লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে  দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত হয় অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহ ৷ দীক্ষান্ত সমাৰোহত ৩২ গৰাকী উপ-আৰক্ষী অধীক্ষক আৰু ৩৭১ গৰাকী আৰক্ষী কনিষ্টবলে অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে ৷ এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ইউনিফর্ম পৰিহিত সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ বাবে দীক্ষান্ত সমাৰোহ হৈছে তেওঁলোকৰ জীৱনৰ অতি স্মৰণীয় মুহূৰ্ত। জীৱনৰ শেষ দিনটোলৈকে ইউনিফর্ম পৰিধান কৰা ব্যক্তিসকলে এনে সমাৰোহৰ গৌৰৱময় ক্ষণটো সোঁৱৰণ কৰে। সৰ্বমুঠ ৪০৩গৰাকী নৱপ্ৰশিক্ষিত বিষয়া আৰু জোৱানে আজিৰ এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিছে। ইয়াৰে উপ-আৰক্ষী অধীক্ষকসকলে সফলতাৰে ৫২ সপ্তাহৰ বুনিয়াদী প্রশিক্ষণ সম্পূৰ্ণ কৰিছে। এই প্রশিক্ষণকালত উপ-আৰক্ষী অধীক্ষকসকলে লাচিত বৰফুকন পুলিচ একাডেমীত দুসপ্তাহৰ ‘অৰিয়েণ্টচন’ আৰু মেঘালয়ৰ ‘নেপা’ত দুমাহৰ প্ৰশিক্ষণতো অংশগ্রহণ কৰিছে। এই প্রশিক্ষণকালত তেওঁলোকে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম, পকছো আইন, অস্ত্র আইন, এনডিপিএছ, চাইবাৰ অপৰাধ, ফৰেনছিক বিজ্ঞান আৰু শিশু সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত জ্ঞান অর্জন কৰিছে। তদুপৰি তেওঁলোকে অসম আৰক্ষী সেৱা সেতুৰ দৰে ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰৰ উপৰি অস্ত্রচালনা, ঘোঁৰাচালনাকে ধৰি বিভিন্ন প্রশিক্ষণো গ্রহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে যোগাযোগ শাখাৰ কনিষ্টবলসকলে হাউলীৰ দ্বিতীয় অসম আৰক্ষী বেটেলিয়ন আৰু ২৮নং অসম আৰক্ষী বেটেলিয়নত সফলতাৰে বিশ সপ্তাহৰ বুনিয়াদী প্রশিক্ষণকালত আৰক্ষীৰ যোগাযোগ ব্যৱস্থা আধুনিক ডিজিটেল যোগাযোগ সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ বিষয়ে বিশেষ প্রশিক্ষণ লাভ কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ‘মই নিশ্চিত যে লাচিত বৰফুকন পুলিচ একাডেমী আৰু বিভিন্ন স্থানত লাভ কৰা বিস্তৃত প্রশিক্ষণে আৰক্ষী বিষয়া আৰু জোৱানসকলক আধুনিক, প্রযুক্তিগতভাবে সু-সজ্জিত, পেছাদাৰীভাৱে দক্ষ আৰু জনমুখী আৰক্ষী হিচাপে গঢ়ি তুলিছে, যিয়ে তেওঁলোকক আভ্যন্তৰীণ নিৰাপত্তাৰ সকলো প্ৰত্যাহ্বানৰ সৈতে সফলতাৰে মোকাবিলা কৰাত সহায় কৰিব। আমি মহাবীৰ লাচিত বৰফুকনৰ নামত উৎসর্গিত আৰক্ষী একাডেমীখন সকলো ফালৰে পৰা সু-সজ্জিত কৰাৰ বাবে প্রচেষ্টা গ্ৰহণ কৰিছোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এই একাডেমীখনে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে।’ দেশৰ কেইবাখনো ৰাজ্যই নিজ নিজ আৰক্ষী বাহিনীক এই একাডেমীখনত প্রশিক্ষণ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিছে বুলিও সদৰী কৰি তেওঁ কয় যে অসম আৰক্ষীৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে দেশৰ আন ৰাজ্যসমূহৰ আৰক্ষী বাহিনীকো প্রশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিব যাতে এই একাডেমীখন কেৱল ৰাজ্যিক একাডেমীয়ে নহয়, ৰাষ্ট্ৰীয় স্তৰৰ এখন আৰক্ষী একাডেমী হিচাপে গৌৰৱ অৰ্জন কৰিব পাৰে। কিছুদিন পূর্বে শ্বিলঙত অৱস্থিত আছাম ৰেজিমেণ্টৰ প্ৰশিক্ষণ কেন্দ্র ভ্রমণকালত প্রশিক্ষণ কেন্দ্ৰটোৱে আগবঢ়োৱা আধুনিক প্ৰশিক্ষণৰ বিষয়ে তেওঁ অৱগত হৈছিল বুলি ভাষণত উল্লেখ কৰি তেওঁ অসম আৰক্ষী সঞ্চালকপ্ৰধানক লাচিত বৰফুকন পুলিচ একাডেমীতো যাতে কমাণ্ডো প্ৰশিক্ষণৰ লগতে ভাৰতীয় সামৰিক সেৱাৰ অগ্নিবীৰ পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিব পৰা যায় সেই উদ্দেশ্যে একাডেমীখন অধিক সু-সজ্জিত কৰিবলৈ পৰামৰ্শ প্রদান কৰে। তেওঁ লগতে কয় যে একাডেমীখনৰ নিৰন্তৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বিভিন্ন ক্রীড়াৰ প্ৰশিক্ষণৰ উদ্দেশ্যে প্রতিষ্ঠানখনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ব্যৱস্থা কৰা হৈছে। লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰাই অসম আৰক্ষীৰ ‘১১২ সেৱা’ আৰম্ভ কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্রহণ কৰা হৈছে। আগন্তুক সময়ছোৱাত এই একাডেমীখন ভাৰতীয় সেনাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমপৰ্যায়ৰ এখন প্রতিষ্ঠান হিচাপে গঢ় লৈ উঠিব। মুখ্যমন্ত্রী ড° শর্মাই ভাষণত উল্লেখ কৰে যে অসম আৰক্ষীত প্ৰতিবছৰে নতুন নতুন বিষয়া আৰু জোৱানক নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰ সফল হৈছে। ইয়াৰ ফলত কোনো খালী পদ নথকা এটা আৰক্ষী বাহিনীলৈ অসম আৰক্ষী ৰূপান্তৰ হোৱাৰ দিশত আগবাঢ়িছে। বিগত পাঁচ বছৰত অসম আৰক্ষীত প্রায় ২১ হাজাৰ নতুন বিষয়া তথা জোৱানক স্বচ্ছতাৰ ভিত্তিত নিযুক্তি দিয়া হৈছে আৰু এই নতুন নিযুক্তিয়ে আৰক্ষী বাহিনীটোক এটা যুৱ আৰক্ষী বাহিনীলৈ ৰূপান্তৰ কৰিছে। ৰাজ্যৰ শৃংখলিত আইন ব্যৱস্থাত বিগত পাঁচ বছৰত বাহিনীটোৱে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। বিগত পাঁচটা বছৰ আছিল ৰাজ্যখনৰ শান্তি, প্রগতি আৰু বিকাশৰ পাঁচটা বছৰ। এই সময়ছোৱাত আমি শান্তি-প্ৰগতিৰ এক নতুন দিগন্ত স্পৰ্শ কৰিবলৈ সক্ষম হৈছিলোঁ। অসম আৰক্ষীৰ প্ৰচেষ্টাত আমাৰ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি দেশৰ আন ৰাজ্যৰ তুলনাত যথেষ্ট উন্নত হ’বলৈ সক্ষম হৈছে। উগ্রপন্থীৰ বিৰুদ্ধে যুঁজ কৰা এটা আৰক্ষী বাহিনীৰ পৰিৱৰ্তে যোৱা পাঁচটা বছৰত আইন-শৃংখলা ৰক্ষা, অপৰাধ নিয়ন্ত্ৰণ আৰু চাইবাৰ অপৰাধ ৰোধ আদিৰ দৰে ব্যৱস্থা ল’বলৈ অসম আৰক্ষী সমৰ্থ হৈছে।  আৰক্ষী সেৱা হৈছে সাহস, ত্যাগ আৰু সমৰ্পণৰ প্ৰতীক। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্রী ড° শর্মাই দীক্ষান্ত সমাৰোহত উপস্থিত থকা বিষয়া তথা জোৱানসকলক তেওঁলোকৰ পৰা সমাজ, চৰকাৰ আৰু পৰিয়ালে যিবোৰ প্ৰত্যাশা কৰিছে সেইসমূহ পূৰণ কৰিবলৈ পেছাদাৰী উৎকৰ্ষতা আৰু সততাৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁলোকে দায়িত্ব পালনৰ সময়ত সম্মুখীন হোৱা প্ৰত্যাহ্বানৰ মাজত সাহস, দৃঢ়তা, নিষ্ঠা, সততা, প্রতিশ্রুতি আৰু দায়বদ্ধতাৰে সমাজৰ প্ৰতি সেৱা আগবঢ়াই যাব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে কয় যে ম্যানমাৰ, বাংলাদেশ আদিৰ দৰে ৰাষ্ট্ৰৰ সৈতে অসমৰ সীমা সংলগ্ন হৈ আছে। ইয়াৰ ফলত ৰাজ্যখনে আইন-শৃংখলাৰ নিৰম্ভৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থাকিব লাগিব। অসমত অপৰাধ নিয়ন্ত্ৰণৰ উপৰি অৰ্থনৈতিক অপৰাধ আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দি নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাও অসম আৰক্ষীয়ে সুনিশ্চিত কৰিব লাগিব। অসম আৰক্ষীৰ এই দিশত উল্লেখনীয় সেৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা ‘ৰাষ্ট্ৰপতিৰ নিচান’ৰ দৰে বিশেষ সন্মান লাভ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। আইন-শৃংখলা ৰক্ষাৰ লগতে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি ভাষণত উল্লেখ কৰি তেওঁ কয় যে ২০২১ চনত প্রতি ১ লাখ লোকৰ বিপৰীতে অপৰাধৰ হাৰ আছিল ৩৭৯। এই হাৰ ২০২৬ চনৰ জুলাই মাহত ১১৬লৈ হ্রাস পাইছে। তেনেদৰে পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা ১,৩৩,২৩৯টাৰ পৰা ২৫,০১৪টালৈ হ্রাস পাইছে। আনহাতে, অভিযোগনামা দাখিলৰ হাৰ প্ৰায় ৮৬ শতাংশলৈ আৰু দোষী সাব্যস্তৰ হাৰ প্ৰায় ৩০ শতাংশলৈ বৃদ্ধি পাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ‘স্মার্ট’ পুলিচৰ ধাৰণাটোক অসম আৰক্ষীয়ে কাৰ্যতঃ ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। বিগত পাঁচ বছৰত ৩,২৫৩ কোটিতকৈ অধিক টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত ২৬,৫৩৭জন লোকক অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষীয়ে কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ অপৰাধ, ফৰেনছিক সামর্থ্য আদিৰ দিশত অধিক জ্ঞান আহৰণ কৰি নতুন ধৰণৰ অপৰাধৰ সৈতে যুঁজিবলৈ সক্ষম হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসম আৰক্ষীয়ে ইতিমধ্যে গুৱাহাটীৰ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ, গান্ধীনগৰৰ ৰাষ্ট্ৰীয় ফৰেনছিক বিশ্ববিদ্যালয় আৰু হায়দৰাবাদৰ চেণ্টাৰ ফৰ ডিএনএ ফিংগাৰপ্রিন্ট এণ্ড ডায়েগ্ন’ষ্টিকছৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে আৰু বিষয়া তথা জোৱানসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। ৰাজ্যৰ মহিলা সমাজক যিকোনো অপৰাধৰ পৰা সুৰক্ষিত কৰিবলৈ তেওঁ শূন্য সহনশীল নীতি ল’বলৈ আহ্বান জনায়। তেওঁ কয় যে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে এখন অদ্বিতীয় ৰাজ্যত পৰিণত হ’ব লাগিব। তদুপৰি, বাল্যবিবাহ, বহুবিবাহ আদিৰ দৰে অপৰাধৰ সৈতে জড়িত ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক পদক্ষেপ গ্রহণ কৰিব লাগিব। শিশু আৰু মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ অহা পাঁচ বছৰত সম্পূৰ্ণৰূপে ৰোধ কৰি অসমক দেশৰ ভিতৰতে সামাজিক ন্যায়ৰ ভিত্তিত প্রতিষ্ঠিত এখন ৰাজ্য হিচাপে অসম আৰক্ষীয়ে প্ৰতিষ্ঠিত কৰিব লাগিব বুলিও তেওঁ কয়। আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰা, মহিলা আৰু শিশু উন্নয়ন মন্ত্রী অজন্তা নেওগ, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক বিশ্বজিৎ ফুকন আৰু মৃদুল দত্তৰ উপৰি আৰক্ষী সঞ্চালক প্রধান হৰমিট সিং, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় শংকৰ তিৱাৰীকে ধৰি কেই বাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।