অদিতিৰ প্ৰেম – হেৰম্ব নাথ

Pc Unsplash

অদিতিৰ প্ৰেম

হেৰম্ব নাথ

পুনমক দেখা মাত্ৰকে অদিতিয়ে পদূলিৰ ৰঙা গোলাপজোপাৰ ওচৰলৈ গ’ল আৰু কলিবোৰ একান্ত মনেৰে চাই থাকিবলৈ ধৰিলে কিন্তু মন আছে পুনমলৈ। কলি এটা চুই চাব খোজোঁতেই হঠাৎ তাইৰ সোহাঁতৰ তৰ্জনী আঙুলিটোত কাঁইটে বিন্ধিলে, লগে লগে চিঞৰি উঠিল আস্ বিন্ধিলে ঐ বুলি। ইতিমধ্যে পদূলিমুখ পাৰ হৈ যোৱা পুনমে পিছফালে ঘূৰি চালে আৰু কথাটো গম পাই ওচৰলৈ আহি  অদিতিৰ তেজ ওলোৱা আঙুলিটোত তাৰ ৰুমালখনেৰে বান্ধি দি ক’লে— কেতিয়াবা কেতিয়াবা এনেকুৱা হয়েই। অদিতিয়েও এপলকো নৰৈ তোমাৰ ৰুমালখন? নালাগে, পেলাই দিবা। কিয় পেলাই দিম, নিদিওঁ; ৰাখি থ’ম সযতনে। যদি দিব খোজা তেন্তে তুমি নিজৰ নাম লিখা ৰুমাল এখন দিবা। এনেদৰেই অদিতিৰ প্ৰেম সফল হ’ল।