলগা কৰি তুলিছে। ঘৰৰ ওচৰ পোৱাৰ লগে লগে জিউৱে অনুভৱ কৰিলে, বাহিৰৰ গৰম বতাহৰ তুলনাত ইয়াত যেন বতাহটো বহুত কোমল।নিশাই জিউক দেখি দৌৰি আহিল।

: জিউ, তই আহিলি?

: অঁ। আজি তোলৈ বৰকৈ মনত পৰিল, সেয়েহে আহিলোঁ।  তঁহতৰ ঘৰত ভৰি থয়ে শান্তি লাগি গৈছে।

: মইতো তোক সদায় কৈ থাকোঁ, আমাৰ ঘৰটো সৰু হ’ব পাৰে। কিন্তু গৰমৰ দিনত বৰ আৰামদায়ক।জিউ আৰু জিউৰ মাকক ভিতৰলৈ মাতি নিশাই বহিবলৈ দিলে। নিশাৰ মাক মাটিত পাৰি থোৱা এখন ঢাৰীত বহি ধান বাছি আছিল। দেউতাকে এডাল বাঁহ কাটি কিবা এটা বনাই আছিল।জিউৱে চাৰিওফালে চাই আচৰিত হৈ সুধিলে,

: খুৰী, আপোনালোকৰ ঘৰটো ইমান ঠাণ্ডা কিয়? বাহিৰত দেখোন গৰমত থাকিবই নোৱাৰি!নিশাৰ মাকে ডলাখন হাতত লৈয়ে উত্তৰ দিলে,

: এই ঘৰখনৰ গুণেই তেনেকুৱা জিউ। বাঁহৰ বেৰা আৰু খেৰৰ চালিয়ে গৰমৰ দিনত ঘৰৰ ভিতৰখন তুলনামূলকভাৱে আৰামদায়ক কৰি ৰাখে।

: কেনেকৈ?নিশাৰ দেউতাকে বাঁহৰ টুকুৰাটো থৈ ক’লে,

: বাঁহৰ বেৰাৰ মাজত থকা সৰু সৰু ফাঁকেৰে বতাহ চলাচল কৰিব পাৰে। ফলত ঘৰৰ ভিতৰত বায়ু চলাচল হৈ থাকে। আনহাতে, খেৰৰ চালিয়ে সূৰ্যৰ প্ৰখৰ তাপৰ পৰা ঘৰৰ ভিতৰখনক কিছু পৰিমাণে ৰক্ষা কৰে। সেইবাবেই এনে ঘৰত গৰমৰ দিনত আৰাম অনুভৱ হয়।

: তেন্তে বাঁহৰ ঘৰটো প্ৰকৃতিৰ লগত মিলি থকা এখন  ঘৰ।: ঠিকে কৈছা, দেউতাকে ক’লে।নিশাই জিউক এটা সৰু বাঁহৰ পাচি দেখুৱাই ক’লে,

: এই পাচিটো  মায়ে বনাইছে।জিউয়ে পাচিটো হাতত লৈ ভালদৰে চালে।

: ইমান ধুনীয়া! বাঁহেৰে আৰু কি কি বনাব পাৰি?নিশাৰ দেউতাকে ক’লে,

: বাঁহ অতি উপযোগী উদ্ভিদ। বাঁহেৰে ঘৰ, বেৰা, জপনা, খৰাহী, পাচি, ডলা, চালনি, চকী, মেজ, ফুলদানি আৰু বিভিন্ন সা-সামগ্ৰী বনাব পাৰি। আমাৰ অসমৰ গ্ৰাম্য জীৱনত বাঁহৰ গুৰুত্ব বহু পুৰণি।জিউয়ে কথাবোৰ আগ্ৰহেৰে শুনি থাকিল। দেউতাকে আকৌ ক’লে,

: বাঁহ শক্তিশালী হোৱাৰ লগতে যথেষ্ট নমনীয়। সেইবাবে উপযুক্তভাৱে শুকুৱাই বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি। বহু কাৰিকৰে বাঁহৰ পৰা সুন্দৰ হস্তশিল্প তৈয়াৰ কৰি জীৱিকা অৰ্জন কৰি ঘৰ চলাই আছে।

: মানে বাঁহে মানুহক কৰ্ম সংস্থাপনো দিয়ে? জিউয়ে সুধিলে।

: অৱশ্যেই। বাঁহেৰে সামগ্ৰী বনোৱা, বিক্ৰী কৰা আৰু ব্যৱহাৰ কৰাৰ লগত বহুলোকৰ জীৱিকা জড়িত হৈ থাকে।নিশাই ক’লে,

: আমাৰ দেউতায়ো বাঁহৰ পৰা কেতিয়াবা পাচি, খৰাহী আৰু সৰু সৰু বস্তু বনাই বিক্ৰী কৰে।জিউয়ে দেউতাকলৈ চাই ক’লে,

: আপুনি বৰ ভাল কাম জানে!

