এটা ৰাতি আৰু এজনী অচিনাকি নাৰী
মুন শৰ্মা, লখিমপুৰ
ইমান নিশা! তাকো অকলে! তাই কোন হয়? ক’ত যাব?
বাহিৰত অঝোৰে বৰষুণ পৰিছে। মাজে মাজে আকাশ ফালি বিজুলী মাৰিছে, আৰু সেই পোহৰতে হাবিৰ মাজৰ কেঁচা ৰাস্তাটো এটা মুহূৰ্তৰ বাবে দিনৰ দৰে জিলিকি উঠি আকৌ গভীৰ আন্ধাৰত ডুব গৈছে। গাড়ীৰ হেডলাইটৰ পোহৰত ৰাস্তাৰ কাষত থিয় হৈ থকা ছোৱালীজনীক দেখি অবিনাশৰ বুকুখন চিৰিংকৈ উঠিল।
মনত হাজাৰটা সন্দেহ – এই নিশা, এই হাবিৰ মাজত এজনী অকলশৰীয়া ছোৱালী? তথাপিও সি মনটো বান্ধি ৰাখিব নোৱাৰিলে। তাইৰ চকু-মুখত লাগি থকা সেই গভীৰ ভয় আৰু অসহায়তাৰ উমান পাই সি লাহেকৈ গাড়ীখন ৰখাই দিলে।
“অ’ ভণ্টি, ইমান ৰাতি ইয়াত অকলে কি কৰি আছা? কিবা সহায় লাগে নেকি তোমাক?”
ছোৱালীজনী দৌৰি গাড়ীৰ ওচৰলৈ আহিল। তাইৰ মাতটো কেৱল কঁপা নাছিল, ভাঙি গৈছিল। গোটেই শৰীৰ থকথককৈ কঁপিছে, চকু দুটা কান্দি কান্দি ৰঙা পৰি গৈছে।
“হয় দাদা, মই বৰ বিপদত পৰিছোঁ। বহুত চেষ্টাৰ অন্তত এদল ডকাইতৰ হাতৰ পৰা কোনোমতে সাৰি আহিছোঁ। সিহঁতে এতিয়াও মোক বিচাৰি ফুৰিছে, পালে মোক জীয়াই জীয়াই মাৰি পেলাব। মোক হেল্প কৰক দাদা, প্লিজ।”
তাইৰ সেই চেপা কান্দোনটো শুনি অবিনাশৰ বুকুখন বিষাই গ’ল। তাই যে সঁচাকৈয়ে এক ডাঙৰ বিপদত পৰিছে, সেইয়া সি নিমিষতে বুজি পালে। সঁচা ক’বলৈ গ’লে মনৰ পৰা ইচ্ছা নাছিল তাৰ এজনী অচিনাকি ছোৱালীক ইমান নিশা গাড়ীত তুলিবলৈ। আজিকালি বাতৰিত, ফেচবুকত যিবোৰ ঘটনা দেখে।
কিন্তু কি কৰিব? মানৱতাৰ বিৰুদ্ধে গৈ সি তাইক নিৰাশ কৰিব পৰা নাছিল। বিবেকৰ ওচৰত সি হাৰি গ’ল। মনত কি হ’ল সি নিজেও নাজানে, অনিচ্ছা সত্ত্বেও তাইক সহায় কৰিবলৈ আগুৱাই আহিল। ভাবিলে – এই হাবি-তলীয়া বাটটোৰে অলপ আগুৱাই গ’লেই চহৰৰ মূল পথ পাম, তালৈকে লৈ যাওঁ, তাৰ পাছত যি হয় দেখা যাব।
“উঠা ভণ্টি, সোনকালে গাড়ীত উঠা, ভয় নকৰিবা।”
ছোৱালী উঠিল, গাড়ী চলিল। বাহিৰত বৰষুণৰ টিপটিপ শব্দ, ভিতৰত কেৱল দুটা অচিনাকি মানুহৰ গধুৰ উশাহ। পৰিবেশটো পাতল কৰিবলৈ অবিনাশে তাইৰ নাম, ঠিকনা, পৰিয়ালৰ বিষয়ে লাহে লাহে সুধিবলৈ ধৰিলে। জানিব পাৰিলে তাইৰ ঘৰ চহৰৰ ৰতন পুৰত।
প্ৰায় আধা ঘণ্টা একেৰাহে চলাৰ পাছত দূৰত চহৰৰ পোহৰবোৰ দেখা গ’ল। চহৰৰ পোহৰ দেখি অবিনাশৰ বুকুৰ পৰা যেন এটা ডাঙৰ শিল নামি গ’ল। এখন হোটেলৰ কাষতে গাড়ীখন ৰখাই সি মৰমেৰে ক’লে,
