ডিব্ৰুগড়ত য়নেক্স চানৰাইজৰ ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ- এহেজাৰৰো অধিক খেলুৱৈৰ নাম পঞ্জীয়ন:: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত অহা ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ, ২০২৬ ৰ আয়োজন কৰা হৈছে। আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া আৰু সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াই এক সংবাদ মেলৰ জৰিয়তে জনাই যে এই প্ৰতিযোগিতাত মুঠ ১৭ খন জিলাৰ দলে অংশগ্ৰহণ কৰিছে। জিলা সমূহ হৈছে – নাজিৰা, বঙাইগাঁও, নাহৰকটীয়া, ডিব্ৰুগড়, গুৱাহাটী, লখিমপুৰ, তিনিচুকীয়া, তেজপুৰ, কাৰ্বি আংলং, ধেমাজি, গোলাঘাট, শিৱসাগৰ, যোৰহাট, নলবাৰী, কামৰূপ, ৰঙিয়া আৰু নগাঁও। ১,০০০ৰো অধিক খেলুৱৈয়ে চেম্পিয়নশ্বিপখনত নাম পঞ্জীয়ন কৰিছে, যিয়ে অসমত বেডমিণ্টনৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক প্ৰতিফলিত কৰিছে। ইয়াৰ উপৰিও, চেম্পিয়নশ্বিপৰ সৈতে সংযুক্ত হৈ পৰিচালিত হ’ব লগা ৰেফাৰী পৰীক্ষাত ৫০ জন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ’ব বুলি তেওঁলোকে জনায়। জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা শইকীয়াই জনাই যে পোন প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ নিজা ইনড’ৰ ষ্টেডিয়ামত আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে।চেম্পিয়নশ্বিপখনে ইয়াৰ পৃষ্ঠপোষকসকলৰ পৰাও মূল্যৱান সহায়-সহযোগিতা লাভ কৰিছে, যাৰ ভিতৰত আছে- ভাইজাগ বন্দৰ – ২ লাখ টকা, দীনদয়াল বন্দৰ – ২.৯৪ লাখ টকা,বাংগালোৰ বন্দৰ – ৪ লাখ টকা, জৱাহৰলাল পৰ্ট অথৰিটি আদি।ডিব্ৰুগড় জিলা স্পৰ্টছ এচ’চিয়েচনে চেম্পিয়নশ্বিপখনক এক মহৎ সফলতা প্ৰদান কৰাত সহায় কৰা সকলো পৃষ্ঠপোষক, অংশগ্ৰহণকাৰী জিলা, খেলুৱৈ, বিষয়াসকল, ৰেফাৰী, স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষীসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে। সভাপতি নিৰঞ্জন শইকীয়াই জনাই যে ২৭ আগষ্টৰ সন্ধিয়া অনুষ্ঠিত হবলগীয়া উদ্বোধনী অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।চেম্পিয়নশ্বিপখনে অসমৰ বেডমিণ্টন খেলুৱৈ সকলৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰি অহাৰ লগতে ৰাজ্যখনৰ ক্ৰীড়া মহলক আৰু শক্তিশালী কৰি তুলিছে।সংবাদ মেলত জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত আৰু বেডমিণ্টন বিভাগৰ সম্পাদক সুনীল গগৈ উপস্থিত আছিল।
