নতুন দিল্লীত সংবাদ মেল মুখ্যমন্ত্রী ড° শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁৰ এই ভ্রমণসূচীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীসহ কেন্দ্রীয় নেতৃত্বৰ লগত হোৱা আলোচনা আৰু ইয়াৰ ফলাফল সামৰি বুধবাৰে এক সংবাদমেল সম্বোধন কৰে।সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত হোৱা ভয়াৱহ বানপানীৰ সমস্যা সন্দৰ্ভত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাৰ লগতে নৱেম্বৰ মাহত নতুন দিল্লীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অসম চৰকাৰে অনুষ্ঠিত কৰিব সেই সন্দর্ভতো আলোচনা কৰিলোঁ। উল্লেখ্য যে, ৰাজ্যৰ বানবিধ্বস্ত এলেকাৰ পুনৰ উন্নয়ন, বানপীড়িত প্রায় ৮০ হাজাৰ লোকক সহায় কৰাৰ বাবে এহাজাৰ কোটি টকাৰ সাহায্য বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনাত শেহতীয়াকৈ মিলিত হৈছিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। প্রায় ১০দিনীয়া দিল্লী ভৱনত থকা মুখ্যমন্ত্রী ড° শৰ্মাই সম্বোধন কৰা সংবাদ মেলত উল্লেখ কৰে যে ৰাজ্যৰ বানপীড়িত অঞ্চলৰ পুনৰ সংস্থাপনৰ বিষয়টো সন্দৰ্ভত গৃহমন্ত্ৰীৰ সৈতে বিস্তৃত আলাপ-আলোচনা হৈছে। সেই আলোচনাত গৃহমন্ত্ৰীগৰাকীয়ে প্রয়োজনীয় পুঁজি যোগানৰ আশ্বাস দিছে। এই প্রসংগত মুখ্যমন্ত্রীয়ে কয়- ‘বানপীড়িতৰ পুনৰ সংস্থাপনৰ বাবে এহাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব। এই ধনৰাশি কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰাৰ বাবে গৃহমন্ত্ৰীক অৱগত কৰা হৈছে আৰু এই দিশত গৃহমন্ত্রীয়ে চিন্তা-চৰ্চা কৰাৰ আশ্বাস দিছে। আনহাতে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি অসমৰ কেইবাটাও বিত্তীয় সমস্যা সন্দর্ভত আলোচনা কৰা হয়। আনহাতে শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা আলোচনাত চাৰি লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ অনুমোদন দিয়ে মন্ত্ৰীগৰাকীয়ে। চাহ শ্রমিকসকলক ভূমিপট্টা আৰু একোটাকৈ ঘৰ দিয়াৰ বাবে যি প্রতিশ্রুতি আছিল, সেই সন্দৰ্ভত মন্ত্ৰী শিৱৰাজ সিং চৌহানে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে দুই লাখ অতিৰিক্ত গৃহ আবণ্টনৰ প্রতিশ্রুতি প্রদান কৰে। এইক্ষেত্ৰত বানত ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ যি পুঁজি সেয়া গৃহ মন্ত্রালয়ে আবণ্টন দিব। এই পুঁজি গৃহমন্ত্রী অমিত শ্বাহে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিৰ সৈতে হোৱা আলোচনাত বানত বিধ্বস্ত পথৰ মেৰামতি আৰু যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ মথাউৰিৰ দৰে হৈ আছিল, সেই ঠাইপথসমূহত কালভাৰ্টৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁক উল্লেখ কৰা হৈছে। আনহাতে, প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত বান পৰিস্থিতিৰ কথা উল্লেখ কৰাৰ লগতে অহা নৱেম্বৰ মাহত নতুন দিল্লীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তীত যি সামৰণী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে, তাৰ বাবেও প্রধানমন্ত্রীক আমন্ত্রণ জনোৱা হৈছে। তদুপৰি ডিচেম্বৰ-জানুৱাৰী মাহত