মানসজ্যোতিৰ মৃত্যুৰ উচ্চ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মানসজ্যোতিৰ মৃত্যুৰ উচ্চ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বন্যার্ত লোকক সহায়ৰ হাত আগবঢ়াই অহা বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়াৰ বিহুবৰত ৰহস্যজনক পথ দুর্ঘটনাত পতিত হৈ মৃত্যু হোৱাক লৈ সৃষ্টি হৈছে ৰহস্য। পথ দুর্ঘটনাত পতিত হৈ মানসজ্যোতিৰ মৃত্যু হোৱা ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি বীৰ লাচিত সেনাই তুলি অহা অভিযোগৰ পিছতে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। ইয়াৰ পূৰ্বেই মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক মৃত্যুৰ ক্ষিপ্ৰ, নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক এই নির্দেশ দিয়াৰ পাছতে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। এই অনুসৰি শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে আৰক্ষী মহাপৰিদৰ্শক (পূব মণ্ডল), উপ-মহাপৰিদৰ্শক (সদৰ) তথা গুৱাহাটীৰ পৰা যোৱা এটা বিশেষজ্ঞ ফৰেনছিক দল ঘটনাস্থলীত উপস্থিত হৈ প্রয়োজনীয় প্রমাণ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত বিহুবৰ থানাত বিএনএছৰ ১০৩ (১)/৩ (৫) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। মন কৰিবলগীয়া যে যোৱা ২৩ আগষ্টৰ নিশা মানসজ্যোতি চেতিয়াক চণ্টক-বিহুবৰৰ পথৰ প্ৰজাবস্তি স্কুলৰ সমীপত মটৰচাইকেলসহ আঘাতপ্রাপ্ত অৱস্থাত পৰি থকা দেখি এজন সহকর্মীয়ে ততালিকে চিকিৎসালয়ত ভর্তি কৰিছিল। সংকটজনক অৱস্থাত পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে কালি শেষ নিশ্বাস ত্যাগ কৰে মানসজ্যোতি চেতিয়াই। বিগত সময়ছোৱাত এম জে বুলি সকলোৰে মাজত পৰিচিত হৈ পৰা মানসজ্যোতি চেতিয়াই ১৯ জুলাইৰ প্ৰলয়ংকৰী বানত সৰ্বস্বান্ত হোৱা লোকসকলক বিভিন্ন ধৰণে সহায় কৰি আহিছিল। এনেদৰে কামত ব্ৰতী হৈ থকা মানসজ্যোতি চেতিয়াৰ এই দুর্ঘটনাজনিত মৃত্যুক সহজভাৱে ল’ব পৰা নাই বীৰ লাচিত সেনাৰ লগতে ৰাইজে। এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি বীৰ লাচিত সেনাই ইতিমধ্যে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি আহিছিল।