দিল্লীত কেন্দ্রীয় শক্তিমন্ত্ৰী মনোহৰ সিং খট্টৰক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লী ভ্রমণত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় শক্তি আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে। মন্ত্ৰী মনোহৰ লাল খট্টৰৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি ৰাজ্যখনৰ শক্তিৰ প্ৰয়োজনীয়তা, বিদ্যুৎ আন্তঃগাঁথনি আৰু নগৰ উন্নয়নৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰে মুখ্যমন্ত্রী ড° শর্মাই। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে শক্তি ক্ষেত্ৰত উপভোক্তাকেন্দ্ৰিক সংস্কাৰ আগবঢ়োৱাৰ লগতে শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে অসমে গ্ৰহণ পদক্ষেপসমূহৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। আলোচনাত অসমৰ দীৰ্ঘম্যাদী বিদ্যুতৰ প্ৰয়োজনীয়তা আৰু কেন্দ্ৰীয় বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহৰ পৰা ৰাজ্যখনে লাভ কৰা বিদ্যুৎ আৱণ্টনৰ অধিক যুক্তিসংগত ব্যৱহাৰ নিশ্চিত কৰাৰ উপায়সমূহো স্থান পায়। গুৱাহাটীৰ বিদ্যুৎ বিতৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। ইয়াৰ ভিতৰত বিদ্যুৎ যোগানৰ নিৰ্ভৰযোগ্যতা, সুৰক্ষা আৰু সামগ্ৰিক নগৰীয় বিদ্যুৎ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ভূগৰ্ভস্থ কেবল স্থাপনৰ প্ৰস্তাৱৰ ক্ষেত্ৰতো কৰা হয় আলোচনা। ইয়াৰ উপৰি, অসমত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰাকৃতিক গেছৰ অধিক ফলপ্ৰসূ ব্যৱহাৰৰ বিষয়েও দুয়োগৰাকী নেতাই আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে Urban Challenge Fund (UCF)ৰ অধীনত অসমৰ প্ৰস্তাৱৰ বিষয়েও আলোচনা কৰে। বৈঠকৰ পিছত সামাজিক মাধ্যম এক্সযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে- অসমে “শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ লগতে উপভোক্তাকেন্দ্ৰিক সংস্কাৰ আগবঢ়োৱাৰ বাবে এক উচ্চাকাংক্ষী প্ৰচেষ্টা” গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে- কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰচেষ্টাৰ প্ৰতি মন্ত্ৰালয়ৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে- Urban Challenge Fund-ৰ অধীনত অসমৰ প্ৰস্তাৱক লৈ দুয়োপক্ষৰ মাজত ইতিবাচক আলোচনা কৰা হয়। এই প্ৰকল্পৰ জৰিয়তে অসমে “স্বাস্থ্যসেৱা, ক্ৰীড়া আৰু জলবায়ু-সহনশীল আন্তঃগাঁথনি”ক কেন্দ্ৰ কৰি এক সংহত নগৰীয় পৰিসৰ গঢ়ি তোলাৰ লক্ষ্য লৈছে।
