নেপালৰ প্ৰলয়ংকৰী বানত ১০৫ ভাৰতীয়সহ ২৯১ বিদেশী পর্যটক নিৰুদ্দিষ্ট

Pc The Hindu

নেপালৰ প্ৰলয়ংকৰী বানত ১০৫ ভাৰতীয়সহ ২৯১ বিদেশী পর্যটক নিৰুদ্দিষ্ট

ৰঙিলী বাৰ্ত্তাসেৱা- নেপালৰ ৰছুৱা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ভোটেকোশী আৰু ত্রিশূলী নদীৰ জলস্তৰে ভয়ংকৰ ৰূপ ধাৰণ কৰি বুধবাৰে পুৱা প্রায় ৮.৩০ বজাত তিব্বতৰ দিশৰ পৰা অতর্কিত আৰু তীব্র জলস্রোতেৰে নামি আহি নিমিষতে কেইবাখনো জিলা প্লাবিত কৰি তুলিলে । ভোটে কোশী নৈৰ প্রলয়ংকৰী বানৰ পাছতে নেপালত নিৰুদ্দিষ্ট হৈ আছে ১০৫ ভাৰতীয়সহ ২৯১ বিদেশী পর্যটক। এই পর্যটকসকল নেপাললৈ গৈছিল তিব্বতৰ কৈলাস মানস সৰোবৰ দৰ্শন আৰু অৱসৰ বিনোদনৰ উদ্দেশ্যে। নেপাল পর্যটন ব’ৰ্ডে দিয়া তথ্য অনুসৰি উক্ত মুঠ ৩৮৪জন পৰ্যটকৰ বাতৰি লিখা পৰলৈকে সন্ধান পোৱা নাই। ইতিমধ্যে তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে। ‘দ্য কাঠমাণ্ডু পোষ্ট’ৰ বাতৰি অনুসৰি ইয়াৰ অধিকাংশই বুধবাৰে দিনৰ ভাগত সীমান্ত অতিক্রমি কৈলাস মানস সৰোবৰ দৰ্শনৰ উদ্দেশ্যে ৰাওনা হোৱাৰ কথা আছিল। কিন্তু তীব্র সোঁতেৰে ভোটে কোশী নৈয়ে কালৰূপ ধাৰণ কৰাৰ পিছৰে পৰা বিয়লি তিনি বজা পর্যন্ত দুই-এজনক বাদ দি কাৰো সৈতে যোগাযোগ কৰাটো সম্ভৱপৰ হৈ উঠা নাই। লক্ষণীয়ভাৱে ১০৫জন ভাৰতীয় পৰ্যটকৰ উপৰি আন নিখোজ বিদেশীসকলৰ ভিতৰত আছে এজনকৈ অষ্ট্ৰেলিয়া-নেদাৰলেণ্ডছৰ, তিনিজন আমেৰিকাৰ, ১৭জন মালয়েছিয়াৰ, ১৬জন ব্রিটেইনৰ, ৪জন দক্ষিণ আফ্ৰিকাৰ আৰু ৩৭জন অনাবাসিক ভাৰতীয় (এনআৰআই)। ইয়াৰ উপৰি আন ১১১জন বিদেশী কোন দেশৰ নাগৰিক, সেয়া বর্তমান পর্যন্ত স্পষ্ট হোৱা নাই বুলি নেপাল পৰ্যটন ব’ৰ্ডৰ তথ্যত প্রকাশ। নেপালত নিখোজ হোৱা পর্যটকসকল বিভিন্ন ট্যুৰ অপাৰেটৰৰ জৰিয়তে বুদ্ধৰ দেশখনত গৈ উপস্থিত হৈছিল। নেপাল পর্যটন ব’র্ডে এতিয়া এই ট্যুৰ অপাৰেটৰসকলৰ পৰা নিৰুদ্দিষ্ট পৰ্যটকৰ তথ্য সংগ্ৰহৰ বাবে বিষয়া-কর্মচাৰীসকলক নির্দেশ দিছে। ইয়াৰ সমান্তৰালভাৱে সংস্থাটোৱে জৰুৰীকালীন টোল-ফ্রী আৰু হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিছে। নেপাল পৰ্যটন ব’ৰ্ডৰ জৰুৰীকালীন টোল-ফ্ৰী আৰু হেল্পলাইন নম্বৰ দুটা হৈছে ক্রমে- ১২৩৪ আৰু ১১৪৪।