সাহায্য নে প্ৰদৰ্শনী? বানাক্ৰান্তৰ দুখ আৰু আমাৰ দায়িত্ববোধ
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
অসমৰ ভৌগোলিক অৱস্থিতি আৰু বাৰিষাৰ আগমনৰ বাৰ্তাই প্ৰতি বছৰে লৈ আহে এক অৱৰ্ণনীয় কৰুণ কাহিনী। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপৈনদীসমূহৰ উত্তাল তৰংগই যেতিয়া নদীৰ পাৰৰ বসতি অঞ্চলবোৰক ক্ৰমান্বয়ে গ্ৰাস কৰিবলৈ লয়, তেতিয়া প্ৰতিজন অসমীয়াৰ হৃদয়ত এক হাহাকাৰৰ সৃষ্টি হয়। নদী আমাৰ জীৱনৰেখা, নদী আমাৰ সভ্যতাৰ ধাত্রীগৃহ। কিন্তু আজিৰ প্ৰযুক্তিগত আধুনিকতাৰ যুগত নদীৰ এই মৰম যেন এক ভয়ংকৰ দুৰ্যোগলৈ ৰূপান্তৰিত হৈছে। প্ৰতি বছৰেই বাৰিষা আহিলে আমি প্ৰকৃতিৰ ওচৰত হাৰ মানিবলগীয়া হয়। অৱশ্যে প্ৰশ্ন উঠিছে – এই হাৰ কি কেৱল প্ৰকৃতিৰ ওচৰত, নে আমাৰ ব্যৱস্থাপনাৰ ওচৰত? আমাৰ সমাজৰ পৰম্পৰাগত নৈতিক ভেটি হৈছে জ্যেষ্ঠজনক দিয়া শ্ৰদ্ধা আৰু প্ৰতিজন মানুহৰ মাজত থকা আত্মিক আত্মীয়তা। গুৰু-শিষ্যৰ পৰা আৰম্ভ কৰি চুবুৰীয়াৰ লগত থকা মৰমৰ বান্ধোনবোৰ আজি যেন ক্ৰমান্বয়ে শিথিল হৈ আহিছে। বানাক্ৰান্তৰ এই বিভীষিকাময় পৰিস্থিতিত সামাজিক অৱক্ষয়ৰ বহু নগ্ন ছবি প্ৰতিফলিত হৈছে। আজি প্ৰশ্ন হয় – যি মানৱতাৰ ভেটিৰ ওপৰত আমাৰ সমাজ থিয় হৈ আছে, সি কিয় আজি ৰাজনীতিৰ ৰঙীন চশমা পিন্ধি কেৱল স্বাৰ্থসিদ্ধিৰ আহিলা হৈ পৰিছে? দুৰ্যোগৰ সময়ত মানুহ অসহায় হৈ পৰে। এই অসহায়তাৰ সুযোগ লৈ একাংশই যদি ৰাজনৈতিক মুনাফা অৰ্জন কৰিবলৈ বিচাৰে, তেন্তে সেয়া মানৱতাৰ চৰম লাঞ্ছনা।
সাহায্য ল’বলৈ যোৱা লোকসকলৰ একাংশৰ আচৰণত যি দাসত্বমূলক মানসিকতা দেখা যায়, সেয়া আমাৰ জাতীয় চৰিত্ৰৰ বাবে এক ডাঙৰ কলংক। কিয় এজন দুখীয়া মানুহে আন এজন লোকৰ ভৰিত হাত দি শ্ৰদ্ধা প্ৰদৰ্শন কৰি পাঁচ কেজি চাউল বা সামান্য টকা ল’বলৈ বাধ্য হয়? ইয়াৰ আঁৰত থকা অৰ্থনৈতিক দৈন্যতা নে সমাজৰ প্ৰশাসনিক ব্যৱস্থাৰ বিফলতা, গভীৰ পৰ্যালোচনা হোৱাটো প্ৰয়োজন। আমাৰ সমাজত সাহায্য প্ৰদানকাৰীক দেৱতুল্য বুলি গণ্য কৰাৰ যি পৰম্পৰা, সি আজি