: এইবোৰ আমাৰ গাঁৱৰ পুৰণি পৰম্পৰাৰ অংশ। আগতে মানুহে প্ৰকৃতিৰ পৰা পোৱা সামগ্ৰীৰে নিজৰ বহু প্ৰয়োজন পূৰণ কৰিছিল।জিউয়ে ঘৰৰ পিছফালে থকা বাঁহজোপালৈ চালে। ওখ বাঁহবোৰ বতাহত হালি-জালি আছিল। পাতবোৰে মৃদু শব্দ কৰি আছিল।

: এই বাঁহবোৰ আপোনালোকৰ নিজৰ নেকি?

: কেইজোপামান আমাৰ। আৰু গাঁৱৰ আন মানুহৰো বাঁহবাৰী আছে। নিশাই ক’লে।

: বাঁহ গছ প্ৰকৃতিৰ বাবেও উপকাৰী নেকি?

: বাঁহেয়ো আন সেউজীয়া উদ্ভিদৰ দৰে কাৰ্বন ডাই-অক্সাইড গ্ৰহণ কৰি অক্সিজেন এৰি দিয়ে। ইয়াৰ শিপাই মাটি ধৰি ৰখাত সহায় কৰে। বিশেষকৈ উপযুক্ত ঠাইত বাঁহ আৰু অন্যান্য উদ্ভিদে মাটিৰ খহনীয়া কমোৱাত সহায় কৰিব পাৰে। বাঁহে সেউজীয়া পৰিৱেশ গঢ়াতো অৰিহণা যোগায়। দেউতাকে ক’লে।

: তেন্তে বাঁহ কেৱল মানুহৰ কামৰ বাবে নহয়, প্ৰকৃতিৰো বন্ধু!

: হয়, কিন্তু এটা কথা মনত ৰাখিবা—বাঁহ ব্যৱহাৰ কৰাৰ লগতে বাঁহবাৰী আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰাটোও আমাৰ দায়িত্ব।ইয়াৰ পাছত জিউৰ চকু গ’ল খেৰৰ চালিখনলৈ।

: খেৰো বহুত কামৰ নেকি?নিশাৰ মাকে ক’লে,

: খেৰ ধান চপোৱাৰ পাছত পোৱা যায়। আৰু নদী কাষৰীয়া ঠাইবোৰতো খেৰ পোৱা যায়। আগৰ দিনত মানুহে খেৰ পেলাই নিদিছিল। ঘৰৰ চালি,গোহালিৰ চালি,বেৰা,পশুৰ বিচনা তৈয়াৰ কৰিবলৈ আৰু আন কিছুমান কামত ব্যৱহাৰ কৰিছিল।মাকৰ লগে লগে দেউতাকেয়ো ক’লে,

: খেৰ কৃষিজাত অৱশিষ্ট সামগ্ৰী। ইয়াক পুনৰ ব্যৱহাৰ কৰিব পাৰি। সঠিকভাৱে ব্যৱহাৰ কৰিলে কৃষিৰ পৰা পোৱা সামগ্ৰী বহুদিন উপযোগী হৈ থাকে।

: মানে পেলনীয়া বুলি ভাবি পেলাই নিদি কামত লগাব পাৰি।

: ঠিকে কৈছা। প্ৰকৃতিৰ সামগ্ৰী যিমান পাৰি সঠিকভাৱে ব্যৱহাৰ কৰা উচিত। মাকে ক’লে।ঠিক তেনেতে বাহিৰত বতাহ বলিবলৈ ধৰিলে। খেৰৰ চালিৰ ওপৰৰ পাতল শব্দ আৰু বাঁহৰ বেৰৰ মাজেৰে সোমাই অহা বতাহে ঘৰখনত এক শীতলতা বিয়পাই দিলে। জিউৱে চকু মুদি কিছুসময় বহি থাকিল। উৎকট গৰমত তাইৰ দেহাটো শীতল পৰি গ’ল।

: আহা! ইয়াত বহিলে মনটোও ভাল লাগিব।

: সেইবাবেই মই গৰমৰ দিনত ঘৰৰ বাহিৰলৈ বেছিকৈ নাযাওঁ।দুয়ো বান্ধৱী চোতালতে বহিল। নিশাৰ মাকে দুয়োকে জলপান দিলে। গৰমৰ বাবে সিঁহত দুজনীক চাহ নিদিলে। জিউৰ মাক আৰু নিশাৰ মাক দুয়োজনীয়ে সিঁহতৰ ওচৰতে বহি চাহ খালে। জলপান খাই শেষ হোৱাৰ পাছত মাটিৰ কলহৰ ঠাণ্ডা পানী খাই জিউৰ বৰ ভাল লাগিল।
জিউয়ে ক’লে,

: তোমালোকৰ ঘৰখনত বৰ বেছি বস্তু নাই। কিন্তু সকলোবোৰ ইমান পৰিপাটিকৈ ৰাখা!

