কাছাৰৰ লক্ষীপুৰত ১৬৮ কোটি টকাৰ য়াবা টেবলেট জব্দ
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহ চক্ৰৰ বিৰুদ্ধে অসম ৰাইফলছ আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বৃহৎ সফলতা ৷ কাছাৰৰ পৰা আছাম ৰাইফলছ আৰু ডি আৰ আয়ে বৃহৎ পৰিমাণৰ ১৬৮ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰ সমজিলাৰ শিলচৰ – ইম্ফল ৰাষ্ট্ৰীয় পথৰ জুজুং পাহাৰ এলেকাত অসম ৰাইফলছ আৰু ডি আৰ আয়ে যুটীয়া অভিযান চলাই এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট। আছাম ৰাইফলছে এক বিবৃতিত জনোৱা মতে, ২৫ আৰু ২৬ আগষ্টত আছাম ৰাইফলছ আৰু ডি আৰ আয়ে কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ জুঝাং পাহাৰত যৌথ অভিযান চলাইছিল। এই অভিযানত ৬০ কিলোগ্রামৰ প্ৰায় ৫.৬ লাখ য়াবা টেবলেট উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা ঔষধসমূহৰ আনুমানিক বজাৰ মূল্য ১৬৮ কোটি টকা। এই অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ড্ৰাগছ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা এখন টাটা ট্রাকো জব্দ কৰা হৈছে। প্রাথমিক তদন্তত প্রকাশ পাইছে যে চুবুৰীয়া মণিপুৰৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অসম অভিমুখে য়াবাখিনি কঢ়িয়াই অনা হৈছিল। তদন্তকাৰীয়ে প্ৰথমে সন্দেহ কৰিছিল যে কাছাৰ আৰু শ্রীভূমি জিলাক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি দেশৰ অন্য প্রান্তলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল। জব্দ কৰা সামগ্ৰীৰ লগতে আটকাধীন লোককেইজনক অধিক তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক গতাই দিয়া হৈছে।
