আমিনগাঁৱত সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্র উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে

আমিনগাঁৱত সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্র উদ্বোধন কৰিলে মুখ্যমন্ত্রীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত অসম চৰকাৰে নিৰ্মাণ কৰা সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ৰাজ্যৰ ক্ৰীড়াৰ উৎকৃষ্টতা আন্তঃগাঁথনি অধিক শক্তিশালী কৰি তুলিলে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ বহুকেই গৰাকী খেলুৱৈয়ে আর্টিষ্টিক জিমনাষ্টিকছ, ডাইভিং আৰু ৱাটাৰ প’ল’ খেলৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰা উদ্বোধনী অনুষ্ঠানতে অসম ক্রীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিন্টন সংস্থাৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ গঢ়ি তোলাৰ লক্ষ্যৰে প্রায় ৫০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা বিশ্বমানৰ কেন্দ্ৰটোত ৫০ মিটাৰ দৈৰ্ঘ্যৰ ৯টা লেনযুক্ত ছুইমিং পুল, ২৫ মিটাৰৰ ডাইভিং পুল আৰু অলিম্পিক মানৰ ছুইমিং পুলৰ লগতে ১,৩০৯খন  আসনৰ দৰ্শক গেলাৰীৰ সুবিধা আছে। প্ৰাৰম্ভিক পৰ্যায়ত ইয়াত ৪০ গৰাকী আৱাসিক খেলুৱৈক অন্তর্ভুক্ত কৰাৰ লগতে স্থানীয় খেলুৱৈসকলকো ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ বিশেষ আঁচনিৰ জৰিয়তে অনুশীলনৰ সুযোগ দিয়া হ’ব। ক্রিকেট আৰু বেডমিন্টনৰ আন্তঃগাঁথনিৰ সমান্তৰালকৈ সাঁতোৰৰ এই প্রকল্পই আমিনগাঁও অঞ্চলটোক ৰাজ্যৰ এক অন্যতম প্রধান ক্রীড়া কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্যক অধিক সুদৃঢ় কৰিব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এখন বুজাবুজিৰ চুক্তিৰ জৰিয়তে আজি উদ্বোধন কৰা সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্ৰটোৰ পৰিচালনাৰ দায়িত্ব ৩০ বছৰৰ বাবে ভাৰতীয় ক্রীড়া প্ৰাধিকৰণক দিয়া হৈছে। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণে কেন্দ্ৰটোৰ সামগ্রিক পৰিচালনা, প্রশিক্ষক আৰু সহায়ক কর্মী নিয়োগ, ক্রীড়া সঁজুলিৰ ব্যৱস্থা, প্রশিক্ষণ শিবিৰ, প্ৰতিযোগিতা আদিৰ আয়োজন কৰিব। একেধৰণৰ ব্যৱস্থাৰে ভাৰতীয় বেডমিন্টন সন্থাৰ সহযোগত আমিনগাঁৱত স্থাপন কৰা বেডমিন্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ কেন্দ্রটোত প্রশিক্ষণ লোৱা অস্মিতা চলিহাকে ধৰি কেইবাগৰাকী খেলুৱৈয়ে লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি তেওঁ আশা কৰে যে সাঁতোৰ কেন্দ্ৰটোৰ পৰাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰৰ খেলুৱৈৰ সৃষ্টি হ’ব।

গুৱাহাটী তথা অসমত ক্রীড়া আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আমিনগাঁৱত নির্মাণ হৈ থকা ক্রিকেট স্টেডিয়ামখন ২০২৭ চনত মুকলি কৰা হ’ব। অসম চৰকাৰে প্ৰায় ৩০০ কোটি টকা ব্যয় কৰি ষ্টেডিয়ামখন নিৰ্মাণ কৰিছে। আমিনগাঁৱৰ এই তিনিওটা ক্রীড়া কেন্দ্ৰলৈ অহা খেলুৱৈ আৰু দৰ্শকৰ সুবিধাৰ্থে সন্মুখৰ পথটো বহল কৰা হৈছে আৰু দুহাজাৰ গাড়ী ৰাখিব পৰা এটা বহুমহলীয়া গাড়ী পার্কিঙো ইয়াত নিৰ্মাণ কৰা হ’ব। ক্রিকেট, বেডমিন্টন আৰু সাঁতোৰ প্ৰশিক্ষণৰ বাবে অহা খেলুৱৈ আৰু প্ৰশিক্ষকৰ বাবে হোষ্টেলো নির্মাণ কৰি থকা হৈছে। সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পক সুন্দৰকৈ সজাই তোলাৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱা বুলি সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই লগতে কয় যে ২০০৫-০৬ চনতে নিৰ্মাণ কৰা ষ্টেডিয়ামখন সময় আৰু সুবিধাৰ দিশত পিছপৰি ৰোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াক সুন্দৰকৈ সজাই তোলাৰ বাবে এই বছৰতে আঁচনি গ্রহণ কৰা হ’ব। তেওঁ কয় যে পুৰণা নেহৰু ষ্টেডিয়াম বা ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্রকল্পত ফিফা মানৰ এখন ফুটবল স্টেডিয়াম নির্মাণ কৰি থকা হৈছে। এই সকলো কাম সম্পূৰ্ণ হোৱাৰ পিছত আটাইতকৈ বেছি ক্রীড়া সুবিধা থকা দেশৰ মহানগৰৰ তালিকাত গুৱাহাটীও অন্তর্ভুক্ত হ’ব। সমান্তৰালভাৱে ডিব্ৰুগড়তো আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া সুবিধা গঢ়ি তোলাৰ কাম কৰি থকা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অনাগত দিনতো অসমৰ উদীয়মান খেলুৱৈসকলক উন্নত মানৰ ক্ৰীড়া সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰে কাম কৰি যাব। অনুষ্ঠানত ক্রীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্রকাশ দাস, দিগন্ত কলিতা, ছাইৰ উপ-সঞ্চালকপ্ৰধান মঞ্জুশ্রী দয়ানন্দৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ কেইবাগৰাকী বিষয়া আৰু বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।