নাটক আমি কিয় কৰিব লাগে
নিবেদিতা হাজৰিকা,লখিমপুৰ
নাটক বা অভিনয় হ’ল এক শিল্প , সাহিত্যৰ এটি বিশেষ মাধ্যম বা ধৰণ ,যি অভিনয়ৰ জৰিয়তে দৰ্শকলৈ আগবঢ়োৱা হয় ।সাহিত্যৰ এই বিশেষ শাখাটি অভিনয়, সংলাপ আৰু কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত।ইয়াত মানুহৰ জীৱনৰ সুখ-দুখ ,সংঘাত,
বিভিন্ন আচাৰ-আচৰণ আদি দৃশ্যমান ৰূপত মঞ্চত বা পৰ্দাত তুলি ধৰা হয়।সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাট পৰিৱেশন কৰা হয়।
নাটকক আমি এখন আইনা বুলি অভিহিত কৰিব পাৰো,য’ত নিজৰ -নিজৰ সমাজখনৰ ভাল-বেয়া দুয়োটা দিশেই প্ৰকাশি উঠে। মানৱ জীৱনৰ প্ৰতিটো দিশৰ লগত নাটক সদায় একত্ৰ ,সংযোজিত হৈ থাকে।সমাজৰ এক অবিচ্ছেদ্য অংগ স্বৰূপ নাটক শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন মানুহৰ জীৱনৰ লগত জড়িত হৈ থকাৰ লগতে ,ই সমাজৰ বিকাশ সাধনৰো এক প্ৰধান অস্ত্ৰ। জীৱন সম্পৰ্কীয় ধাৰণা প্ৰকাশৰ এক কলা ৰূপ স্বৰূপ নাটকে মানুহৰ হৃদয়ক খাদ্য দিয়ে।ৰংগমঞ্চত অভিনয়ৰ জৰিয়তে জীৱনৰ বাস্তৱ ছবি উপস্থাপন কৰা , ফুটি উঠা ই এক দৃশ্য-শ্ৰাব্য মাধ্যম ।
নাটক চোৱা আৰু নাটকত অভিনয় কৰা-এই দুয়োটাই আমাৰ বাবে লাভজনক।সেয়ে আমি পাৰ্যমানে নাটকৰ সৈতে যুক্ত হৈ থাকিবলৈ যত্ন কৰা উচিত ।নাটক কৰিলে আমাৰ মন আৰু শৰীৰ দুয়োটাৰে লাভ হয় ।শাৰীৰিকতকৈ অৱশ্যে মানসিক লাভালাভ নাটকৰ জৰিয়তে অধিক পোৱা যায় ।
নাটক বা নাট্যই ব্যক্তিৰ ব্যক্তিত্ব আৰু মানসিক বিকাশত বিশেষ ভাবে সহায় কৰে।মঞ্চত অভিনয় কৰিলে বা মানুহৰ সন্মুখত কথা ক’লে মনৰ পৰা ভয় দূৰ হয়, আত্মবিশ্বাস বাঢ়ে, সামাজিক হ’বলৈ , অনুশাসন মানি চলিবলৈ , সহনশীলতা আৰু বন্ধুত্বসুলভ মনোভাৱ বঢ়োৱাত, আনৰ সুখ-দুখ, সুবিধা বুজি পোৱাৰ ক্ষমতা বৃদ্ধিত, স্মৃতিশক্তি ,মনোযোগ আদি বৃদ্ধি হয়।দৃঢ়তা,একাগ্ৰতা, একতা ,সাহস ,সৃষ্টিশীলতা, যোগাযোগৰ দক্ষতা, সহযোগী মনোভাৱ, কল্পনাশক্তি বৃদ্ধি,সমস্যা সমাধান, এক বহল দৃষ্টিভংগী গঢ়ি তোলাত নাটক বিশেষ সহায়ক। নাটকত অভিনয় কৰাৰ ফলত আমাৰ সামাজিক সচেতনতা,সহমৰ্মিতা , নৈতিক শিক্ষা আদিও প্ৰাপ্ত হয় ।ই আমাক মানুহৰ চৰিত্ৰ বুজাত আৰু জীৱনৰ সত্যতা উপলব্ধি কৰাত সহায় কৰে।