“শুনা ভণ্টি, আমি চহৰ পালোঁহি। তুমি কোৱা ঠিকনা এতিয়াও বহু দূৰ। এতিয়া ৰাতি ১১ বাজিল, ৰাতিও বহুত হ’ল, মোৰো দেৰি হৈছে। তুমি এটা কাম কৰা, এই হোটেলখনতে আজি ৰাতিটো থাকি যোৱা, মই সকলো ঠিক কৰি দিম। পুৱা সোনকালে ঘৰলৈ যাবা। ইমান ডাঙৰ চহৰত সিহঁতে তোমাক বিচাৰি নাপায়। মাত্ৰ ঘৰ পোৱালৈকে অলপ সাৱধানে থাকিবা দেই।”
ছোৱালীজনীয়ে কেৱল কৃতজ্ঞতাৰে মূৰ জোকাৰি শলাগিলে। তাৰ পাছত লাহেকৈ, কৰুণ সুৰত ক’লে, “দাদা, আৰু অলপ দূৰ আগুৱাই যাব নেকি? মোৰ বান্ধৱী এজনী ওচৰতে আছে, তাতে থাকিম গৈ। অলপ দূৰেই।”
অবিনাশেও “হ’ব বাৰু, ব’লা” বুলি কৈ গাড়ী আগুৱাই নিলে। কিছুদূৰ যোৱাৰ পাছতে আগত দেখা গ’ল – পুলিচ তালাচী। ৰঙা-নীলা লাইট জ্বলি আছে।
“উফ, আহিল আকৌ পুলিচ! আজি দিনটো তিনিবাৰ পুলিচৰ পাল্লাত পৰিলোঁ। আহোঁতে দুবাৰ, এতিয়া আকৌ। ১৫ আগষ্ট যে, সিহঁতৰো ডিউটি, উপায় নাই। এটা কাম কৰা, পুলিচক ঘটনাটো কোৱা, তোমাৰ বেছি সহায় হ’ব।”
সি ড্ৰাইভিং ছিটৰ পৰাই কথাবোৰ কৈ গ’ল, কিন্তু পিছৰ ছিটৰ পৰা এটাও উত্তৰ নাহিল। কোনো সঁহাৰি নাই, কোনো শব্দ নাই, কেৱল নিস্তব্ধতা। ঘূৰি চাই দেখে, তাইৰ চকু দুটা মুদ খাই আছে, যেন গভীৰ টোপনিত লালকাল।
ঠিক তেতিয়াই খিৰিকীত টুকুৰ পৰিল, “হেল্ল’ মিষ্টাৰ, গাড়ী চেক কৰিব লাগে, ওলাই আহক।”
পুলিচৰ মাতত সপোনৰ পৰা সাৰ পোৱাৰ দৰে ওলাই আহিল অবিনাশ।
“ক’ৰ পৰা আহিছে?”
“অলপ দূৰৰ পৰা ছাৰ, অফিচৰ কামত।”
“ইমান দেৰি?”
“হয় ছাৰ, কাইলৈ ১৫ আগষ্ট বন্ধ যে, দৰকাৰী কামটো আজিয়েই কৰি আহিলোঁ।”
“ঠিক আছে, ডিকিটো খোলক, পাছফালটো চাব লাগে।”
সি কঁপা হাতেৰে ডিকি খুলি দিলে। আৰু খোলাৰ লগে লগে গোটেই ঠাইখনত হুলস্থুল লাগি গ’ল! তাৰ গাড়ীৰ ডিকিত পৰি আছিল এখন হাত-ভৰি বান্ধি থোৱা, তেজেৰে লুতুৰি-পুতুৰি হৈ থকা মৃতদেহ!
অবিনাশৰ মূৰত যেন আকাশখন খহি পৰিল। চকুৰ আগত আন্ধাৰ দেখিলে। এই মৃতদেহ ক’ৰ পৰা আহিল? কেতিয়া, কোনে আনি ভৰালে? সি একো বুজি নাপালে, মূৰ ঘূৰাই গ’ল। সি বাৰে বাৰে চিঞৰি কৈছে, “ছাৰ মই একো নাজানো, বিশ্বাস কৰক, মই নিৰ্দোষী”, কিন্তু পুলিচে তাৰ এটা কথাও নামানে। জেৰাৰ ওপৰত জেৰা চলিল।
সিফালে গাড়ীৰ ভিতৰত ছোৱালীজনী তেতিয়াও গভীৰ টোপনিতে। সি বাৰে বাৰে কৈছে, “ছাৰ, সেই ছোৱালীজনীক সুধক, তাই সকলো জানে, ৰাস্তাত কি হৈছিল তাই ক’ব। তাইক সোধক!” কিন্তু তাইৰ পৰা কোনো সঁহাৰি নাই। শেষত খঙত অবিনাশে দৰ্জা খন খুলি তাইক জোৰেৰে তাইক জোকাৰি দিওঁতেহে গম পালে – তাইৰ গা বৰফৰ দৰে চেঁচা, নাকত উশাহ নাই, তাই বহু আগতেই মৰি গৈছে!
অবিনাশ ভয়ত পাথৰ হৈ গ’ল। তাৰ গাৰ নোমবোৰ শিয়ৰি উঠিল। কি হৈ আছে, একো ধৰিব নোৱাৰিলে।
লগে লগে দুজনী ছোৱালীক নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত তাক এৰেষ্ট কৰি হাতত হাতকড়া লগাই লৈ যোৱা হ’ল। আদালতত বিচাৰ চলিল। তাৰ বাবে গোটেই ঘটনাটো এটা দুঃস্বপ্ন যেন লাগিল। নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ সি উঠি-পৰি লাগিল, দিন-ৰাতি এক কৰিলে, কিন্তু সকলো প্ৰমাণ তাৰ বিৰুদ্ধে। সকলোতে নিৰ্দোষী হোৱাৰ পাছতো যেন কোনো অদৃশ্য, ৰহস্যময় শক্তিৰ হাতত সি হাৰি গ’ল। শেষত আদালতে তাক দুজনী নাৰী হত্যাৰ দোষত ছোৱালী জনীৰ ফোনত পোৱা এটা ভিডিঅৰ আত ধৰি ফাঁচীৰ হুকুম দিলে।
সি অসহায় হৈ পৰিল। লাহে লাহে পত্নী, পৰিয়াল, সমাজ সকলোৱে তাৰ পৰা আঁতৰি গ’ল। অকলশৰীয়া হৈ পৰিল অবিনাশ। চাৰি বেৰ মাজত অকলে বহি সি কেৱল এটাই কথা ভাবিলে – “মই নিৰ্দোষী, মই প্ৰমাণ কৰিমেই, নষ্ট হৈ যোৱা সময় মই আকৌ ঘূৰাই আনিম।”
সেই জেদতে ফাঁচীৰ কিছুদিন আগতে এটা সুযোগ পাই সি জেলৰ পৰা পলাল। চহৰৰ মাজত সি প্ৰাণটাকি দৌৰি আছে, পাছে পাছে পুলিচ। বাৰে বাৰে মাইকত “আত্মসমৰ্পণ কৰা, নহ’লে গুলী চালাম” বুলি চিঞৰিছে, কিন্তু সি শুনা নাই। তাৰ চকুত কেৱল নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ জেদ। শেষত পুলিচে বাধ্য হৈ গুলী চালালে। গুলী লাগি সি ৰাজপথতে তেজেৰে লুতুৰি-পুতুৰি হৈ ঢলি পৰিল। চকুৰ আগত পত্নী, পৰিয়ালৰ মুখবোৰ ভাঁহি আহিল। বুকুৰ পৰা এটা শেষ চিঞৰ ওলাই আহিল, “মই কি কৰিলোঁ! মই কি কৰিলোঁ!”
তেনেতে কাষতে শুই থকা পত্নীয়ে তাক সাৱটি ধৰি জোকাৰি দিলে, “কি হ’ল আপোনাৰ? এনেকুৱা কিয় কৰিছে? সপোন দেখিছে নেকি? উঠক!”
অবিনাশ উচপ খাই সাৰ পালে। গোটেই গা ঘামেৰে তিতি গৈছে, বুকুখন এতিয়াও ঢপঢপাই আছে। চাৰিওফালে চাই দেখিলে সি নিজৰ বিচনাতে, নিজৰ ঘৰতে শুই আছে। বাহিৰত কোনো বৰষুণ নাই, কোনো পুলিচ নাই।
“উফ, ৰক্ষা! একো হোৱা নাই, সপোন আছিল। মাথোঁ এটা সপোন।”
“সপোন দেখিলে নেকি?”
“হয়। বৰ বেয়া সপোন।”
“মই ভয় খাই গ’লো।”
“Sorry” বুলি কৈ সি লাহেকৈ উঠি গ’ল।
“ক’ত যায় আপুনি ইমান ৰাতি?”
“পানী এগিলাচ খাই আহোঁ, তুমি শুই থাকা।”
“বাৰু, ঠিক আছে।”
এগিলাচ পানী খাই আকৌ বিচনাত বহিল যদিও তাৰ টোপনি নাহিল। খিৰিকীৰে বাহিৰলৈ চাই সি ভাবিলে – হয়, সেইয়া সপোন আছিল, কিন্তু এইয়াও বাস্তৱ যে আজিৰ সমাজত কিমান নিৰ্দোষী মানুহ বিনা দোষত দোষী হৈ জেলত পৰি আছে, তাৰ হিচাপ কোনে ৰাখে? আজি দুনিয়া ভেজালত ভৰি গৈছে, প্ৰতি খোজতে কেৱল বিপদ, প্ৰতি মানুহৰ মুখত মুখা।
কি ঠিক, আজিৰ এই সপোনটোৱেই কাইলৈ মোৰ জীৱনত সঁচা হৈ নাযায়!
হয়, মানৱতাৰ খাতিৰত মানুহক সহায় কৰাটো আমাৰ ধৰ্ম, বিপদত পৰা মানুহক উদ্ধাৰ কৰাটো আমাৰ দায়িত্ব। কিন্তু আজিৰ যুগটো যেনেকুৱা, কাৰোবাক সহায় কৰাৰ আগতে এবাৰ ভালকৈ চিন্তা কৰি লোৱাটো বহুত দৰকাৰ। কাৰণ কেতিয়াবা এটা সৰু ভুলেই, এটা সহায়ৰ হাতেই গোটেই জীৱনটো শেষ কৰি দিব পাৰে।