প্ৰয়োজনৰ তাগিদাত এক কৃত্ৰিম আৰু দাসসুলভ ৰূপ লৈছে। সমাজত যেতিয়া বৈষম্যৰ পৰিমাণ বাঢ়ি যায়, তেতিয়া দৰিদ্ৰজনৰ বাবে সাহায্য এটা জীৱনৰ অৱলম্বন হৈ পৰে। কিন্তু এই সাহায্যই যদি তেওঁলোকৰ স্বাভিমান কাঢ়ি লয়, তেন্তে সেয়া কোনো উপকাৰ নহয়, সেয়া এক ধৰণৰ মানসিক অত্যাচাৰ। ৰাজনীতি আৰু মানৱতা দুটা সুকীয়া ধাৰা হ’লেও, বৰ্তমান সময়ত দুয়োটাৰ মাজত এক অস্বাৱিক মিত্ৰতা গঢ়ি উঠিছে। বানাক্ৰান্তৰ দুৰ্দশাৰ সময়ত সেৱাৰ হাত আগবঢ়োৱাটো প্ৰত্যেক নাগৰিকৰ নৈতিক দায়িত্ব। কিন্তু এই দায়িত্ব পালন কৰোতে কিয় কেমেৰাৰ জিলিকনি প্ৰয়োজন হয়? যিখন সমাজত প্ৰকৃত অৰ্থত মানৱতা জীয়াই থাকে, তাৰ কোনো প্ৰচাৰৰ প্ৰয়োজন নাথাকে।
প্ৰচাৰৰ এই ধামখুমীয়াত আজি আমি আচল উদ্দেশ্যটোকে পাহৰি গৈছো। বানাক্ৰান্ত এলেকাত সাহায্য বিতৰণৰ সময়ত যি ধৰণৰ প্ৰদৰ্শনী হয়, সেয়া দুৰ্ভগীয়াৰ দুখৰ সৈতে কৰা এক ধৰণৰ উপহাস। ৰাজনৈতিক নেতা বা কোনো চৰ্চিত ব্যক্তিৰ আগমনৰ লগে লগে বানাক্ৰান্তৰ শিবিৰবোৰত এক কৃত্ৰিম প্ৰস্তুতিৰ পৰিৱেশ সৃষ্টি হয়। তেওঁলোকৰ মাহাত্ম্য বঢ়াবলৈ দুৰ্ভগীয়া লোকক শাৰী পাতি থিয় কৰোৱা হয়। এই কাৰ্যই প্ৰমাণ কৰে যে আমাৰ ৰাজনৈতিক সংস্কৃতি কিমান তললৈ নামিছে। মনত ৰখা উচিত, নেতাগৰাকীয়ে বা কোনো ব্যক্তি বিশেষে নিজৰ ব্যক্তিগত ধনেৰে নিদিয়ে, ৰাইজৰ কৰৰ ধনেৰে বা কোনো অশুভ উপায়ৰ মাধ্যমেৰে অৰ্জন কৰা ধনেৰে সাহাৰ্য আগবঢ়ায়। তেওঁলোকৰ এই কাৰ্যক এক নৈতিক কৰ্তব্য বুলি ধৰি লোৱাৰ পৰিৱৰ্তে সাহায্য প্ৰত্যাশীক কিয় কৃতজ্ঞতাৰ বোজাত নিষ্পেষিত কৰা হয়? এই প্ৰশ্নই আজিও সমাজৰ সচেতন মহলক আলোড়িত কৰি আহিছে। প্ৰশাসনিক ব্যৱস্থাই বান সমস্যাৰ স্থায়ী সমাধানত যিমান তৎপৰতা দেখুৱাব লাগিছিল, সিমান তৎপৰতা আজি কেৱল সাময়িক সাহায্য বিতৰণতহে দেখা যায়। যেতিয়া কোনো বানাক্ৰান্তই চৰকাৰী সাহায্য পাবলৈ নেতাৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হয়, তেতিয়াই তেওঁলোকৰ আত্মসন্মানত আঘাট আহে।
