অনির্দিষ্টকাললৈ বন্ধ কৰিলে সোণাপুৰ-নাজিৰাখাটৰ টোলগেট

Pc Northeast NOW

অনির্দিষ্টকাললৈ বন্ধ কৰিলে সোণাপুৰ-নাজিৰাখাটৰ টোলগেট

ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে নিশা সোণাপুৰ আৰু ক্ষেত্ৰীৰ মাজৰ তেতেলীয়াৰ নলগেদেৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাই ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থাৰ ছবিখন স্পষ্ট হৈছে।  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ অধীনত নিৰ্মিত ৰাজ্যৰ ৰাজপথসমূহক সকলোৱে  ‘কিলাৰ হাইৱে” আখ্যা দিছে।  ৰাজ্যত চলি থকা প্ৰতিখন টোলগেটৰ পৰা শশ কোটি টকা বছৰি সংগ্রহ কৰা, টোল কৰ বৃদ্ধি কৰি জনসাধাৰণক হাৰাশাস্তি আৰু বিভ্রান্ত কৰাৰ বাহিৰে এনএইচএআই আৰু এনএইচআইডিচিএল কর্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি আৰু নতুনকৈ নিৰ্মাণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্রহণ নকৰাৰ অভিযোগ সর্বত্র বিদ্যমান। বিশেষকৈ সোণাপুৰ-নাজিৰাখাট টোলগেটৰ সমীপতে দেওবাৰে নিশা দুর্ঘটনা সংঘটিত হোৱা নলগেদেৰাত ৰাজপথৰ সোঁমাজত দ গাঁত-খালৰ অৱস্থানে দুয়োটা কেন্দ্রীয় প্রতিষ্ঠানৰ স্বৰূপ উদঙাই দিছে। দেওবাৰে সংঘটিত পথ দুর্ঘটনাটোত মৃত্যু হোৱা ৭ লোককেইজন হৈছে জাগীৰোডৰ গোপাল দাস, উলুবাৰীৰ ইদ্রিছ আলী, সোণাপুৰৰ ঈশান আলী, কাঁহিকুছিৰ তৌফিকুল আলী, লাহৰীঘাটৰ অনিমা ডেকা বৰদলৈ আৰু কামৰূপ মহানগৰৰ জ্যোতিকা ৰংহাং। দুর্ঘটনাটোত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। নলগেদেৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা প্ৰকাণ্ড দ গাঁতত পৰি দুৰ্ঘটনা সংঘটিত কৰা এএছ-০১এইচচি-০৭১৬ নম্বৰৰ ট্রেভেলাৰ গাড়ীখন দুর্ঘটনাগ্রস্ত হোৱাৰ পিছত সম্পূৰ্ণৰূপে সম্মুখভাগ চুচুমে হৈ পৰা পৰিলক্ষিত হয়। এই ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰ পাছতে জীৱন-মৃত্যুৰ খেলা পতা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা ইয়াৰ সংযোগী প্রতিষ্ঠান আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যাপক মাত্ৰাত সৰৱ হৈ পৰে স্থানীয় ৰাইজ, দল-সংগঠন। ক্ষেত্ৰীৰ পৰা আৰম্ভ কৰি সোণাপুৰ-ডিমৰীয়াৰ বহু লোক আৰু দল-সংগঠনে ৰাজপথ মেৰামতিক লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দেখুওৱা ভূমিকাক লৈ ক্ষোভ প্রকাশ কৰি আজি প্ৰতিবাদমুখৰ হৈ উঠে আৰু ক্ষুব্ধ ৰাইজে সোণাপুৰ-নাজিৰাখাটৰ টোলগেট ভাঙি পেলায়। কেৱল ইমানেই নহয়, স্থানীয় ৰাইজ আৰু দল-সংগঠনে টোলগেট অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়ে। স্থানীয় ৰাইজৰ অভিযোগ যে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবেই কালি ৰাজ্য কঁপাই যোৱা শোকাৱহ দুর্ঘটনা সংঘটিত হ’বলৈ পালে। এইক্ষেত্ৰত বছৰি কোটি টকাৰ টোল কৰ সংগ্ৰহ কৰিও ৰাষ্ট্ৰীয় ঘাইপথটো কোনো মেৰামতি নকৰাৰ বাবে এইদৰে দৈনিক সংঘটিত হৈছে ভয়াৱহ দুর্ঘটনা। খানাপাৰাৰ পৰা জাগীৰোডলৈকে এই পথছোৱাৰ দুৰৱস্থাৰ বাবে উজনি-নামনিলৈ অহা-যোৱা কৰা বহু বাহন দুর্ঘটনাগ্রস্ত হৈ বহু লোক আহত-নিহত হ’বলগীয়া হৈছে। স্থানীয় ৰাইজৰ অভিযোগ যে ৰাজপথৰ প্ৰকাণ্ড গাঁত, জৰাজীৰ্ণ পথবোৰৰ কাৰণে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ মৰণফান্দত পৰিণত হৈছে। স্মর্তব্য যে আজি দুর্ঘটনা সংঘটিত হোৱাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰী প্ৰতিষ্ঠানে দুর্ঘটনা সংঘটিত ঠাইৰ দ গাঁতসমূহ নিয়মমাফিকভাৱে মাটিৰে পুতি তাৰ ওপৰত টেপ মাৰি দায়িত্ব সামৰিব বিচাৰিছিল যদিও স্থানীয় ক্ষুব্ধ ৰাইজে কৰ্মৰত শ্রমিকবোৰক কাম কৰা বাৰণ কৰে আৰু পথটো উন্নত ৰূপত মেৰামতিৰ দাবী কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয়- বিগত ডেৰ-দুই মাহত সংঘটিত সকলো দুৰ্ঘটনাৰ মূল কাৰণ হৈছে ঘাইপথটোৰ শোচনীয় অবস্থা। কামৰূপ মহানগৰ জিলাৰ যোৰাবাটৰ পৰা টোপাতলীলৈ সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথটোত বিভিন্ন স্থানত প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে। টোলগেট কর্তৃপক্ষৰ ওপৰত দোষ জাপি দি তেওঁ লগতে কয়- টোলগেটবোৰে নিয়মীয়াকৈ কৰ সংগ্ৰহ কৰি আহিছে যদিও পথ মেৰামতিত কোনো গুৰুত্ব দিয়া নাই। বাৰম্বাৰ আবেদন-নিবেদন জনোৱাৰ পিছতো ব্যৱস্থা নোলোৱাৰ বাবেই এনে ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পাইছে বুলিও তেওঁ অভিযোগ কৰে।