জুবিন হত্যা গোচৰত আদালতত সাক্ষ্যদান সৃজনী ভাস্ব মহন্ত
ৰঙিলী বাৰ্ত্তাসেৱা- আদালতত চলি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া । শনিবাৰে বিশেষ ফাষ্টট্ৰেক আদালতত শিল্পীগৰাকীৰ হত্যাৰ গোচৰৰ সাক্ষ্যদান কৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কন্যা তথা শ্যামকানু মহন্তৰ ভতিজী সৃজনী ভাস্ব মহন্তই । উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সৃজনী ভাস্ব মহন্তই নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে শ্যামকানু মহন্তৰ বিৰুদ্ধে এটা বিশেষ পোষ্ট আপলোড কৰিছিল। এই পোষ্টটোতে সৃজনীয়ে জুবিন গাৰ্গক শ্যামকানু মহন্তই পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছিল। সৃজনী মহন্তৰ উক্ত ফেচবুক পোষ্ট সন্দর্ভতে এছআইটিয়ে সাক্ষ্যদানৰ বাবে মাতিছিল। সেইমর্মে বিশেষ আদালতত হাজিৰ হৈ সাক্ষ্যদান কৰিলে সৃজনী মহন্তই। শনিবাৰে পুৱাৰ ভাগত বিশেষ ফাষ্টট্রেক আদালতত হাজিৰ হোৱা সৃজনী মহন্তক শ্যামকানু মহন্তৰ অধিবক্তাই ব্যক্তিগত একাংশ প্রশ্নৰে সৃজনী মহন্তৰ চৰিত্ৰক লৈও প্রশ্ন তোলাৰ লগতে শ্যামকানুৰ ভতিজীৰ সাক্ষ্যক গুৰুত্বহীন কৰাৰো চেষ্টা চলায়। বিশেষকৈ মৌ বিহুক লৈ শ্যামকানু মহন্তৰ অধিবক্তাই তোলা প্ৰশ্নৰ হাঁহিয়েই উত্তৰ দিলে সৃজনী মহন্তই। সাক্ষ্যদানৰ পাছতে সংবাদ মাধ্যমৰ আগত সৃজনী মহন্তৰ মন্তব্য- সামাজিক মাধ্যমত ‘যি পোষ্ট দিছিলোঁ, তাৰ ওপৰতেই আজি আদালতত সাক্ষ্যদান কৰা হয়। আনহাতে শ্যামকানু মহন্তৰ অধিবক্তাৰ প্ৰশ্ন সন্দর্ভত সৃজনীয়ে কয়- ব্যক্তিগত কথাৰে আক্ৰমণ কৰাৰ চেষ্টা চলিছিল। অধিবক্তা হিচাপে তেওঁৰ যি দক্ষতা, সেই দক্ষতা তেওঁ দেখুৱাইছে। মই প্রশ্নসমূহৰ উত্তৰ দিছোঁ। ঘৰত সোমাই ব্যক্তিগত কথা খোঁচৰাৰ প্ৰয়োজন নাই। গতিকে ব্যক্তিগত কথাবোৰ বাদ দিব লাগে। ৰাজহুৱাভাৱে যি কথা ওলাইছে, তাৰ ওপৰতহে আলোচনা হ’ব লাগে। আনহাতে সিদ্ধার্থ শর্মাক চিনি নোপোৱা বুলি মন্তব্য কৰি সৃজনী মহন্তই কয়- জুবিন গাৰ্গক মই সৰুৰে পৰা লগ পাওঁ। জুবিন গার্গে নিশ্চয় ন্যায় পাবই। আনহাতে শ্যামকানু মহন্ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছে নে নাই এই সন্দৰ্ভত আপুনি কি ভাবে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত সৃজনীয়ে কয়, মই কি ভাবো সেইটো গুৰুত্বপূৰ্ণ নহয় । আপোনালোকে এনেধৰণৰ প্ৰশ্ন কৰা বন্ধ কৰক বুলি সাংবাদিকক উভতি ধৰিলে সৃজনীয়ে । সকলোৰে ঘৰুৱা কথাৰ পৰা উৰ্ধত থাকি জুবিনৰ বিষয়টো আলোচনা কৰাৰ দৰকাৰ আছে বুলি উল্লেখ কৰি সৃজনীয়ে সকলোকে বৰমূৰীয়াসকলক প্ৰশ্ন কৰিবলৈ কয় ৷ উল্লেখ্য যে, জুবিনৰ মৃত্যুৰ পাছত সামাজিক মাধ্যমত খুৰাক শ্যামকানু মহন্তৰ মুখা খুলিছিল সৃজনী ভাশ্ব মহন্তই । খুৰাক শ্যামকানু মহন্তই জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি কোৱা কথা সামাজিক মাধ্যমত এক প’ষ্টযোগে উল্লেখ কৰিছিল সৃজনীয়ে । যাৰ বাবে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত সাক্ষী হিচাপে সৃজনীক অন্তর্ভুক্ত কৰিছিল এছ আই টিয়ে ৷ আনহাতে, সর্বোচ্চ ন্যায়ালয়েও সকাহ নিদিলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তক। ১২ অক্টেব্বলৈকে কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত।
