নেপালৰ প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ প্রধানমন্ত্রী মোদীৰ

Pc The Statesman

নেপালৰ প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ প্রধানমন্ত্রী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চুবুৰীয়া ৰাষ্ট্ৰ নেপালত হোৱা ভয়ংকৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয়ৰ গৰাহত পৰা চুবুৰীয়া ৰাষ্ট্ৰ নেপালক সকলোধৰণৰ সহায়ৰ আশ্বাস দিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। প্রলয়ংকৰী বানে বৃহৎ এলেকা ধ্বংসস্তূপত পৰিণত কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে নেপালৰ প্রধানমন্ত্রী বলেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে বার্তালাপ কৰে। বাৰ্তালাপৰ সময়ছোৱাত প্রধানমন্ত্রী মোদীয়ে ভয়াৱহ বানত ঘটা প্রাণহানিৰ ঘটনাৰ বাবে শোক প্রকাশ কৰাৰ লগতে সম্ভাব্য সকলোধৰণৰ মানসিক আৰু ত্রাণ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। এই সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে নিজৰ এক্স হেণ্ডলত কয়, নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে বান পৰিস্থিতিৰ সন্দৰ্ভত বাৰ্তালাপ কৰিলোঁ ৷ লগতে বানপানীৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছোঁ ৷ নেপালৰ এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণে নেপালৰ দুৰ্ভগীয়া লোকৰ কাষত থিয় হৈ আছে ৷ ভাৰতে নেপালক সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদান কৰিবলৈ সাজু ৷ আমাৰ উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ আৰু সাহায্যৰ ক্ষেত্ৰত সহায় কৰিব ৷  ইফালে তাৎক্ষণিক সহায় হিচাপে বানবিধ্বস্ত নেপাললৈ ভাৰতীয় বায়ুসেনা বাহিনীৰ এক বিশেষ বিমানযোগে সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আইএএফ চি-১৩০ নম্বৰৰ এখন এয়াৰক্রাফ্টে  নেপাল অভিমুখে উৰা মৰাৰ কথা। য’ত লৈ যোৱা হ’ব টেন্ট, ব্লেংকেট আদিকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্রী। ইফালে বুধবাৰে পুৱাই নেপালত অহা বানৰ বাবে বিহাৰটো হাই এলাৰ্ট জাৰি কৰা হৈছে ৷ বিহাৰ চৰকাৰ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু জিলা প্ৰশাসনে কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰিছে । ইফালে ভাৰতীয় উচ্চায়ুক্তই নেপালত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে হেল্পলাইন নম্বৰ জাৰি কৰিছে ।