এই আত্মসন্মানৰ অৱক্ষয়েই আজিৰ বানাক্ৰান্তক এক অসহায় মানসিকতাত ডুবাই পেলাইছে। সমাজৰ প্ৰতিনিধিসকলৰ মাজত দেখা দিয়া সাহসিকতাৰ অভাৱে তেওঁলোকক চৰকাৰৰ ওচৰত সঁচা কথা কবলৈ বাধা দিয়ে। ইয়াৰ ফলত বানপানীয়ে ধ্বংস কৰা কেৱল খেতি-পথাৰৰ লগতে মানুহৰ স্বাভিমানো ধ্বংস কৰে। আমি এনে এখন সমাজৰ কল্পনা কৰোঁ, য’ত সাহায্য কোনো দান, ভিক্ষা বা দয়া হিচাপে আগবঢ়োৱা সামান্য সাহায্য হিচাপে নহয়, প্ৰাপ্য অধিকাৰ হিচাপে স্বীকৃত হ’ব। বানপানী প্ৰতিবছৰেই অসমৰ বাবে এক অৱধাৰিত দুৰ্যোগ। চৰকাৰৰ দায়িত্ব কেৱল সাহাৰ্য বিতৰণত সীমিত নহয়, ইয়াৰ স্থায়ী পৰিকল্পনা লোৱাটোও চৰকাৰৰ সাংবিধানিক দায়বদ্ধতা। যদি প্ৰশাসনৰ কাম সঠিক হ’লহেঁতেন, তেন্তে বানাক্ৰান্তই কোনো ৰাজনৈতিক নেতাৰ চৰণত আশ্ৰয় ল’বলগীয়া অৱস্থাৰ সৃষ্টি নহ’লহেঁতেন। আমাৰ সমাজৰ একাংশ লোকৰ মাজত যি ধৰণৰ স্তুতিবাদ বা অতিশয় ভক্তিৰ প্ৰৱণতা দেখা যায়, সেয়া প্ৰকৃততে বহু বছৰ ধৰি চলা অৰ্থনৈতিক শোষণ আৰু শিক্ষাৰ অভাৱৰ ফলশ্ৰুতি। মানুহক যেতিয়া প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হয়, তেতিয়া তেওঁলোকে সৰু সহায়কো দান বুলি গ্ৰহণ কৰিবলৈ বাধ্য হয়। এই মানসিকতাৰ পৰিবৰ্তন নহালৈকে সমাজত সাম্য আৰু মৰ্যাদা প্ৰতিষ্ঠা কৰাটো কঠিন হ’ব।
ৰাজনৈতিক নেতা বা জনপ্ৰতিনিধিসকলৰ আচৰণত আজি এক অসংবেদনশীলতাৰ প্ৰতিচ্ছবি স্পষ্ট হৈছে। তেওঁলোকৰ ভাষাত মানৱতাৰ কথা থাকে যদিও কাৰ্যত প্ৰায়ে ৰাজনৈতিক মুনাফাই অগ্ৰাধিকাৰ পায়। বানাক্ৰান্তৰ শিবিৰত গৈ ফটো তোলা বা প্ৰচাৰ চলোৱা কাৰ্যই দুৰ্ভগীয়া মানুহৰ দুখক পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰে। বিপদৰ সময়ত মানুহক আৱেগিকভাৱে দুৰ্বল কৰি তোলাৰ পৰিৱৰ্তে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰহে প্ৰয়োজন। আমাৰ সাহিত্যিক, বুদ্ধিজীৱি আৰু যুৱ সমাজে এই ক্ষেত্ৰত এক শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিব লাগিব। কেৱল চৰকাৰৰ ওপৰত দোষ জাপি দি বা বিৰোধী পক্ষক আক্ৰমণ কৰি বান সমস্যাৰ সমাধান কৰিব নোৱাৰি। ইয়াৰ বাবে প্ৰয়োজন এক সম্মিলিত প্ৰচেষ্টা। আমি দেখা পাইছো যে, নদীৰ পাৰৰ মানুহৰ জীৱন নিৰ্বাহৰ বাবে যাৱতীয় সা-সুবিধা যেনে – চিকিৎসা, শিক্ষা আৰু নিৰাপদ বাসস্থানৰ ব্যৱস্থা কৰাটো প্ৰশাসনৰ প্ৰাথমিক দায়বদ্ধতা। কিন্তু আজিৰ সময়ত এইবোৰ সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক সম্প্ৰীতিৰ অভাৱ অতি লক্ষণীয়। কোনো এটা প্ৰকল্প আৰম্ভ হ’লে সেই প্ৰকল্পক লৈ ৰাজনৈতিক দলসমূহৰ মাজত যি বাক-বিতণ্ডা আৰম্ভ হয়, তাৰ ফলত জনসাধাৰণৰেই অপূৰণীয় ক্ষতি হয়। ৰাজনীতিৰ উৰ্ধ্বত গৈ সমাজৰ প্ৰতিজন ব্যক্তিয়ে যেতিয়া নিজৰ কৰ্তব্যক দেশপ্ৰেম বুলি ভাবিব, তেতিয়াই পৰিৱৰ্তনৰ সুৰুয উদয় হ’ব।
প্ৰতিটো বানপানীৰ পিছত যি ধ্বংসলীলাৰ সৃষ্টি হয়, তাৰ পৰা উত্তৰণ ঘটাটো কেৱল চৰকাৰৰ কাম নহয়, এইয়া এক সামূহিক দায়বদ্ধতা। খেতি পথাৰৰ পৰা আৰম্ভ কৰি চহৰৰ অলি-গলিলৈকে যি ক্ষতি হয়, তাক পুনৰ সজাই তোলাৰ বাবে প্ৰতিজন ব্যক্তিৰ অংশগ্ৰহণ আৱশ্যক। আমি আশা কৰোঁ যে, ভৱিষ্যতৰ দিনবোৰত আমাৰ ৰাজনৈতিক নেতাসকলে এই কথা বুজি পাব যে ক্ষমতাৰ গাদী স্থায়ী নহয়, কিন্তু মানুহৰ হৃদয়ত থকা স্থান সদায় স্থায়ী। বানাক্ৰান্তৰ চকুপানী মুচি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক ভৱিষ্যতৰ বাবে সবল কৰি তোলাটোৱেই আচল দেশপ্ৰেম। এই মহান উদ্দেশ্যক আগত ৰাখি আমি যদি একত্ৰিত হৈ কাম কৰিব পাৰো, তেন্তে নিশ্চয় আমাৰ ৰাজ্যৰ ভৱিষ্যত সুৰক্ষিত হ’ব। বানাক্ৰান্তৰ দুৰ্দশাৰ বিৰুদ্ধে আমাৰ যুঁজখন কেৱল প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে আৰু এক মানসিক আৰু সামাজিক উত্তৰণৰ যুঁজ। বিপদৰ সময়ত জাতি-ধৰ্মৰ উৰ্ধত উঠি প্ৰতিজন মানুহৰ মূল পৰিচয় কেৱল ‘মানুহ’ হোৱাটোৱেই কাম্য। সাহায্য প্ৰদানকাৰী আৰু গ্ৰহণকাৰীৰ মাজৰ যি অদৃশ্য দেৱাল আজিৰ ৰাজনৈতিক সংস্কৃতিয়ে তৈয়াৰ কৰিছে, সেই দেৱাল ভাঙি পেলাব লাগিব।
