জুবিন গাৰ্গ হত্যা গোচৰ ছিংগাপুৰৰ প্ৰথমজন প্রবাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্যদান

জুবিন গাৰ্গ হত্যা গোচৰ ছিংগাপুৰৰ প্ৰথমজন প্রবাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্যদান

ৰঙিলী বাৰ্ত্তাসেৱা-  বুধবাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে ফাষ্টট্ৰেক আদালতত সাক্ষ্যদান কৰিলে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া পৰীক্ষিত শর্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়াটত থকা ১১ প্রবাসী অসমীয়াৰ ভিতৰত এইগৰাকী পৰীক্ষিত শৰ্মা জুবিন গাৰ্গৰ সৈতে আছিল আৰু প্রথমগৰাকী প্রবাসী অসমীয়াৰ ভিতৰত তেওঁ ফাষ্টট্রেক আদালতত সাক্ষ্য প্রদান কৰে। বুধবাৰে পুৱা ১০.৩০ বজাত পৰীক্ষিত শৰ্মাই ফাষ্টট্রেক আদালতত উপস্থিত হৈ নিজৰ সাক্ষ্য প্ৰদান কৰে। উল্লেখ কৰিব পাৰি যে জুবিন গাৰ্গৰ হত্যা গোচৰৰ তদন্ত কৰি থকা অসম আৰক্ষীৰ এছআইটিয়ে খুব সংগোপনে পৰীক্ষিত শর্মাক ফাষ্টট্রেক আদালতত সাক্ষ্য প্রদানৰ বাবে উপস্থিত কৰোৱায়। অৱশ্যে পৰীক্ষিত শৰ্মাৰ সাক্ষ্যদান আধৰুৱা হৈ ৰ’ল। তেওঁ বৃহস্পতিবাৰে পুনৰ আদালতত উপস্থিত হৈ সাক্ষ্য প্রদান কৰিব। জানিব পৰা মতে, পৰীক্ষিত শৰ্মাই আদালতত এছআইটিয়ে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা ধৰণেই নিজৰ সাক্ষ্যদান কৰিছে। দীর্ঘসময় ধৰি আদালতত সাক্ষ্যদানৰ সন্মুখীন হোৱা পৰীক্ষিত শৰ্মাই আদালতৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত কয়- মোটামুটিভাবে সাক্ষ্যদান এতিয়াও শেষ হোৱা নাই। সাক্ষ্যদানৰ প্ৰক্ৰিয়া আৰু বাকী আছে। গতিকে এই বিষয়টোক লৈ মই এতিয়া একো মন্তব্য কৰিব খোজা নাই। কাৰণ মেটাৰটো ছাবজুডিছ হৈ আছে। সাক্ষ্যদান প্রক্রিয়া শেষ হ’বলৈ দিয়ক। তাৰ পিছত মই যি ক’বলগীয়া আছে ক’ম। সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত পৰীক্ষিত শৰ্মাই আদালতে পুনৰ তেওঁক মতা বুলি উল্লেখ কৰে আৰু কয়- আমি ন্যায়ৰ বাবেইতো আহিছোঁ। আমাক যেতিয়া ক’র্টে মাতিছে, মই লগে লগে টিকট কাটি গুচি আহিছোঁ। আমাৰ ভাৰতৰ আইন ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মই সম্পূর্ণৰূপে বিশ্বাসী যে যদি কোনোবা দোষী আছে, তেওঁ শাস্তি পাব। জুবিন গাৰ্গ হত্যা গোচৰটোত প্রবাসী অসমীয়াসকলে সম্পূৰ্ণ সহযোগিতা কৰি যাব নে বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত পৰীক্ষিত শৰ্মাই কয়- আমি সম্পূর্ণ সহযোগিতা কৰি আছোঁ আৰু কৰি যাম। অৱশ্যে বাকী প্রবাসীসকল সন্দর্ভত প্রবাসী অসমীয়াগৰাকীয়ে কয় যে তেওঁলোকৰ কথা তেওঁলোকে ক’ব। মই ক’ব খোজা নাই। গোচৰটো চলাই নিয়াৰ ক্ষেত্ৰত মোৰ পূৰ্ণ সহযোগিতা আছে আৰু আমি সদায় জুবিনদাৰ লগত আছোঁ। আনহাতে সাংবাদিকে তেওঁক ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত কি ঘটিছিল, সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পৰীক্ষিত শৰ্মাই কয় যে এই বিষয়ত তেওঁ একো ক’ব নোৱাৰে। কিয়নো তেওঁৰ এতিয়াও সাক্ষ্যদান সম্পূর্ণ হোৱা নাই।