আমাৰ মানসিকতা আৰু দুমুখীয়া সমাজ: এটা বিবেকৰ প্ৰশ্ন – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

আমাৰ মানসিকতা আৰু দুমুখীয়া সমাজ: এটা বিবেকৰ প্ৰশ্ন

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

টকা-পইচাৰ প্ৰকৃত মূল্য কি? জীয়াই থাকিবলৈ আমাক অন্ন, বস্ত্ৰ, বাসস্থান আৰু ঔষধৰ প্ৰয়োজন। শিক্ষা আৰু স্বাস্থ্যৰ নামত খৰচ কৰাটো আমাৰ কৰ্তব্য। কিন্তু বৰ্তমান সময়ত আমাৰ সমাজত এক অদ্ভুত আৰু চিন্তনীয় মানসিকতাই গা কৰি উঠিছে। আমি অজানিতে এনে এক জীৱনশৈলীৰ দাস হৈ পৰিছো, য’ত মানৱতাতকৈ ‘ষ্টেটাছ’ বা কৃত্ৰিম আভিজাত্যই গুৰুত্ব লাভ কৰিছে। আমাৰ দৈনিক জীৱনৰ কিছুমান সৰু সৰু ঘটনাই ইয়াৰ সঁচা প্ৰমাণ ডাঙি ধৰে।

আজিকালি অনলাইন শ্বপিং এক ফেশ্বন হৈ পৰিছে। কিন্তু এই অনলাইন বজাৰৰ আঁৰত কিমান যে প্ৰৱঞ্চনা লুকাই থাকে, সেয়া আমি সকলোৱে জানো। প্ৰায়ে অনলাইনত অৰ্ডাৰ কৰা বস্তুতকৈ সম্পূৰ্ণ বেলেগ, নিম্ন মানদণ্ডৰ বাবে একেবাৰে ‘ডিফেক্টিভ’ আৰু নকল বস্তু আমাৰ হাতলৈ আসে। ইমান ডাঙৰ ঠগ-প্ৰৱঞ্চনাৰ বলি হোৱাৰ পিছতো কিন্তু আমি ছচিয়েল মিডিয়াত বা গ্ৰাহক সুৰক্ষা চকীত গৈ বৰ বিশেষ হুলস্থুল নকৰো; বৰঞ্চ নীৰৱে সেই লোকচান সহ্য কৰি লওঁ। কিয়নো ব্ৰেণ্ডেড কোম্পানীৰ বিৰুদ্ধে মাত মাতিবলৈ আমাৰ তথাকথিত ‘আধুনিকতা’ই লাজ পায়!

ঠিক তেনেদৰে, কোনো এখন ডাঙৰ, বিলাসী ৰেষ্টুৰেণ্টত সোমাই যেতিয়া আমি খাদ্য অৰ্ডাৰ কৰো, তেতিয়া তাত কিমান উচ্চ মানদণ্ডৰ খাদ্য পোৱা যায়, সেয়া এক ডাঙৰ প্ৰশ্নবোধক চিন। বহু সময়ত দেখা যায় যে কেৱল ধুনীয়া টেবুল-চকী আৰু পোহৰৰ চমকনিৰ বাহিৰে খাদ্যৰ সোৱাদ বা মানদণ্ড একেবাৰে নিম্ন পৰ্যায়ৰ। আনকি সাধাৰণ চাহ একাপৰ নামতো তাত এশ-দুশ টকা লুটি লোৱা হয়। আচলতে সেই চাহত কোনো বিশেষত্ব নাথাকে, মাথোঁ যিখন দামী কাপ-প্লেটত চাহ কাপ পৰিৱেশন কৰা হয়, তাৰেহে আভিজাত্যৰ দাম লয়! হাজাৰ টকাৰ বিল হ’লেও আমি চকু মুদি ক্ৰেডিট কাৰ্ডখন আগবঢ়াই দিওঁ। আনকি তাত কাম কৰা ৱেইটাৰ জনক, যিয়ে তাৰ বিনিময়ত দৰমহা পায়, তাকো আমি গৌৰবেৰে ‘টিপছ’ দি থৈ আহো।

আমাৰ এই আত্মসমৰ্পণ কেৱল ইয়াতেই শেষ নহয়। যেতিয়া আমি কোনো ট্ৰেভেল এজেন্সী বা অনলাইন পৰ্টেলৰ পৰা বিমানৰ টিকট কিনো তেতিয়া তাত হাজাৰ হাজাৰ টকাৰ যি নিৰ্দিষ্ট মূল্য লিখা থাকে, তাক আমি মূৰ দোঁৱাই লগে লগে পেমেণ্ট কৰি দিওঁ। তাত কোনো দৰদাম বা তৰ্কৰ থল নাথাকে।