: সুখী হ’বলৈ বহুত বস্তুৰ প্ৰয়োজন নাই জিউ। ঘৰখনত যদি মৰম, বিশ্বাস আৰু শান্তি থাকে, তেন্তে সৰু ঘৰখনো ডাঙৰ যেন লাগে। নিশাৰ মাকে ক’লে।

: আমাৰ ঘৰটো হয়তো পকী ঘৰৰ দৰে শক্তিশালী নহ’ব পাৰে। যিহেতু খেৰৰ চালি নিয়মিতভাৱে পৰীক্ষা কৰিব লাগে। জুইৰ পৰা বিশেষ সাৱধান হ’ব লাগে। কিন্তু এই ঘৰটোৰ লগত আমাৰ বহু স্মৃতি জড়িত হৈ আছে। দেউতাকে ক’লে।জিউয়ে মন দি কথাবোৰ শুনিলে। অলপ পাছতে আকাশত ক’লা ডাৱৰে আৱৰি ধৰিল। গৰমৰ মাজতে এজাক দবাপিটা বৰষুণ আহিল। বৰষুণৰ পানীবোৰ খেৰৰ চালিত পৰিবলৈ ধৰিলে।জিউৱে আনন্দত ক’লে,

: বৰষুণৰ শব্দটো ইমান ধুনীয়া। কিবা এটা ভাল লাগিছে।

: মায়ে কয়, খেৰৰ চালিৰ তলত বহি বৰষুণজাক চোৱাৰ আনন্দই সুকীয়া। নিশাই ক’লে।দুয়ো বান্ধৱীয়ে দুৱাৰমুখত বহি বৰষুণজাক চাই থাকিল। মাটিৰ পৰা অহা জেকা গোন্ধ, বাঁহপাতৰ শব্দ আৰু খেৰৰ চালিত পৰা বৰষুণৰ শব্দ—সকলো মিলি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিলে।বৰষুণজাক এৰাৰ পাছত জিউ ঘৰলৈ উভতিবলৈ ওলাল। দুৱাৰমুখত আহি তাই এবাৰ পিছলৈ ঘূৰি চালে। সৰু বাঁহৰ ঘৰটো,খেৰৰ চালি,মাটিৰ চোতাল,ফুলনি আৰু নিশাৰ পৰিয়ালটোৰ হাঁহিৰে ভৰা মুখকেইখন – সকলো মিলি তাইৰ মনত এখন সুন্দৰ ছবি আঁকি থৈ গ’ল।ঘৰলৈ খোজকাঢ়ি আহি থাকোতে বাটত মাকে সুধিলে,

: আজিৰ দিনটো কেনেকুৱা লাগিল?”

: মা, আজি মই বহুত কথা শিকিলোঁ। বাঁহেৰে কেৱল ঘৰ বা পাচিয়েই নহয়, বহুতো বস্তু বনাব পাৰি। বাঁহ পৰিৱেশৰ বাবেও উপকাৰী। খেৰৰ বিষয়েও বহুকথা শিকিলোঁ।অলপ ৰৈ তাই ক’লে,

: আৰু এটা কথা শিকিলোঁ।

: কি?

: ডাঙৰ ঘৰ মানেই ডাঙৰ সুখ নহয়। নিশাহঁতৰ সৰু ঘৰটোত যিমান মৰম আৰু শান্তি আছে, সেইটোৱেই আচল সুখ।মাকে জিউৰ মূৰত হাত বুলাই ক’লে,

: ঠিকেই বুজিছ।জিউয়ে লগে লগে ক’লে,

: মা, আকৌ নিশাহঁতৰ ঘৰলৈ যাম। বিশেষকৈ গৰমৰ দিনত।: ঠিক আছে। যাম বাৰু।দূৰৈত নিশাহঁতৰ বাঁহবাৰীখন বতাহত  হালিজালি আছিল। বাঁহপাতৰ মৃদু শব্দত যেন প্ৰকৃতিয়ে জিউক এটা কথাই কাণে-কাণে কৈ আছিল – সহজ-সৰল জীৱন, প্ৰকৃতিৰ সান্নিধ্য আৰু আপোন মানুহৰ মৰমতেই লুকাই থাকে জীৱনৰ প্ৰকৃত সুখ।

error: Content is protected !!