নাটক কৰা বা অভিনয় কৰাটো এক সক্ৰিয় সৃষ্টিশীল কাম।চৰিত্ৰৰ গভীৰতালৈ গৈ ,সংলাপ কোৱা আৰু শাৰীৰিক অংগী – ভংগী কৰি দৰ্শকক আমোদ দিয়াটো বৰ সহজ নহয়।তথাপি এই সকলো কষ্ট নেওচি বহুতেই নাটক কৰাৰ আনন্দ ল’ব বিচাৰে ।সমাজ সংস্কাৰ , মানসিক বিকাশ আৰু বিনোদনৰ বাবেই মূলত নাটক কৰে আৰু নাটকৰ লগত যুক্ত হোৱা উচিত । নাটক কৰা বা অভিনয়ৰ লগত যুক্ত হোৱাটো একেবাৰেই বেয়া নহয়, বৰঞ্চ ই এক সুন্দৰ কলাত্মক চৰ্চা,যিয়ে সমাজ আৰু ব্যক্তি মনক প্ৰতিফলিত কৰা এক সুন্দৰ যোগাত্মক বাৰ্তাবাহক মাধ্যম। ই এটা অতি সুন্দৰ আৰু উচ্চমানৰ কলাত্মক চৰ্চা, যি মানুহৰ মনত আনন্দ প্ৰদানৰ লগতে মানসিক দিশৰ ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰে, চিন্তা – চেতনা যোগায় আৰু সমাজক সঠিক পথৰ সন্ধান দিয়ে।
নাটক বা অভিনয়ৰ জগত খনৰ লগত জড়িত হৈ নিজৰ সুপ্ত প্ৰতিভা বিকশাই তুলিবলৈ সকলোৱে আগ্ৰহী হ’ব লাগে , সকলোকে ইয়াৰ লগত জড়িত হ’বলৈ ,জড়িত কৰিবলৈ উৎসাহ প্ৰদান কৰিব লাগে।নাটকৰ লগত জড়িত হ’বৰ বাবে আহ্বান জনোৱাটো মানুহৰ মনত শিল্প আৰু সৃষ্টিশীলতাৰ প্ৰতি আগ্ৰহ জগোৱাৰ বা আগ্ৰহী কৰি তোলাৰ এক শক্তিশালী প্ৰেৰণা।
নাটকত অংশ লোৱাৰ বাবে আজিৰ উঠি অহা প্ৰজন্মৰ বহুতেই আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে, যিটো এক শুভ লক্ষণ।এই ক্ষেত্ৰত কৰ্মশালা সমূহে বিশেষ সহযোগিতা আৰু ব্যৱস্থা গ্ৰহণ কৰিছে।কৰ্মশালা সমূহে নতুন প্ৰজন্মৰ মাজত নাটকৰ প্ৰতি আগ্ৰহ আৰু সচেতনতা দুয়োটাই বৃদ্ধি কৰিছে।ই সমাজ আৰু সংস্কৃতি দুয়োটাৰে বাবে এক শুভ লক্ষণ।কিয়নো,ইয়াৰ জৰিয়তে মানসিক উৎকৰ্ষ সাধনৰ বাবে মুকলি হৈছে,সমাজ সচেতনতা বৃদ্ধি পাইছে আৰু নিজেও শিল্পী সুলভ কলা প্ৰকাশ কৰাৰ সুযোগ পাইছে।কেৱল এয়ে নহয়,ইয়াৰ জৰিয়তে অভিনয়ৰ শিক্ষা,মঞ্চ চৰ্চা, আৰু সামাজিক জ্ঞান লাভ কৰাৰো সুবিধা হৈছে।
নাটকক সাধাৰণতে মনোৰঞ্জন বা বিনোদনৰ কেন্দ্ৰ বুলিয়ে ভবা হয় বা বিনোদনৰ সৈতে জড়িও কৰা হয় যদিও ই কেৱল অভিনয় কৰাৰ সুযোগেই প্ৰদান নকৰে। নাটকত অভিনয়ৰ জৰিয়তে সৃষ্টিশীলতা, আবেগিক বুদ্ধিমত্তা , সামালোচনাত্মক চিন্তাধাৰাৰ বাহক হিচাপেও নাটকৰ বিশেষ ভূমিকা আছে ।
নাটক কৰাৰ বহুখিনি উপকাৰী দিশ আছে।যাৰ জৰিয়তে সকলো উপকৃত হোৱাৰ সম্ভাৱনাই অধিক।নাটকৰ পৰা ব্যক্তিগত, ব্যৱহাৰিক, মানসিক আৰু সামাজিক এই সকলো দিশৰে লাভ হয়।সেয়ে আগ্ৰহী ,কলা সুলভ মনৰ অধিকাৰী সকলোৱে নাটকত অংশ ল’ব লাগে আৰু অভিভাৱক সকলেও সন্তানক নাটক আদিত অংশ ল’বলৈ উৎসাহিত কৰিব লাগে। ই শিক্ষা লাভ বা শিক্ষা প্ৰদানৰো এক বিশেষ মাধ্যম।বৰ্তমান সময়ত ইয়াক পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত কৰা হৈছে।কিতাপে জ্ঞান দিয়ে আৰু নাটকে সেই জ্ঞানক জীৱন দিয়ে।
বহুতে নাটক আদিত জড়িত হোৱা মানে সময়ৰ অপচয় বুলি ভাবে,কাম নথকা মানুহৰ কাম বুলি ভাবে।কিন্তু এইবোৰ ভিত্তহীন মন্তব্য আৰু নাটক-অভিনয়ৰপ্ৰতি থকা এটি ভুল ধাৰণা।নাটক কৰাটো সময় নষ্ট নহয় বৰঞ্চ সময়ৰ ই আটাইতকৈ ডাঙৰ বিনিয়োগ ।
নাটকেই হয়তো একমাত্ৰ মাধ্যম যি দৃশ্য-শ্ৰব্য মাধ্যমৰ জৰিয়তে অতি সহজে মানুহৰ মন স্পৰ্শ কৰিব পাৰে,মানুহৰ জীৱনলৈ এক ইতিবাচক পৰিৱৰ্তন অনাৰ লগতে মন প্ৰফুল্লিত ৰাখে।নাটকৰ লগত জড়িত হ’লে অভিনয়ৰ জৰিয়তে আমি নিজৰ জীৱনটো বাহিৰৰ পৰা চাব পাৰো, চাবলৈ শিকিব পাৰো ,নিজক শুধৰাব পাৰো।যি ছাত্ৰ-ছাত্ৰী বা ব্যক্তি নাটকৰ প্ৰতি আগ্ৰহী, তেওঁলোক জীৱন উপভোগৰ ক্ষেত্ৰতো আগ্ৰহী।উল্লেখযোগ্য যে, যি মঞ্চত তৎপৰ তেওঁ জীৱনৰ প্ৰতিটো পৰীক্ষাতে তৎপৰ।
নাটকে আমাক মানুহ হ’বলৈ শিকায়।নাটক কৰিলে আমি কিতাপত নোপোৱা বহু কথা শিকিবলৈ পাওঁ ,যিয়ে আমাক পিছৰ জীৱনটোত বহুখিনি সহায় কৰিব পাৰে।নাটক আদিত অভিনয় কৰিলে আমি জীৱন্ত মানুহ হৈ উঠো।এনেদৰেই নাটকে আমাক বহু দিশৰ উপকাৰ সাধন কৰে,প্ৰভাৱিত কৰে।নাটক আদিত অভিনয় কৰিলে সেয়ে বহু দিশৰ পৰা উপকৃত হ’ব পাৰি।
সমাজ তথা মানৱ জীৱনত নাটকৰ প্ৰয়োজনীয়তা আৰু প্ৰভাৱ খুবেই বেছি।নাটকে আমাৰ মগজু ,মুখ ,মন আৰু শৰীৰ- এই ৪টা অংশৰ চৰ্চা কৰায়। নাটক হ’ল পঢ়া-শুনা বা ব্যস্ততাৰ মাজত আনন্দৰ উশাহ। কিয়নো, সমাজলৈ সততাৰ বাৰ্তা কঢ়িওৱাত, মানুহক একত্ৰিত কৰাত , মানৱীয় প্ৰমূল্যবোধ ,সামাজিক সচেতনতা তথা নান্দনিক আনন্দ প্ৰদান কৰি আমাক সমৃদ্ধ কৰাত নাটক অদ্বিতীয় আৰু উপযুক্ত মাধ্যম। নাটকত অংশ লোৱাটো কেৱল এটা খেল নহয় বা কেৱল মাত্ৰ মনোৰঞ্জনো নহয়, ই আমাৰ জীৱন গঢ়াৰ এটা প্ৰশিক্ষণ শিবিৰৰ দৰে।সমাজৰ দাপোন স্বৰূপ হ’ল নাটক,য’ত মানুহৰ সুখ-দুখ আৰু জীৱনৰ সত্য প্ৰতিফলিত হয়।সেয়ে,আহক আমি সকলোৱে লগ লাগি নাটক আদিত জড়িত হওঁ আৰু সমাজলৈ এক সুন্দৰ বাৰ্তা আগবঢ়াওঁ।