অতীজৰ পৰা সমাজত চলি অহা শ্ৰদ্ধা আৰু মৰমৰ সম্পৰ্কক আমি আৱেগিকভাৱে আৰু বাস্তৱিকভাৱে পুনৰুদ্ধাৰ কৰিব লাগিব। ৰাজনৈতিক নেতাসকলে বুজিব লাগিব যে, তেওঁলোকৰ প্ৰকৃত ক্ষমতা সেইদিনাই প্ৰতিষ্ঠিত হ’ব, যিদিনা বানাক্ৰান্ত এজনে সাহায্য ল’বলৈ গৈ নতজানু নহৈ, নিজৰ প্ৰাপ্য অধিকাৰ হিচাপে সাহসৰে থিয় দিব পাৰিব। দয়াৰ মানসিকতাই সমাজৰ ভেটি মজবুত কৰিব নোৱাৰে, স্বাভিমানী নাগৰিকৰ সৃষ্টিয়েহে সমাজক প্ৰকৃত দিশত আগুৱাই নিয়ে। অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজন হোৱা বিজ্ঞানসন্মত পদক্ষেপসমূহ গ্ৰহণ কৰাত চৰকাৰে কোনো কাৰ্পণ্য কৰিব নালাগে। নদী খনন, মথাউৰিৰ মজবুত নিৰ্মাণ আৰু বানপানীৰ সময়ত তৎকালীন পৰিকল্পনা – এই তিনিটা দিশক চৰকাৰে অগ্ৰাধিকাৰ দিব লাগিব। ইয়াৰ সমান্তৰালভাৱে, স্বেচ্ছাসেৱী সংগঠন আৰু সমাজৰ সচেতন ব্যক্তিসকলে দলীয় মতাদৰ্শৰ উৰ্ধ্বত আহি দুৰ্গত মানুহৰ কাষত থিয় দিয়াটো আৱশ্যক। যেতিয়া সমগ্ৰ জাতিটো একত্ৰিত হৈ এক দিশত অগ্ৰসৰ হ’ব, তেতিয়াই বান সমস্যাই আমাৰ সপোনবোৰক ধ্বংস কৰিব নোৱাৰিব। আমাৰ বিশ্বাস, প্ৰশাসনিক তৎপৰতা আৰু সামাজিক দায়বদ্ধতাৰ সমন্বয়ত অচিৰেই অসমৰ পৰা এই বিভীষিকাৰ অৱসান ঘটিব।
ৰাজনৈতিক মুনাফা অৰ্জনৰ বাবে বানাক্ৰান্তক লৈ কৰা অসংবেদনশীল মন্তব্য আৰু প্ৰদৰ্শনীমূলক সেৱাই কেৱল ক্ষন্তেকীয়া উত্তেজনা সৃষ্টি কৰিব পাৰে, কিন্তু ইতিহাসত ইয়াৰ স্থান হ’ব কেৱল এক কলংকিত অধ্যায় হিচাপে। সেয়েহে, ভৱিষ্যতৰ স্বাৰ্থত আমি এনে আচৰণ ত্যাগ কৰিব লাগিব। মানৱতা কোনো পৰীক্ষাৰ বিষয় নহয়, ই হ’ল আমাৰ তেজত থকা এক স্বাভাৱিক গুণ। এই গুণক ৰক্ষা কৰিবলৈ আমি প্ৰতিজনে সচেতন হোৱাটো খুবেই দৰকাৰ। বানাক্ৰান্তৰ চকুপানীয়ে যেন আমাক প্ৰতিদিনেই কয় – আমি কেৱল সাহায্যৰ প্ৰয়োজন অনুভৱ কৰা নাই, আমি প্ৰয়োজন অনুভৱ কৰিছো এক আদৰৰ, এক সুৰক্ষাৰ আৰু এক মৰ্যাদাপূৰ্ণ জীৱনৰ। আহক, আমি ৰাজনীতিৰ ভেদাভেদ পাহৰি মানৱতাক জয়ী কৰাওঁ। প্ৰতিজন বানাক্ৰান্তৰ দুখক নিজৰ বুলি ভাবি, আমি একেলগে আগুৱাই যাওঁ। আমাৰ এই প্ৰয়াস কেৱল এটা লেখাৰ মাজতে সীমাবদ্ধ নাৰাখি, ইয়াক বাস্তৱত প্ৰতিফলিত কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হওঁ। এখন