কিন্তু আমাৰ এই তথাকথিত উদাৰতা আৰু নীৰৱতা ক’লৈ যায়, যেতিয়া আমি ৰাজপথৰ এজন সাধাৰণ ই-ৰিক্সা চালক, অটো চালক বা টেক্সি ড্ৰাইভৰৰ সন্মুখত থিয় হওঁ? যিয়ে দিনটোৰ তীব্ৰ গৰম, ধূলি-বালি মূৰত পাতি আমাক সুৰক্ষিতভাৱে আমাৰ গন্তব্যস্থানত কঢ়িয়াই লৈ যায়, তেওঁলোকে ভাগৰুৱা শৰীৰেৰে মাত্ৰ ৫ বা ১০ টকা বেছি খুজিলেই আমাৰ খং চুলিৰ আগ পায়গৈ। অলপ পইচাৰ বাবে আমি ৰাজপথতে তেওঁলোকৰ লগত তীব্ৰ কাজিয়াত লিপ্ত হওঁ। একেদৰে, পদপথৰ এজন দুখীয়া পাচলি বিক্ৰেতা বা ফেৰীৱালা, যিয়ে দিনটোত মাত্ৰ ৫০-১০০ টকা লাভৰ বাবে বহি থাকে, তেওঁৰ লগত আমি পইচা পইচাকৈ হিচাপ ধৰো। অনলাইনৰ হাজাৰ টকীয়া ভুৱা বস্তুটোক ক্ষমা কৰি দিয়া আমিবোৰে ঘৰৰ ওচৰৰ চিনাকী দোকানখনৰ পৰা অনা সামগ্ৰী এটাত অলপ খুঁত ওলালে গোটেই পাৰাটো কঁপাই হুলস্থুল কৰো।

অথচ, এইটোৱেই আটাইতকৈ ডাঙৰ কৌতুক যে যেতিয়া আমাৰ ঘৰত কিবা বিপদ-আপদ হয়, বা গাঁৱৰ পূজা-সবাহৰ বাবে চান্দাৰ প্ৰয়োজন হয়, তেতিয়া কিন্তু আমি কোনো এয়াৰলাইনছ কোম্পানী, অনলাইন ব্ৰেণ্ড বা দামী ৰেষ্টুৰেণ্টৰ মালিকৰ ওচৰলৈ নাযাওঁ। লৰি যাওঁ ঘৰৰ ওচৰৰ সেই সৰু দোকানখনৰ গৰাকী বা সেই স্থানীয় খাটি-খোৱা মানুহখিনিৰ ওচৰলৈকে, যাক আমি সদায় দাম কমাবলৈ বাধ্য কৰো।

এইয়া কেৱল পইচা খৰচ কৰাৰ পাৰ্থক্য নহয়, এয়া আমাৰ মানসিকতাৰ এক গভীৰ ব্যাধি। আমরা ডাঙৰ কৰ্পোৰেট ব্ৰেণ্ড আৰু কৃত্ৰিম চমকৰ ওচৰত নিজকে সৰু কৰি ৰাখিছো, অথচ আমাৰ সমাজৰে আটাইতকৈ কষ্ট কৰা শ্ৰমিক শ্ৰেণীটোক তেওঁলোকৰ প্ৰাপ্য মূল্য, পৰিশ্ৰম আৰু সন্মান দিবলৈ কুণ্ঠাবোধ কৰিছো।

সমাজ পৰিৱৰ্তনৰ বাবে কোনো ডাঙৰ আন্দোলনৰ প্ৰয়োজন নাই। প্ৰয়োজন কেৱল আমাৰ বিবেকৰ জাগৰণৰ। যেতিয়ালৈকে আমি অন্ধ অনুকৰণ আৰু দেখুৱাব বিচৰা আভিজাত্য ত্যাগ কৰি এজন সাধাৰণ খেতিয়ক, পাচলি বিক্ৰেতা বা ই-ৰিক্সা, অটো চালকৰ পৰিশ্ৰমক মৰ্যাদা দিব নোৱাৰো, তেতিয়ালৈকে আমাৰ শিক্ষা আৰু সংস্কৃতি কেৱল এক আৱৰণ হৈয়েই ৰৈ যাব। আহক, বিমানৰ টিকটৰ ভিআইপি মানসিকতা ত্যাগ কৰি পদপথৰ আচল মানুহবোৰক সন্মান কৰিবলৈ শিকো।