কংগ্ৰেছ দলৰ বাবেই আজিলৈকে দেশত ইউচিচি বলবৎ হোৱা নাইঃ মুখ্যমন্ত্ৰী

কংগ্ৰেছ দলৰ বাবেই আজিলৈকে দেশত ইউচিচি বলবৎ হোৱা নাইঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- দেশত ইউনিফর্ম চিভিল কোড (ইউচিচি)  বলবৎ নোহোৱাৰ আঁৰত আছে কংগ্ৰেছৰ বিৰোধিতা। দেশৰ প্রধান বিৰোধী কংগ্ৰেছ দলটোক মহিলাবিৰোধী দল বুলি কটাক্ষ কৰি দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। ৰাষ্ট্ৰীয় সংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্রী ড° শর্মাই কয়- কংগ্রেছ এটা মহিলাবিৰোধী দল। কংগ্ৰেছৰ বাবেই আজিলৈকে দেশত ইউচিচি বলবৎ হোৱা নাই। সেয়াই নহয়, কংগ্ৰেছৰ বাবে আজিলৈকে দেশত মহিলাই সমান অধিকাৰ লাভ কৰা নাই। মই কওঁ- কংগ্ৰেছৰ এনে মহিলাবিৰোধী স্থিতিৰ বাবে মহিলাসকলে কংগ্রেছক সম্পূৰ্ণৰূপে বয়কট কৰিব লাগে। দেশত আজিলৈকে মহিলাৰ বাবে সমআইনসমূহ বলৱৎ নোহোৱাৰ মূল কাৰণ হ’ল কংগ্ৰেছ। ইফালে, মুখ্যমন্ত্রীয়ে দেশত যথেষ্ট চর্চা হোৱা জেন জি-জেন আলফা সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰে। নীটৰ পেপাৰ লিকৰ ঘটনাক লৈ জেন-জিৰ ভূমিকা সন্দৰ্ভত চলা শেহতীয়া চৰ্চাৰ বিপৰীতে মুখ্যমন্ত্রী ড° শৰ্মাই কয়- আমাৰ দেশত কোনো জেন জি-জেন আলফাৰ ধাৰণাক আমি বিশ্বাস নকৰোঁ। আমাৰ দেশত কোনোধৰণৰ জেন জি নাথাকে। আমি ল’ৰা-ছোৱালী আৰু ককা-আইতাকৰ সম্পৰ্কতহে বিশ্বাসী। এই ধাৰণা আমেৰিকা, ইউৰোপৰ। এই সংস্কৃতিৰ লগত আমাৰ কোনোধৰণৰ সম্পর্কই নাই। ল’ৰা-ছোৱালীৰ কল্যাণৰ বাবে পিতৃ-মাতৃয়ে কাম কৰাটোৱে আমাৰ মূল ধৰ্ম। কিন্তু আমাৰ ল’ৰা-ছোৱালীক কোনোবাই জেন জি-জেন আলফা এইবোৰ ধাৰণা আগবঢ়াই পৰিৱেশ বিনষ্ট কৰিছে। আমি পৰিয়ালৰ দৰে একেলগে থকাটো বিচাৰোঁ। ল’ৰা-ছোৱালীৰ কল্যাণৰ বাবে আমি কাম কৰি দেশক আগুৱাই নিব লাগে। দেশত নিশ্চিতভাৱে সমস্যা আছে। কিন্তু এই সমস্যাৰ আমি মুখামুখি হ’ব লাগিব। দেশখনক আগুৱাই নিয়া, দেশখনক শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ সম্প্রদায়, অভিভাৱক সকলোৱে সমানেই কাম কৰিব লাগিব।