ছেমিকণ্ডাক্টৰ প্ৰকল্পত উৎপাদন আৰম্ভ হ’ব, এই উৎপাদনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকীক নিমন্ত্রণ জনোৱা হৈছে। কাজিৰঙা ইক’ ছেনছিটিভ জ’ন প্রসংগত শেহতীয়াকৈ সৃষ্টি হোৱা বিতর্ক সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মেলত কয়- ‘কাজিৰঙাত এতিয়া ইক’ ছেনছিটিভ জ’ন নাই আৰু কিছু লোকে এই বিষয়টো নজনাকৈয়ে পৰিৱেশ বিনষ্ট কৰিছে। ইক’ ছেনছিটিভ জ’ন স্থাপনৰ বাবে কেন্দ্ৰই আমাক অনুৰোধ কৰিছে। সাধাৰণতে মানুহে কাজিৰঙা বুলি ক’লে কঁহৰাক বুজে। কিন্তু কাজিৰঙা মানে বিশ্বনাথ, গহপুৰ, কলিয়াবৰ, বোকাখাত, কার্বি আংলঙক সামৰি আছে। প্ৰতিখন ঠাইৰ পৰা ইক’ ছেনছিটিভ জ’নৰ পৰিসীমা বেলেগ বেলেগ হ’ব। য’ত হাতী যায় তাত ইক’ ছেনছিটিভ জ’নৰ পৰিসীমা ২০ কিলোমিটাৰ হ’ব পাৰে। য’ত ব্ৰহ্মপুত্ৰ লাগি আছে তাত অতিৰিক্ত ইক’ ছেনছিটিভ জ’নৰ প্ৰয়োজন নাই। বিশেষজ্ঞ কমিটীয়েহে ইক’ ছেনছিটিভ জ’ন প্ৰস্তুত কৰিব। তাৰ পিছত নেচনেল ব্রাইল্ড লাইফ ব’ৰ্ডত আলোচনা হ’ব। কংগ্রেছে শেহতীয়াকৈ বিষয়টোক লৈ অব্যাহত থকা প্রতিবাদক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়-কাজিৰঙা কংগ্ৰেছে শেষ কৰি পেলালে। গৌৰৱ গগৈৰ পিতৃ আৰু ৫ বছৰ মুখ্যমন্ত্ৰী হৈ থকা হ’লে কাজিৰঙাত গঁড় এটাও নাথাকিলহেঁতেন। ইফালে, মেঘালয়-অসমৰ শেহতীয়া সংঘাত তথা পর্যটকক লৈ হোৱা বিতৰ্কৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়- ‘মেঘালয়ত একাংশ লোক আছে, যিসকলে অসমৰ পৰা যোৱা পৰ্যটকসকলক ভাল নাপায়। পেট্রিছিয়া মুখিমৰ দৰে বুদ্ধিজীৱী অসমত পৰ্যটকৰ বিৰুদ্ধে লিখা-মেলা কৰে। শ্বিলং এসময়ত অসমৰে ৰাজধানী আছিল। সেয়ে অসমৰ লোকে শ্বিলঙলৈ যাবলৈ ভাল পায়। কিন্তু শেহতীয়া পৰিস্থিতিৰ পিছত বিষয়টোক অন্য ধৰণে চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে। অসমৰ হাফলং, উমৰাংছ’, কাৰ্বি আংলং আদি ঠাইসমূহ উন্নয়ন কৰিব লাগিব। উমৰাংছ’ আৰু মাজুলীৰ প্ৰস্তাৱিত বিমানবন্দৰ আমাৰ কাৰ্যকালতে সম্পন্ন কৰা হ’ব। অচিৰেই উমৰাংছ’ৱে পৰ্যটনৰ দিশত শ্বিলঙৰ সৈতে প্রতিযোগিতা কৰিব পাৰিব। অসমৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিবলৈ আমি কিছু পদক্ষেপ ল’ম। কাজিৰঙাৰ সংৰক্ষণক লৈ কংগ্ৰেছকো তীব্ৰ আক্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ শাসনকালত কাজিৰঙা ধ্বংসৰ দিশে আগবাঢ়িছিল বুলি দাবী কৰি গৌৰৱ গগৈক উদ্দেশ্যি তেওঁ কয়, ‘‘আৰু পাঁচ বছৰ যদি তেওঁৰ দেউতাক অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলহেঁতেন, কাজিৰঙাত এটাও গঁড় নাথাকিলহেঁতেন।’’ কাজিৰঙা ৰক্ষা কৰিব নোৱৰাৰ বাবে কংগ্ৰেছে ক্ষমা খোজা উচিত বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। শেহতীয়াকৈ শিৱসাগৰত বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। গুৱাহাটীৰ পৰা ফৰেনছিক দলৰ লগতে এগৰাকী IGP ঘটনাস্থলীলৈ গৈছে। তদন্ত চলি থকাৰ সময়ত বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী হিচাপে মই প্রতিক্রিয়া প্রকাশ কৰা নাই। কিন্তু ইয়াৰ এক উচিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। যদি হত্যা হৈছে তেন্তে স্বাভাৱিকভাৱে একচন হ’ব।