সুৰক্ষিত, শান্তিময় আৰু স্বাভিমানী অসম গঢ়াৰ সপোনক বাস্তৱ ৰূপ দিয়াত আমি সকলোৱে সহযোগী হ’ম। যিদিনা আমাৰ মাজত থাকিব নাথাকিব উচ্চ-নীচৰ ভেদাভেদ, সেইদিনাই আমি প্ৰকৃত অৰ্থত স্বাধীন হ’ম। বানাক্ৰান্তৰ সেই কৰুণাময় চকুযুৰিত ভৱিষ্যতৰ প্ৰতি এক আশ্বাসেৰে আমি এই যাত্ৰা আৰম্ভ কৰো। আমি আশা কৰো, আমাৰ এই সজাগতামূলক প্ৰচেষ্টাই সমাজৰ প্ৰতিখন চুকত এক ইতিবাচক পৰিৱৰ্তনৰ ঢৌ তুলিব আৰু অনাগত দিনত মানৱতাই হ’ব আমাৰ একমাত্ৰ ধৰ্ম।
পৰিশেষত, আজিৰ সময়ৰ প্ৰয়োজন হৈছে এখন সমাজ, য’ত দুৰ্যোগৰ সময়ত মানুহৰ চকুপানী মোহাৰিবলৈ কেমেৰা নহয়, প্ৰকৃত মৰমৰ হাতৰ প্ৰয়োজন হয়। বানাক্ৰান্তৰ দুখ কেৱল বাৰিষাৰ চৰ্চাৰ বিষয় নহয়, এয়া আমাৰ প্ৰতিজনৰ বিবেকৰ পৰীক্ষা। আমি যদি অৱহেলা কৰোঁ, তেন্তে ভৱিষ্যতৰ প্ৰজন্মই আমাক ক্ষমা নকৰিব। নদীৰ খহনীয়াই যেনেকৈ মাটিৰ সাৰুৱা অংশ নিয়াৰ দৰে সমাজৰ নৈতিকতাকো খহাই নিছে, সেই খহনীয়া ৰোধ কৰিবলৈ আমি আজিৰ পৰাই সজাগ হ’ব লাগিব। ৰাজনীতিৰ আৱৰ্তনৰ পৰা মানৱতাক মুক্ত কৰাটোৱেই আজিৰ সময়ৰ সৰ্বশ্ৰেষ্ঠ দেশপ্ৰেম। আমি আশা কৰোঁ, আমাৰ এই প্ৰয়াসৰ দ্বাৰা সমাজৰ প্ৰতিটো স্তৰত এটা সজাগতাৰ সৃষ্টি হ’ব। এই ঐক্যই আমাৰ শক্তি আৰু এই শক্তিয়েই আমাৰ ভৱিষ্যতৰ নিৰাপত্তা। মানৱতা আৰু ৰাজনীতিৰ উৰ্ধ্বত গৈ আমি যদি প্ৰকৃত সেৱাৰ পথ বাচি লওঁ, তেন্তে নিশ্চয় আমাৰ জয় হ’বই। এয়াই আচল দেশপ্ৰেম আৰু এয়াই আচল মানৱতা। আমাৰ এই যাত্ৰা চলি থাকক, য’ত সাহায্য প্ৰদৰ্শনী নহৈ হয় সেৱা আৰু বানাক্ৰান্তৰ দুখ হৈ পৰে আমাৰ সমূহীয়া যুঁজ। আমাৰ এই যুঁজ অৱশ্যেই জয়ী হ’ব, কাৰণ মানৱতা সদায় পৰাজিত হ’ব নোৱাৰে। এই পৱিত্ৰ যুঁজত আমি জয়ী হ’ম, কাৰণ আমাৰ সাহসৰ উৎস কোনো ৰাজনৈতিক মঞ্চ নহয়, বৰঞ্চ আমাৰ নিজৰ অন্তৰৰ মানৱীয় প্ৰমূল্য। ভৱিষ্যতৰ প্ৰজন্মৰ বাবে আমি এনে এক পৰিৱেশ গঢ়ি তুলিম, য’ত দুৰ্যোগ কেৱল এটা প্ৰাকৃতিক ঘটনা হৈ ৰ’ব, কোনোৰ প্ৰদৰ্শনী বা শোষণৰ আহিলা নহ’ব। এই সংকল্পই আমাক নিৰন্তৰ প্ৰেৰণা দিয়ক।
